5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

By election: সলনি বিধানসভাৰ উপ- নিৰ্বাচনৰ দিন, জানক নতুন তাৰিখ…

By election: সলনি হ'ল বিধানসভা উপ- নিৰ্বাচনৰ দিন। পূৰ্বতে ১৩ নৱেম্বৰত বিধানসভাৰ উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও আজি ১৪ টা সমষ্টিৰ বাবে নতুন দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে।

By election: সলনি বিধানসভাৰ উপ- নিৰ্বাচনৰ দিন, জানক নতুন তাৰিখ…
উপ- নিৰ্বাচন
barasha-sarma
Barasha Sarma | Published: 04 Nov 2024 15:25 PM

সলনি হ’ল উপ- নিৰ্বাচনৰ দিন। ১৪ টাকৈ বিধানসভা সমষ্টিৰ ভোট গ্ৰহণৰ দিন সলনি কৰিলে নিৰ্বাচন আয়োগে। ৪ নৱেম্বৰত এক নিৰ্দেশনাৰ জৰিয়তে এই কথা সদৰি কৰে আয়োগে। জাৰি কৰা নিৰ্দেশনাত উল্লেখ আছে যে কেৰালা, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশত ১৩ নৱেম্বৰত বিধানসভাৰ উপ- নিৰ্বাচন অনুষ্ঠিত নহয়। ইয়াৰ সলিনি এই ৰাজ্য কেইখনত ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। আয়োগে জাননীত উল্লেখ কৰে যে, বিভিন্ন উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাজ্য কেইখনত ১৩ নৱেম্বৰৰ পৰিৱৰ্তে ২০ নৱেম্বৰত ভোট দান অনুষ্ঠিত হ’ব।

 

আয়োগে কয় যে, ৩ ৰাজ্যৰ ১৪ টাকৈ বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত নহয়। ইয়াৰ বিপৰীতে ২০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হ’ল- কেৰালাৰ ৫৬ পলক্কাড, পঞ্জাৱৰ ১০- দেৰা বাবা নানাক, ৪৪- চাববেবাল,৮৪ – গিড্ডেৰবাহা, ১০৩- বাৰ্নালা আৰু উত্তৰ প্ৰদেশৰ ১৬- মীৰাপুৰ, ২৯- কুনডাৰকী, ৫৬- গাজিয়াবাদ, ৭১ – খেইৰ, ১১০- কাৰ্হাল, ২১৩- ছিছামাও, ২৫৬- ফুলপুৰ, ২৭৭- কাটেহাৰী আৰু ৩৯৭ – মাজাৱন।

উল্লেখ্য যে, ১৩ নৱেম্বৰত দেশত অনুষ্ঠিত হ’ব উপ- নিৰ্বাচন। অসমৰো ৫ টা সমষ্টিত ১৩ নৱেম্বৰতেই নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ফলাফল ঘোষণা হ’ব ২৩ নৱেম্বৰত। এইবাৰ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ৯ লাখৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । এই ৫ টা সমষ্টি – চামগুৰি, বিহালী, বঙাইগাঁও, ছিদলী আৰু ধলাই। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মুঠ ৯,১০,৬৬৫ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত ৪,৫৫,৯২৪ গৰাকী মহিলা ভোটাৰ থকাৰ বিপৰীতে ৪,৫৪,৭২২ জন পুৰুষ ভোটাৰ আছে ।

উল্লেখ্য যে, এইবাৰ দেশৰ ১৩ খন ৰাজ্যৰ ৪৭ খন বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰোপৰি লোকসভাৰ বায়নাড আসনৰ বাবে ১৩ নৱেম্বৰত ভোটদান অনুষ্ঠিত হোৱাৰ লগতে কেদাৰনাথ বিধানসভা, মহাৰাষ্ট্ৰৰ নান্দেড় লোকসভা সমষ্টিত ২০ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। এতিয়া কেদাৰনাথ আৰু নান্দেৰ সমষ্টিৰ লগতে আজি ঘোষণা কৰা ১৪ টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইতিমধ্যে নিৰ্বাচনক লৈ আৰম্ভ হৈছে প্ৰচাৰ অভিযান। অসমতো প্ৰতিটো সমষ্টি নিজৰ হাতলৈ আনিবলৈ শাসকীয় পক্ষৰ সকলো মন্ত্ৰী- বিধায়ক নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। ইয়াৰ বিপৰীতে বিৰোধিয়েও আসনসমূহ নিজৰ দখললৈ আনিবলৈ সকলো ধৰণৰ চেষ্টায়ে কৰি আছে। গতিকে পৰৱৰ্তী সময়ত দেখা যাব কোনটো দলে কিমান আসন নিজৰ হাতলৈ আনিব পাৰে।

Latest News