One Nation One Election: ‘এক দেশ, এক নিৰ্বাচন’ৰ বাবে সাজু কেন্দ্ৰঃ সোমবাৰে লোকসভাত দাখিল কৰিব পাৰে বিধেয়ক…
বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায় ‘এক জাতি, এক নিৰ্বাচন’ৰ বিধেয়কত। তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে বিধেয়কখনৰ খচৰা ইতিমধ্যে লোকসভালৈ প্ৰেৰণ কৰিছে। একে সময়তে এতিয়া চৰকাৰে ‘এক জাতি, এক নিৰ্বাচন’ৰ সৈতে জড়িত দুখন বিধেয়ক লোকসভাত দাখিল কৰিবলৈ সাজু হৈছে।
‘এক দেশ, এক নিৰ্বাচন’ৰ বাবে ক্ৰমাৎ অধিক তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। বৃহস্পতিবাৰে ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে ‘এক জাতি, এক নিৰ্বাচন’ৰ বাবে বিধেয়কখনত অনুমোদন জনায়। একে সময়তে এতিয়া চৰকাৰে ‘এক জাতি, এক নিৰ্বাচন’ৰ সৈতে জড়িত দুখন বিধেয়ক লোকসভাত দাখিল কৰিবলৈ সাজু হৈছে। তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে বিধেয়কখনৰ খচৰা ইতিমধ্যে লোকসভালৈ প্ৰেৰণ কৰিছে। এই দুয়োখন বিধেয়ক কেন্দ্ৰীয় চৰকাৰে সোমবাৰে লোকসভাত দাখিল কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।
এই বিধেয়কৰ জৰিয়তে সংবিধানত দুটা মূল পৰিৱৰ্তন কৰা হ’ব। ইয়াৰ জৰিয়তে ১২৯ সংখ্যক সাংবিধানিক সংশোধনী আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী আৰু জম্মু-কাশ্মীৰৰ আইনৰ পৰিৱৰ্তন হ’ব। সেই উদ্দেশ্যে চৰকাৰে এক দেশ, এক নিৰ্বাচনৰ সৈতে জড়িত দুখন বিধেয়ক ক্ৰমে কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৪ আৰু সংবিধান (এশ উনবিংশ সংশোধনী) বিধেয়ক, ২০২৪ সংসদত উত্থাপন কৰিব।
অহা সপ্তাহত সংসদত ইয়াৰ সৈতে জড়িত এখন বিধেয়ক দাখিল কৰি সংবিধানৰ চাৰিটা অনুচ্ছেদৰ সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াব চৰকাৰে। এই চাৰিটা অনুচ্ছেদ হৈছে ক্ৰমে ৮২এ, ৮৩, ১৭২ আৰু ৩২৭। সংবিধান সংশোধনী বিধেয়কত নতুন অনুচ্ছেদ ৮২এ (লোকসভা আৰু সকলো বিধানসভাৰ বাবে একেলগে নিৰ্বাচন)ৰ অন্তৰ্ভুক্তি আৰু অনুচ্ছেদ ৮৩ (সংসদৰ সদনৰ কাৰ্যকাল), অনুচ্ছেদ ১৭২ (ৰাজ্য বিধানসভাৰ কাৰ্যকাল) আৰু অনুচ্ছেদ ৩২৭ (সংশোধনীৰ প্ৰস্তাৱ) সংশোধন কৰিব বিচৰা হৈছে।
আনহাতে সংবিধানৰ ৩২৭ নং অনুচ্ছেদত ‘সমষ্টিৰ সীমা নিৰ্ধাৰণ’ৰ স্থানত ‘একেলগে নিৰ্বাচন অনুষ্ঠিত কৰা’ বাক্যাংশৰ ব্যৱহাৰ কৰা হ’ব। কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ আইন, ১৯৬৩ৰ ৫ নং ধাৰা আৰু দিল্লী ৰাজধানী ৰাজ্য চৰকাৰ আইন, ১৯৯১ৰ ৫ নং ধাৰা সংশোধন কৰি একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে কেন্দ্ৰই। একেদৰে জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন ২০১৯ৰ ১৭ নং ধাৰাও সংশোধন কৰা হ’ব যাতে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব পাৰে।
বিধেয়কখনত ২০৩৪ চনৰ পিছত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰে কয় যে ১৯৫১-৫২, ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত লোকসভা আৰু সকলো ৰাজ্যিক বিধানসভাৰ সাধাৰণ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছিল। কিন্তু ১৯৬৮ আৰু ১৯৬৯ চনত একাংশ বিধানসভা অকালতে ভংগ হোৱাৰ বাবে লোকসভাৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ চক্ৰ ব্যাহত হৈ পৰে।
‘এক দেশ, এক নিৰ্বাচন’ৰ লক্ষ্য সন্দৰ্ভত পৰামৰ্শৰ বাবে বিগত বৰ্ষৰ ২ ছেপ্টেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছিল। বিশদ আলোচনাৰ অন্তত কমিটীয়ে চলিত বৰ্ষৰ ১৪ মাৰ্চত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰত পৰামৰ্শ দাখিল কৰে।