বতৰৰ বাবে নহয়, তেন্তে কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল CDS বিপিন ৰাৱটৰ হেলিকপ্টাৰ? সংসদত দাখিল কৰা প্ৰতিবেদনক লৈ চাঞ্চল্য

২০২১ চনত,দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা সংসদীয় সমিতিয়ে ৮ ডিচেম্বৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। য'ত দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ হিচাপে মানৱীয় ত্ৰুটি উল্লেখ কৰা হৈছে। দুৰ্ঘটনাটোত জেনেৰেল ৰাৱাটৰ পত্নীকে ধৰি ১২জন লোক নিহত হৈছিল।

বতৰৰ বাবে নহয়, তেন্তে কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল CDS বিপিন ৰাৱটৰ হেলিকপ্টাৰ? সংসদত দাখিল কৰা প্ৰতিবেদনক লৈ চাঞ্চল্য

কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হৈছিল CDS বিপিন ৰাৱটৰ হেলিকপ্টাৰ?

Updated On: 

20 Dec 2024 17:35 PM

কেনেকৈ মৃত্যু হৈছিল দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটৰ? ৰাৱটৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা সংসদীয় সমিতিৰ প্ৰতিবেদনে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, ৮ ডিচেম্বৰ ২০২১ তাৰিখে সংঘটিত Mi-17 V5 হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাৰণ হিচাপে “মানৱীয় ত্ৰুটি”ক দোষাৰোপ কৰিছে। তামিলনাডুৰ কুনুৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল সামৰিক হেলিকপ্টাৰখন । হেলিকপ্টাৰত থকা CDS ৰাৱাট, তেওঁৰ পত্নীকে ধৰি সকলোৰে মৃত্যু হৈছিল।

মঙলবাৰে সংসদত উত্থাপন কৰা প্ৰতিবেদনত, প্ৰতিৰক্ষা সম্পৰ্কীয় স্থায়ী সমিতিয়ে ত্ৰয়োদশ প্ৰতিৰক্ষা পৰিকল্পনাৰ সময়ছোৱাত ভাৰতীয় বায়ু সেনাৰ বিমানৰ সৈতে সংঘটিত দুৰ্ঘটনাৰ সংখ্যাৰ তথ্য প্ৰকাশ কৰে। প্ৰতিবেদন অনুসৰি ২০১৭ চনৰ পৰা ২০২২ চনলৈ মুঠ ৩৪টা দুৰ্ঘটনা সংঘটিত হৈছিল।

ইয়াৰ ভিতৰত আছে ২০২১-২২ বৰ্ষত ৯খন আইএএফ বিমান দুৰ্ঘটনা আৰু ২০১৮-১৯ বৰ্ষত ১১খন বিমান দুৰ্ঘটনা। প্ৰতিবেদনত এয়াও প্ৰকাশ পাইছে যে এই সকলোবোৰ ঘটনা মানৱীয় ত্ৰুটিৰ বাবে সংঘটিত হৈছে। জেনেৰেল ৰাৱাটৰ হেলিকপ্টাৰখন তামিলনাডুৰ কুনুৰৰ ওচৰৰ এখন পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তিনি বছৰৰ পিছত, প্ৰতিৰক্ষা সম্পৰ্কীয় স্থায়ী সমিতিৰ প্ৰতিবেদনখন লোকসভাত উত্থাপন কৰা হয়। য’ত ঘটনাটোৰ কাৰণ ‘মানৱীয় ত্ৰুটি’ বুলি বৰ্ণনা কৰা হৈছে।

ঘটনাটোৰ তদন্ত কৰি থকা কৰ দলটোৱে প্ৰথমতে কৈছিল যে উপত্যকাৰ বতৰৰ পৰিস্থিতিৰ অপ্ৰত্যাশিতভাৱে পৰিৱৰ্তনৰ বাবে ডাৱৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত দুৰ্ঘটনাটো সংঘটিত হৈছিল। যাৰ বাবে পাইলটজনে সঠিক অৱস্থান বিচাৰি উলিয়াব পৰা নাছিল আৰু পথ হেৰুৱাইছিল। অনুসন্ধানকাৰী দলে দুৰ্ঘটনাটোৰ আটাইতকৈ সম্ভাৱ্য কাৰণটো বিচাৰি উলিয়াবলৈ ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট ভইচ ৰেকৰ্ডাৰ পৰীক্ষা কৰিছিল। ইয়াৰ উপৰিও দলটোৱে উপলব্ধ সকলো সাক্ষীক সোধা পোছা কৰিছিল। তাৰ পিছত সম্পূৰ্ণ তথ্য উপস্থাপন কৰা হৈছে।

দুৰ্ঘটনাটো ক’ত সংঘটিত হৈছিল?

২০২১ চনৰ ৮ ডিচেম্বৰত দেশৰ প্ৰথমগৰাকী CDS মুৰব্বী জেনেৰেল বিপিন ৰাৱাটে তেওঁৰ পত্নী মধুলিকা আৰু আন ১২জন সশস্ত্ৰ বাহিনীৰ জোৱানৰ সৈতে তামিলনাডুৰ কইম্বাটুৰৰ চুলুৰ বায়ু সেনা ঘাটিৰ পৰা ৱেলিংটনৰ ডিফেন্স চাৰ্ভিছ ষ্টাফ কলেজলৈ গৈ আছিল। তেওঁলোক Mi-17 V5 হেলিকপ্টাৰত এই যাত্ৰা কৰিছিল। দুৰ্ঘটনাটো নিহত হৈছিল হেলিকপ্টাৰখনত থকা সকলো লোক।

ৰাৱাটে যাত্ৰা কৰা হেলিকপ্টাৰখন কেনে আছিল?

জেনেৰেল বিপিন ৰাৱাটে যাত্ৰা কৰা এমআই-17ভি5 হেলিকপ্টাৰখন ভিভিআইপি হেলিকপ্টাৰ আছিল। য’ত ২টা ইঞ্জিন থাকে। সেনাই এই হেলিকপ্টাৰখন দুৰ্গম অঞ্চলৰ বাবে ব্যৱহাৰ কৰে। এইখন পৃথিৱীৰ আটাইতকৈ উন্নত পৰিবহন হেলিকপ্টাৰ। এই হেলিকপ্টাৰখন সেনা আৰু অস্ত্ৰ পৰিবহন, ফায়াৰ চাপৰ্ট, টহল, অনুসন্ধান আৰু উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হয়।

নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক
এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস!
অৱসৰৰ পিছতে কন্যাৰ পৰা অশ্বিনে পালে এনে বিশেষ উপহাৰ, লাভ কৰিছে ব্যাপক চৰ্চা