দেশত পুনৰ হ’ব নেকি লকডাউন! HMPV ভাইৰাছৰ আতংক সন্দৰ্ভত কি ক’লে চৰকাৰে?
HMPV ভাইৰাছ ভাৰতৰ বাবে কিমান চিন্তাৰ বিষয়, সেই লৈ সকলোৰে মনত প্ৰশ্ন উদয় হৈছে। এই প্ৰশ্নৰ বাবেই ক’ভিডৰ সময়ত দেশত লকডাউন ঘোষণা কৰাৰ দৰে পুনৰ লকডাউনৰ ঘোষণা কৰা হ’ব নেকি বুলিও একাংশই চৰ্চা চলাইছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে HMPV সম্পৰ্কে বাৰ্তা জাৰি কৰে।
চীনত উৎপন্ন হোৱা আন এক ভাইৰাছে এইবাৰ আতংকৰ সৃষ্টি কৰিছে বিশ্বত। সম্প্ৰতি চীনত এই হিউমেন মেটাপনিউমোভাইৰাছ (human metapneumovirus), চমুকৈ HMPV নামৰ এই ভাইৰাছবিধে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ভাইৰাছবিধক কেন্দ্ৰ কৰি ভাৰততো আতংকৰ সৃষ্টি হৈছে। তাৰ মাজতে আজি কৰ্ণাটকত এই ভাইৰাছত আক্ৰান্ত দুটি শিশু ধৰা পৰিছে। এতিয়া এই ভাইৰাছে দেশত পুনৰ ক’ভিডৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব নেকি, সেই সন্দৰ্ভত ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
এই HMPV ভাইৰাছ ভাৰতৰ বাবে কিমান চিন্তাৰ বিষয়, সেই লৈ সকলোৰে মনত প্ৰশ্ন উদয় হৈছে। এই প্ৰশ্নৰ বাবেই ক’ভিডৰ সময়ত দেশত লকডাউন ঘোষণা কৰাৰ দৰে পুনৰ লকডাউনৰ ঘোষণা কৰা হ’ব নেকি বুলিও একাংশই চৰ্চা চলাইছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে HMPV সম্পৰ্কে বাৰ্তা জাৰি কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই HMPV দেশৰ বাবে চিন্তনীয় হয় নে নহয় সেই সন্দৰ্ভত মুকলিকৈ উল্লেখ কৰিছে।
উল্লেখ্য যে ২০১৯-২০ বৰ্ষত চীনত প্ৰথম ক’ভিড সংক্ৰমণৰ বিষয়ে বহু লোকে চৰ্চা কৰিছে। ২০১৯ চনৰ নৱেম্বৰ মাহত চীনত প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী ধৰা পৰে। আৰু ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতত প্ৰথমজন ক’ভিড আক্ৰান্ত ৰোগী ধৰা পৰিছিল। ইয়াৰ পিছত দেশজুৰি সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশজোৰা লকডাউন ঘোষণা কৰা হৈছিল। এতিয়া পুনৰ এবাৰ এনে হোৱাৰ আশংকা কৰিছে একাংশই।
পিছে এনে সম্ভাৱনা পোনচাটেই নাকচ কৰিছে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ (ICMR) আৰু কেন্দ্ৰই। HMPVক কেন্দ্ৰ কৰি আতংকিত হ’বলগীয়া কোনো কথা নাই বুলি ICMR আৰু কেন্দ্ৰই নিশ্চিত কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই এই সন্দৰ্ভত কয়, “স্বাস্থ্য বিশেষজ্ঞসকলে HMPV নতুন ভাইৰাছ নহয় বুলি জানিবলৈ দিছে। ২০০১ চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছ চিনাক্ত কৰা হৈছিল।”
বহুদিনৰ পৰাই বিশ্বজুৰি এই ভাইৰাছ আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে যিকোনো বয়সৰ লোক HMPVত আক্ৰান্ত হ’ব পাৰে যদিও চিন্তাৰ কোনো কথা নাই বুলি সদৰী কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু ICMR- এ এই বিষয়ত নিৰীক্ষণ কৰি আছে বুলিও জানিবলৈ দিয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকিয়ে। একে সময়তে চীনৰ পৰিস্থিতিৰ ওপৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলিও তেওঁ কয়।