শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘মিঞা-তিয়ান’ বা ‘পাকিস্তানী’ আদি শব্দই ধৰ্মীয় অনুভূতিক আঘাত কৰেনে ? কি ক’লে উচ্চতম ন্য়ায়ালয়ে ?

উচ্চতম ন্যায়ালয়ে কয় যে, ‘মিঞা-তিয়ান’ বা ‘পাকিস্তানী’ আদি শব্দই কেতিয়াও ধৰ্মীয় অনুভূতিক আঘাত নকৰে । কিন্তু ই নিম্ন ৰুচিবোধৰ পৰিচয় বহন কৰে ।

‘মিঞা-তিয়ান’ বা ‘পাকিস্তানী’ আদি শব্দই ধৰ্মীয় অনুভূতিক আঘাত কৰেনে ? কি ক’লে উচ্চতম ন্য়ায়ালয়ে ?
উচ্চতম ন্যায়ালয়
manas-borah
Manas Borah | Published: 04 Mar 2025 18:11 PM

এগৰাকী চৰকাৰী কৰ্মচাৰীক ‘পাকিস্তানী’ বুলি কোৱাৰ এক গোচৰত মঙলবাৰে ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে । এই গোচৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে কয় যে, ‘মিঞা-তিয়ান’ বা ‘পাকিস্তানী’ আদি শব্দই কেতিয়াও ধৰ্মীয় অনুভূতিক আঘাত নকৰে । কিন্তু ই নিম্ন ৰুচিবোধৰ পৰিচয় বহন কৰে । শীৰ্ষ আদালতৰ ৰায়টোত কোৱা হৈছে যে, কাৰোবাক ‘মিঞা-তিয়ান’ বা ‘পাকিস্তানী’ বুলি কোৱাটো ধৰ্মী অনুভূতিক আঘাত কৰা অপৰাধৰ সমান নহয় ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে গোচৰটোৰ ওপৰত ৰায় প্ৰদান কৰে। ঝাৰখণ্ডৰ উৰ্দু অনুবাদক আৰু আৰ টি আই বিভাগৰ দায়িত্বত থকা এজন কেৰাণীয়ে ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰি এজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ।

চৰকাৰী কৰ্মচাৰীগৰাকীয়ে অভিযোগ কৰিছিল যে, তেওঁ নিজেই অভিযুক্তৰ ওচৰলৈ গৈ তথ্য লাভৰ অধিকাৰ আইনৰ অধীনত কিছু তথ্য দিছিল। কিন্তু, অভিযুক্তই প্ৰথমে তেওঁৰ পৰা নথি-পত্ৰ ল’বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত তেওঁৰ ধৰ্মীয় আৱেগক আঘাত কৰা মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰে।

চাৰি বছৰ পূৰ্বে সংঘটিত ঘটনাটোত সেই সময়ত ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগ, শান্তি ভংগৰ বাবে উচটনি দিয়াৰ অভিযোগ, চৰকাৰী কৰ্মচাৰীক বাধা দিয়াৰ অভিযোগ। সেই অভিযোগৰ পৰা মুক্তি পাবলৈ অভিযুক্তই ঝাৰখণ্ড আদালতৰ কাষ চাপিছিল যদিও অভিযোগৰ পৰা মুক্ত নোহোৱাত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

গোচৰটো সামৰণি মাৰি উচ্চতম ন্যায়ালয়ে কয় যে, “চৰকাৰ কৰ্মীজনক ‘মিঞা-তিয়ান’ বা ‘পাকিস্তানী’ বুলি মন্তব্য কৰি ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে আবেদনকাৰীৰ বিৰুদ্ধে । নিঃসন্দেহে এনে মন্তব্য অতি কম ৰুচিবোধৰ পৰিচয় বহন কৰে । কিন্তু ই ধৰ্মীয় আৱেগক আঘাত কৰা নাছিল।”