দেশত ১৫৬বিধ ঔষধ নিষিদ্ধ কৰিলে চৰকাৰেঃ তালিকাত আছে পেইন কিলাৰৰ পৰা মাল্টি ভিটামিনলৈ…

দেশত প্ৰচলিত মুঠ ১৫৬ বিধ ঔষধৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। জ্বৰ, চৰ্দি, এলাৰ্জী আৰু বিষৰ বাবে ব্যৱহাৰ কৰা এন্টিবেক্টেৰিয়েল ঔষধকে ধৰি বহুলভাৱে প্ৰচলন হৈ থকা ফিক্সড ড’জ কম্বিনেচন (FDC) ঔষধ নিষিদ্ধ কৰিছে কেন্দ্ৰই।

দেশত ১৫৬বিধ ঔষধ নিষিদ্ধ কৰিলে চৰকাৰেঃ তালিকাত আছে পেইন কিলাৰৰ পৰা মাল্টি ভিটামিনলৈ…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

24 Aug 2024 06:48 AM

জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দেশত প্ৰচলিত মুঠ ১৫৬ বিধ ঔষধৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। জ্বৰ, চৰ্দি, এলাৰ্জী আৰু বিষৰ বাবে ব্যৱহাৰ কৰা এন্টিবেক্টেৰিয়েল ঔষধকে ধৰি বহুলভাৱে প্ৰচলন হৈ থকা ফিক্সড ড’জ কম্বিনেচন (FDC) ঔষধ নিষিদ্ধ কৰিছে কেন্দ্ৰই। এই ঔষধসমূহ সেৱন কৰিলে জনসাধাৰণৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে বুলি স্বাস্থ্য মন্ত্ৰালয়ে আশংকা প্ৰকাশ কৰিছে। এই ফিক্সড ড’জ কম্বিনেচন (FDC) ঔষধত অধিক ঔষধৰ মিশ্ৰণ থাকে।

কেন্দ্ৰই নিষিদ্ধ ঘোষণা কৰা এই ঔষধৰ তালিকাখনত মেফেনামিক এচিড পেৰাচিটামল ইনজেকচন, চেটিৰিজিন এইচচিএল পেৰাচিটামল ফেনাইলফ্ৰিন এইচচিএল, লেভ’চেটিৰিজিন ফেনিলেফ্ৰিন এইচচিএল পেৰাচিটামল, পেৰাচিটামল ক্ল’ৰফেনিৰামাইন মেলেট, ফেনাইল প্ৰ’পেন’লামাইন আৰু কেমাইলফিন ডাইহাইড্ৰ’ক্লৰাইড ২৫ মিলিগ্ৰাম পেৰাচিটামল ৩০০ মিলিগ্ৰামো অন্তৰ্ভুক্ত কৰা হৈছে।

জ্বৰ আৰু বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ লগতে চুলি আৰু ছালৰ যত্নত ব্যৱহৃত কিছুমান ঔষধো নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে। একেদৰে এন্টিএলাৰ্জিক আৰু মাল্টিভিটামিন হিচাপে ব্যৱহাৰ কৰা ঔষধো আছে এই নিষিদ্ধ ঔষধৰ তালিকাত। কেন্দ্ৰীয় চৰকাৰে লগতে পেৰাচিটামল, ট্ৰেমাডল, ট’ৰিন আৰু কেফেইনৰ সংমিশ্ৰণতো নিষেধাজ্ঞা আৰোপ কৰে।

চৰকাৰে এই ঔষধ ব্যৱহাৰ নকৰিবলৈ আৰু ইয়াৰ ঠাইত উপলব্ধ অন্যান্য ঔষধ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক উদ্দেশ্যি পৰামৰ্শ আগবঢ়াইছে। লক্ষণীয়ভাৱে যোৱা বছৰো কেন্দ্ৰীয় চৰকাৰে বহু ঔষধৰ প্ৰচলন দেশত নিষিদ্ধ কৰিছিল। সেই সময়তো এই ঔষধবোৰৰ ব্যৱহাৰে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰে সকীয়াই দিছিল। আনহাতে এইবাৰ নিষিদ্ধ কৰা কিছুমান ঔষধৰ নিৰ্মাণ বহু পূবেই বন্ধ কৰি দিয়া হৈছিল।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা এই ফিক্সড ড’জ কম্বিনেচন মেডিচিন (FDC) এটাতকৈ অধিক ঔষধৰ সংমিশ্ৰণৰ পৰা তৈয়াৰ কৰা হয়। অৰ্থাৎ এই এটা ঔষধত তিনিওবিধ ঔষধৰ মিশ্ৰণ থাকে। দিল্লীৰ চফদৰজং চিকিৎসালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ যুগল কিশোৰে জানিবলৈ দিয়া মতে বিশ্বত হাজাৰ হাজাৰ প্ৰকাৰৰ ফিক্সড ড’জ কম্বিনেচন মেডিচিন (FDC) ঔষধ উপলব্ধ আছে।

এই ঔষধবোৰ গুৰুতৰ ৰোগৰ চিকিৎসাধীন আৰু সাধাৰণ ঔষধৰ দ্বাৰা ফল নোপোৱা ৰোগীসকলক দিয়া হয় বুলি ডাঃ যুগল কিশোৰে উল্লেখ কৰে। কিন্তু এই ঔষধৰ ব্যৱহাৰত বহু অসুবিধাও আছে বুলি তেওঁ লগতে সকীয়াই দিছে।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে