শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Cancer Vaccine: শীঘ্ৰেই দেশত উপলব্ধ হ’ব কৰ্কট ৰোগৰ ভেকচিন, সবিশেষ তথ্য প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰীৰ…

Cancer Vaccine: দেশত কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধিৰ বাবে উদ্বেগ প্ৰকাশ কৰি ৰাজ্যিক মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে কয়, দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা । এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰই । চিকিৎসালয়খনত ৩০ বছৰৰ ওপৰৰ মহিলাৰ পৰীক্ষা কৰা হ’ব। প্ৰথম পৰ্যায়তে কেন্সাৰ ধৰা পেলাব পৰাকৈ এটা ডেকেয়াৰ কেন্সাৰ চেণ্টাৰ গঠন কৰা হ’ব।

Cancer Vaccine:  শীঘ্ৰেই দেশত উপলব্ধ হ’ব কৰ্কট ৰোগৰ ভেকচিন, সবিশেষ তথ্য প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰীৰ…
ভেকচিন
trishna-kalita
Trishna Kalita | Published: 20 Feb 2025 10:32 AM

কৰ্কট ৰোগৰ বিৰুদ্ধে চলি থকা যুঁজত এখোজ আগুৱাই গৈছে ভাৰত। আগন্তুক পাঁচ-ছয় মাহৰ ভিতৰত সাজু হ’ব মহিলাৰ কৰ্কট ৰোগৰ ভেকচিন । ৯ৰ পৰা ১৬ বছৰৰ ভিতৰৰ ছোৱালীয়ে লাভ কৰিব এই ভেকচিন। এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ।

বৰ্তমান সময়ত বহু মহিলা স্তন কেন্সাৰত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। লগতে বৃদ্ধি পাইছে মুখমণ্ডল আৰু জৰায়ুৰ কৰ্কট ৰোগ। এতিয়া মহিলা কৰ্কট ৰোগৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে কেন্দ্ৰ। এই যুঁজত জয় হ’বলৈ ভেকচিন প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰই। এই সন্দৰ্ভত ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপ ৰাৱে কয় যে কৰ্কট ৰোগৰ ভেকচিনৰ পৰীক্ষাৰ অন্ত পৰাৰ পথত। ইয়াৰ বাবে চলি আছে ট্ৰায়েল। সেই পৰীক্ষা শেষ হোৱাৰ পিছতহে দেশৰ ৯ৰ পৰা ১৬ বছৰ বয়সৰ ছোৱালীয়ে লাভ কৰিব এই ভেকচিন। এই ভেকচিনে স্তন, মুখ আৰু ছাৰ্ভাইকেল কেন্সাৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। ৫-৬ মাহৰ ভিতৰত এই ভেকচিন উপলব্ধ হ’ব বুলি আশাবাদী কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

দেশত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা । এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰই । চিকিৎসালয়খনত ৩০ বছৰৰ ওপৰৰ মহিলাৰ পৰীক্ষা কৰা হ’ব। প্ৰথম পৰ্যায়তে কেন্সাৰ ধৰা পেলাব পৰাকৈ এটা ডেকেয়াৰ কেন্সাৰ চেণ্টাৰ গঠন কৰা হ’ব। তেওঁ লগতে কয় যে কেন্সাৰ ঔষধৰ কেন্দ্ৰীয় শুল্কও প্ৰত্যাহাৰ কৰা হৈছে।

এইবাৰ বাজেট দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্পষ্ট কৰি দিছে যে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে কেন্দ্ৰই । কেন্দ্ৰীয় বাজেটত কেন্সাৰকে ধৰি একাধিক ৰোগৰ ৩৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত ১০০ শতাংশ কৰ ৰেহাই ঘোষণা কৰা হৈছে। লগতে তেওঁ ঘোষণা কৰে যে সমগ্ৰ দেশতে ২০০টা কেন্সাৰ চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হ’ব।