ভয়াৱহ দুৰ্ঘটনাঃ ৰখাই থোৱা ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ, তিনিজনৰ থিতাতে মৃত্যু
কাৰিকৰী বিজুতিৰ বাবে ৰখাই থোৱা এখন ট্ৰাকত দ্ৰুতবেগী বাছখনে খুন্দা মাৰে। এই দুৰ্ঘটনাত ১৩ জন লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এনে অৱস্থাত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষীয়ে আশংকা প্ৰকাশ কৰিছে।
আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত সংঘটিত হৈছে আন এক ভয়াৱহ দুৰ্ঘটনা। এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছে এক্সপ্ৰেছৱেৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে। এই ভয়াৱহ দুৰ্ঘটনাত তিনিজন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে আন ১৩ জন লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৪০ জনতকৈ অধিক লোক আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পাছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। যোৱা নিশা প্ৰায় ১ বজাত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাছখনত যাত্ৰা কৰা আটাইকেইজন লোক এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়। আহত সকলো লোককে স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে আহত কেইজনমান লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰে বাবে তেওঁলোকক শিকোহাবাদ, চৈফাই আৰু আগ্ৰাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
এই লোকসকলৰ গুৰুতৰ আঘাতৰ বাবে নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীয়ে এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত। এই ভয়ানক দুৰ্ঘটনা মাইল ষ্টোন ৫৯ৰ ওচৰত সংঘটিত হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে। স্থানীয় এগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত চাৰি ডজনৰো অধিক যাত্ৰী আহত হৈছে।
বাছখনৰ চালকজনৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে বুলিও বিষয়াগৰাকীয়ে সদৰী কৰিছে। এই বাছখন বাহৰেইচৰ দিল্লী অভিমুখে ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে। ইফালে মাইল ষ্টোন ৫৯ৰ সমীপত কোনো কাৰিকৰী সমস্যাৰ বাবে এখন ট্ৰাক ৰখাই থোৱা হৈছিল। তেনে সময়তে দ্ৰুতবেগী বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ৰখাই থোৱা ট্ৰাকখনত খুন্দা মাৰে।
ইফালে বাছখনত যাত্ৰা কৰা কেইগৰাকীমান যাত্ৰীয়ে আন এক অভিযোগ কৰিছে। তেওঁলোকৰ অভিযোগ মতে বাছখনত ৪০ জন যাত্ৰীনহয়, বৰঞ্চ এশৰো অধিক লোক আছিল। বাছখনৰ কণ্ডাক্টৰে হিচাপতকৈ অধিক যাত্ৰীক বাছখনত উঠাইছিল বুলি টেওঁলোকে লগতে কয়। দুৰ্ঘটনাৰ সময়ত সকলো যাত্ৰী শুই থকাৰ বাবে কোনো যাত্ৰীয়ে নিজকে ৰক্ষাৰ সুযোগ নাপালে বুলি যাত্ৰীসকলে লগতে কয়।
উল্লেখ্য যে ইতিপূৰ্বেও ১৮ জুলাইত আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাত দিল্লীৰ পৰা অযোধ্যা অভিমুখে গৈ থকা এখন স্ক’ৰপিঅ’বাহনে নিয়ন্ত্ৰণ হেৰুৱাই আন এখন বাহনত খুন্দা মাৰিছিল। এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পূৰ্বেও ১১ জুলাইত এখন দ্ৰুতবেগী বাহনে এখন ট্ৰাকত খুন্দা মৰাৰ ফলত বাহনখনত থকা লোক এজন্নৰ থিতাতে মৃত্যু হৈছিল।