5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অহা বছৰৰ পৰা আৰম্ভ হ’ব লোকপিয়লঃ পূৰ হ’ব নেকি বিৰোধীৰ জাতি লোকপিয়লৰ দাবী!

অহা বছৰৰ পৰা অৰ্থাৎ ২০২৫ চনৰ পৰা দেশত আৰম্ভ হ’ব লোকপিয়ল। ২০২৫ চনৰ পৰা আৰম্ভ হোৱা এই লোকপিয়ল ২০২৬ চনত অন্ত পৰিব। উল্লেখ্য যে পৰম্পৰাগত নিয়মানুসাৰে গত ২০২১ চনতে দেশত লোকপিয়ল সম্পন্ন হ’ব লাগিছিল। কিন্তু সেইসময়ত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ভিদ মহামাৰীয়ে বিৰাজ কৰাৰ বাবে লোকপিয়ল পিছুৱাই দিব লগা হৈছিল।

অহা বছৰৰ পৰা আৰম্ভ হ’ব লোকপিয়লঃ পূৰ হ’ব নেকি বিৰোধীৰ জাতি লোকপিয়লৰ দাবী!
অহা বৰ্ষত হ’ব লোকপিয়ল
monjit-dutta
Monjit Dutta | Published: 28 Oct 2024 10:47 AM

কেইবা বছৰৰ বিৰতিৰ পিছত অৱশেষত দেশত পুনৰ আৰম্ভ হ’ব লোকপিয়ল। আজি লোকপিয়ল সন্দৰ্ভত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ ওলাইছে। চৰকাৰী সূত্ৰ মতে, অহা বছৰৰ পৰা অৰ্থাৎ ২০২৫ চনৰ পৰা দেশত আৰম্ভ হ’ব লোকপিয়ল। ২০২৫ চনৰ পৰা আৰম্ভ হোৱা এই লোকপিয়ল ২০২৬ চনত অন্ত পৰিব। উল্লেখ্য যে পৰম্পৰাগত নিয়মানুসাৰে গত ২০২১ চনতে দেশত লোকপিয়ল সম্পন্ন হ’ব লাগিছিল। কিন্তু সেইসময়ত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ভিদ মহামাৰীয়ে বিৰাজ কৰাৰ বাবে লোকপিয়ল পিছুৱাই দিব লগা হৈছিল।

ক’ভিদৰ পিছতো গত কেইবছৰত লোকপিয়ল সন্দৰ্ভত ব্যাপক আলোচনা হৈছলি যদিও লোকপিয়ল কেতিয়া হ’ব সেই বিষয়ে চৰকাৰে কোনো ঘোষণা কৰা নাছিল। অৱশেষত অহা বৰ্ষত দেশত লোকপিয়ল আৰম্ভ হ’ব বুলি এতিয়া খবৰ পোহৰলৈ আহিছে। আগন্তুক এই লোকপিয়লৰ পিছত দেশত এতিয়া লোকপিয়লৰ চক্ৰটোও সলনি হ’ব। প্ৰতি ১০ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা লোকপিয়ল এতিয়া পৰৱৰ্তী সময়ত ২০৩৫ চনত অনুষ্ঠিত হ’ব।

এতিয়ালৈকে ১৯৯১, ২০০১, ২০১১ চনৰ দৰে দশকৰ আৰম্ভণিতে প্ৰতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হৈছিল। কিন্তু এতিয়া ২০২৫ চনৰ পিছত পৰৱৰ্তী লোকপিয়ল ২০৩৫, ২০৪৫, ২০৫৫ চনত অনুষ্ঠিত হ’ব। লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পিছতে লোকসভাৰ আসনৰ সীমা নিৰ্ধাৰণৰ কাম আৰম্ভ হ’ব। ২০২৮ চনৰ ভিতৰত সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

লক্ষণীয়ভাৱে কংগ্ৰেছসহ দেশৰ বহু বিৰোধী দলে জাতি লোকপিয়লৰ দাবী উত্থাপন কৰি আহিছে। বিগত লোকসভা নিৰ্বাচনত জাতি লোকপিয়লৰ বিষয়টোক কংগ্ৰেছে অন্যতম এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে উপস্থাপন কৰিছিল। বিৰোধীৰ এই দাবী সন্দৰ্ভত অৱশ্যে এইপৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এতিয়া আগন্তুক লোকপিয়লত বিৰোধীৰ এই দাবীয়ে পূৰ্ণতা পাবনে সেয়া হ’ব লক্ষণীয়।

সাধাৰণতে লোকপিয়লত ধৰ্ম আৰু শ্ৰেণীৰ প্ৰসঙ্গ থাকে। এইবাৰ লোকপিয়লত সম্প্ৰদায় সন্দৰ্ভতো পৃথকে পিয়ল হ’ব পাৰে। অৰ্থাৎ ধৰ্ম, শ্ৰেণীৰ লগতে এইবাৰ সম্প্ৰদায়ৰ ভিত্তিত লোকপিয়লৰ বিষয়েও চৰকাৰে বিবেচনা কৰিব পাৰে। অৱশ্যে এই সন্দৰ্ভতো এতিয়ালৈকে কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ পোৱা নাই।

উল্লেখ যে ১৮৭২ চনত গৱৰ্ণৰ জেনেৰেল লৰ্ড মেয়’ৰৰ কাৰ্যকালত ভাৰতত প্ৰথম লোকপিয়ল কৰা হৈছিল। ইয়াৰ আয়ুক্ত ডব্লিউ.চি. প্ল’ডেনৰ দ্বাৰা ১৮৮১ চনত ভাৰতৰ দ্বিতীয় লোকপিয়ল কৰা হৈছিল। ইয়াৰ পিছত ১০ বছৰৰ মূৰে মূৰে ভাৰতত লোকপিয়ল হৈ আহিছে। আনহাতে ১৯৫১ চনত স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়ল কৰা হৈছিল। স্বাধীনতাৰ পিছৰে পৰা ভাৰতত এইপৰ্যন্ত ছবাৰ লোকপিয়ল কৰা হৈছে।

Latest News