নতুন আয়কৰ বিধেয়কে পালে কেবিনেটৰ অনুমোদন, মধ্যবিত্তই লাভ কৰিব ডাঙৰ সকাহ
বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন বিধেয়কখন ঘোষণা কৰে। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুলাই মাহৰ বাজেটত আয়কৰ আইন, ১৯৬১ৰ বিস্তৃত পৰ্যালোচনা ঘোষণা কৰা হৈছিল। ছয় দশক পুৰণি আয়কৰ আইন ১৯৬১ৰ ঠাইত নতুন আয়কৰ বিধেয়কখনে প্ৰত্যক্ষ কৰ আইন পঢ়িবলৈ সহজ কৰি তুলিব। লগতে অস্পষ্টতা আঁতৰাই পেলাব আৰু গোচৰৰ সংখ্যা হ্ৰাস কৰিব।
![নতুন আয়কৰ বিধেয়কে পালে কেবিনেটৰ অনুমোদন, মধ্যবিত্তই লাভ কৰিব ডাঙৰ সকাহ নতুন আয়কৰ বিধেয়কে পালে কেবিনেটৰ অনুমোদন, মধ্যবিত্তই লাভ কৰিব ডাঙৰ সকাহ](https://images.assamtv9.com/uploads/2025/02/income-tax-2-1.webp?w=1280)
শুকুৰবাৰে নতুন আয়কৰ বিধেয়কত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে । ইয়াৰ দ্বাৰা ৬ দশক পুৰণি আইটি আইনখনৰ ঠাই ল’ব। সূত্ৰ অনুসৰি অহা সপ্তাহত লোকসভাত দাখিল কৰা হ’ব নতুন আয়কৰ বিধেয়ক । ইয়াৰ পিছত সংসদৰ বিত্ত সমিতিৰ স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হ’ব। উল্লেখ্য যে সংসদৰ বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন বিধেয়কখন ঘোষণা কৰে।
নতুন বিধেয়কখন প্ৰত্যক্ষ কৰ আইনখন সহজে বুজিবলৈ আৰু কোনো নতুন কৰ বোজা জাপি নিদিয়াৰ বাবে এক বিশেষ ব্যৱস্থা। য’ত কোনো বিধান আৰু ব্যাখ্যা বা কঠিন বাক্য নাথাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন আয়কৰ বিধেয়কত অনুমোদন জনাইছে কেবিনেটে । সংসদৰ চলিত বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰিব ১৩ ফেব্ৰুৱাৰীত। ১০ মাৰ্চৰ পৰা পুনৰ আৰম্ভ হ’ব এই অধিৱেশন ৪ এপ্ৰিললৈকে চলিব।
পঢ়িবলৈ আৰু বুজিবলৈ সহজ হ’ব আয়কৰ আইন
বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন বিধেয়কখন ঘোষণা কৰে। ইয়াৰ পূৰ্বে ২০২৪ চনৰ জুলাই মাহৰ বাজেটত আয়কৰ আইন, ১৯৬১ৰ বিস্তৃত পৰ্যালোচনা ঘোষণা কৰা হৈছিল। ছয় দশক পুৰণি আয়কৰ আইন ১৯৬১ৰ ঠাইত নতুন আয়কৰ বিধেয়কখনে প্ৰত্যক্ষ কৰ আইন পঢ়িবলৈ সহজ কৰি তুলিব। লগতে অস্পষ্টতা আঁতৰাই পেলাব আৰু গোচৰৰ সংখ্যা হ্ৰাস কৰিব।
নতুন আইনখনে সেই সকলো সংশোধনী আৰু ধাৰাৰ পৰা মুক্ত হ’ব যিবোৰ অপ্ৰাসংগিক । লগতে ইয়াৰ শব্দ গাঁথনি এনেকুৱা হ’ব যে কৰ বিশেষজ্ঞৰ সহায় অবিহনেও মানুহে সহজে বুজিব পাৰিব। লগতে আয়কৰ আইনখনৰ বিভিন্ন দিশৰ পৰ্যালোচনাৰ বাবে ২২খন বিশেষ উপ-সমিতি গঠন কৰা হৈছে। এই সন্দৰ্ভত জনসাধাৰণৰ পৰা তথ্য আৰু পৰামৰ্শ বিচৰা হৈছিল। আয়কৰ আইন পুনৰীক্ষণ সন্দৰ্ভত আয়কৰ বিভাগে লাভ কৰিছে ৬৫০০ টা পৰামৰ্শ।
মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে ডাঙৰ ৰেহাই
একে সময়তে ২০২৫ চনৰ বাজেটত চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ অন্তৰ্গত লোকসকলক ডাঙৰ শিথিলতা প্ৰদান কৰিছে। নতুন টেক্স স্লেবৰ অধীনত যদি আপোনাৰ মুঠ আয় ১২.৭ লাখ টকা হয় তেন্তে আপুনি কোনো ধৰণৰ কৰ দিব নালাগিব। ইয়াৰ অধীনত ৬০ হাজাৰ টকা পৰ্যন্ত সঞ্চয় হ’ব। ইয়াৰ উপৰিও ধাৰা 87Aৰ অধীনত উপলব্ধ ৰেহাই ৬০ হাজাৰ টকালৈ বৃদ্ধি কৰিছে চৰকাৰে। পূৰ্বে এই ৰেহাই আছিল ২৫ হাজাৰ টকা।