ভয়ংকৰ! পিকআপ ভেনৰ সৈতে হোৱা সংঘৰ্ষত জীৱন্তে জ্বলিল ৬ জন…

এক ভয়ংকৰ অগ্নিকাণ্ড! বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত অগ্নিদগ্ধ হয় ৬ জনকৈলোক। এই ঘটনাৰই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ভয়ংকৰ! পিকআপ ভেনৰ সৈতে হোৱা সংঘৰ্ষত জীৱন্তে জ্বলিল ৬ জন...

উত্তৰ প্ৰদেশ

Published: 

02 Feb 2025 09:11 AM

এক ভয়ংকৰ অগ্নিকাণ্ড। শনিবাৰে নিশা এখন পিকআপ ভেনত এখন চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত প্ৰচণ্ড অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই ঘটনাৰ ফলত গাড়ীচালক জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে আৰু আন কেইবাজন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বদায়ু জিলাৰ কদৰ চক থানা এলেকাত। ঘটনাৰ বিৱৰণী অনুসৰি দুৰ্ঘটনাৰ ফলত গাড়ীখনত থকা চিলিণ্ডাৰ বিস্ফোৰণ হয়, যাৰ ফলত উপ পৰিদৰ্শক, কনিষ্টবল আৰু আন ৪ জন লোক অগ্নিদগ্ধ হয়। এই ঘটনাৰ লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে জনাই যে শনিবাৰে নিশা ৯ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয়। পিকআপ ভেন আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ এজনলোকৰ থিতাতে জ্বলি ছাই হৈ যায়। আৰক্ষীৰ মতে, গাড়ীখনত অগ্নিসংযোগ হোৱাৰ লগে লগে ৪জনলোক বাহৰিলৈ ওলাই আহিব চেষ্টা কৰিছিল। কিন্তু তেতিয়াই গাড়ীখনত থকা চিলিণ্ডাৰ বিস্ফোৰণ হয় যাৰ ফলত জন উপ-পৰিদৰ্শক আৰু এজন কনিষ্টবলকে ধৰি মুঠ ৬ জন লোক অগ্নিদগ্ধ হয়। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে আহতসকলক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কাদৰ চক থানাৰ ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’) উদয়ৱৰ সিঙে জনোৱা মতে, শনিবাৰে নিশা প্ৰায় ৯ বজাত উঝানি পথৰ ককোৰা গাঁৱৰ সমীপত এখন পিক আপ বাহন আৰু ইকো গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত গাড়ীখন পথৰ কাষত থকা খাৱৈত পৰি জুই লাগে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে জনাই যে,  এই ঘটনাৰ ফলত গাড়ীচালকজনৰ থিতাতে মৃত্যু হয়। এতিয়ালৈকে গাড়ী চালকজনক চিনাক্ত কৰিব পৰা হোৱা নাই। অৱশ্যে গাড়ীৰ নম্বৰ প্লেটৰ তথ্য অনুসৰি গাড়ীৰ মালিৰ পৰিচয় উদ্ধাৰ কৰা হৈছে।  আনহাতে বাকী কেইজন বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। বৰ্তমান আটাইকেইজন সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে। আৰক্ষীয়ে জনাই যে, এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে তেওঁলোক ঘটনাস্থলীত উপস্থিত হৈ আহতৰ লগতে নিহতক উদ্ধাৰৰ চেষ্টা চলায়। ইফালে ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে  তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য জানিব পৰা যাব।

দেৱী সৰস্বতী বিবাহিত নে অবিবাহিত?
সৰস্বতী পূজাৰ দিনা কি কি খাব নালাগে, জানেনে?
তীৰ্থ যাত্ৰাত হোৱা মৃত্যুই কিহৰ সংকেত দিয়ে জানেনে?
সৰস্বতী পূজাত কেনেধৰণৰ মেখেলা-চাদৰ পিন্ধিব বিচাৰি পোৱা নাই নেকি? অভিনেত্ৰীসকলৰ পৰা লওক আইডিয়া