২০৩৪ত আৰম্ভ হ’ব নতুন পৰম্পৰা! ‘এক দেশ এক নিৰ্বাচন’ সন্দৰ্ভত চৰকাৰে লৈছে বৃহৎ পদক্ষেপ
কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ পৰামৰ্শৰ ভিত্তিত এতিয়া ২০৩৪ চনত লোকসভা আৰু সকলো ৰাজ্য বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ২০২৯ চনৰ পূৰ্বে সংসদত এখন বিধেয়ক গৃহীত কৰি প্ৰয়োজনীয় সাংবিধানিক আৰু আইনী সংশোধনী কৰা হ’ব।

এক দেশ এক নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ
‘এক দেশ এক নিৰ্বাচন’ৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰে গঠন কৰা উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চৰ পৰামৰ্শৰ ভিত্তিত এতিয়া ২০৩৪ চনত লোকসভা আৰু সকলো ৰাজ্য বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ২০২৯ চনৰ পূৰ্বে সংসদত এখন বিধেয়ক গৃহীত কৰি প্ৰয়োজনীয় সাংবিধানিক আৰু আইনী সংশোধনী কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে ২০৩৪ চনত একেলগে নিৰ্বাচনৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ ২০২৯ চনৰ পৰা ২০৩৪ চনৰ ভিতৰত বিধানসভাসমূহৰ কাৰ্যকাল কিদৰে সামঞ্জস্যপূৰ্ণ কৰা হ’ব, সেই সন্দৰ্ভত এক বিশদ ৰ’ডমেপ প্ৰস্তুত কৰিছে।
চৰকাৰে এই দিশত আগবঢ়াৰ বাবে এক টাস্ক ফ’ৰ্চ প্ৰস্তুত কৰিছে আৰু টাস্ক ফ’ৰ্চে ২০২৯ চনৰ পৰা জনজাগৰণ অভিযান আৰম্ভ কৰাৰ বাবেও প্ৰতিবেদন দিছে। আগন্তুক ২০২৯ চনৰ পৰা এই জনজাগৰণ অভিযান আৰম্ভ কৰা হ’ব। এই অভিযানত সাধাৰণ জনতাৰ লগতে বেচৰকাৰী সংস্থা, সামাজিক সংগঠন আৰু বুদ্ধিজীৱীসকল জড়িত হ’ব। ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক এতিয়াও যুটীয়া সংসদীয় সমিতিৰ বিবেচনাত আছে যদিও কেন্দ্ৰই গ্ৰহণ কৰিছে এই পদক্ষেপ।
এনে পদক্ষেপৰ অধীনত ২০২৯ চনত লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অন্ধ্ৰ প্ৰদেশ, ওড়িশা, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ২০২৯ চনৰ পৰা ২০৩৪ চনলৈ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহৰ কাৰ্যকাল ২০৩৪ চনলৈ বৃদ্ধি কৰা হ’ব। ২০৩৪ চনত প্ৰথমবাৰৰ বাবে দেশজুৰি সমান্তৰালভাৱে অনুষ্ঠিত হ’ব লোকসভা আৰু বিধানসভা নিৰ্বাচন।
২০৩৪ চনৰ পূৰ্বে যিকোনো বিধানসভাৰ কাৰ্যকাল শেষ হ’লে স্থায়ী বা অন্তৱৰ্তীকালীন ব্যৱস্থাৰ জৰিয়তে নিৰ্বাচন পিছুৱাই দিব পৰা যাব বুলিও টাস্ক ফ’ৰ্চৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ বাবে এক বিশদ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু এই প্ৰতিবেদন ৰাজ্য চৰকাৰ, সংগঠন আৰু সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ আগবঢ়োৱা হ’ব। টাস্ক ফ’ৰ্চৰ পৰামৰ্শ মতে কেন্দ্ৰীয় চৰকাৰে ৫টা গুৰুত্বপূৰ্ণ বিষয়ত জনসমৰ্থন সংগ্ৰহ কৰিব-
১/ নিৰ্বাচনী খৰচ আৰু প্ৰশাসনিক খৰচ কিদৰে হ্ৰাস পাব
২/ শাসন আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেনেকৈ স্থিতিশীলতা বৃদ্ধি কৰিব পাৰি
৩/ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত নীতিগত সমন্বয়
৪/ ভোটাৰৰ অংশগ্ৰহণ কেনেকৈ বৃদ্ধি কৰিব পাৰি
৫/ দেশৰ অৰ্থনীতিত ইয়াৰ কি ইতিবাচক প্ৰভাৱ পৰিব
‘এক দেশ এক নিৰ্বাচন’ৰ সপোন ২০৩৪ চনত বাস্তৱায়িত হ’ব পাৰে, কিন্তু ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ব্যাপক সহমত, আইনী সংশোধনী আৰু শক্তিশালী জনসমৰ্থনৰ প্ৰয়োজন হ’ব। চৰকাৰে এই প্ৰক্ৰিয়াটোক কেৱল ৰাজনৈতিক ৰূপে নহয়, ৰাজহুৱা আলোচনা আৰু সংস্কাৰৰ প্ৰক্ৰিয়া হিচাপে আগুৱাই নিব বিচাৰে। এই সন্দৰ্ভত বিধেয়ক প্ৰস্তুত কৰিবলৈ গঠন কৰা যুটীয়া সংসদীয় সমিতিৰ বৈঠক অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব।