সন্ত্ৰাসবাদী, মাওবাদী, নক্সালবাদী আৰু উগ্ৰবাদীৰ মাজত পাৰ্থক্য কি? জানক উত্থানৰ ইতিহাস
কেন্দ্ৰ চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা নক্সালবাদীক নিৰ্মূল কৰাৰ লক্ষ্য লৈছে । আহক জানো নক্সালবাদী, উগ্ৰপন্থী, মাওবাদী আৰু সন্ত্ৰাসবাদীৰ মাজত কি পাৰ্থক্য ? তেওঁলোকে কেনেকৈ বেলেগ বেলেগ নাম পালে আৰু তেওঁলোকৰ ইতিহাস কি?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৫ চনৰ ২১ মাৰ্চত ৰাজ্যসভাত দাবী কৰিছিল যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ নিৰ্মূল হ’ব । ইয়াৰ পিছত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে মঙলবাৰে (২৫ মাৰ্চ ২০২৫) লোকসভাত কয় যে ২০১৪-১৫ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ১৯৬.২৩ কোটি টকা মুকলি কৰা হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীলৈ । কেন্দ্ৰৰ লক্ষ্য ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা নক্সালবাদীক নিৰ্মূল কৰা । আহক জানো নক্সালবাদী, উগ্ৰপন্থী, মাওবাদী আৰু সন্ত্ৰাসবাদীৰ মাজত কি পাৰ্থক্য ? তেওঁলোকে কেনেকৈ বেলেগ বেলেগ নাম পালে আৰু তেওঁলোকৰ ইতিহাস কি?
পশ্চিম বংগত নক্সালবাদৰ আৰম্ভণি
নক্সাল বা নক্সালবাদী, মাওবাদী, উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদীৰ মাজত পাৰ্থক্য আছে । নক্সালবাদ হৈছে পশ্চিম বংগৰ মাটিৰ মালিকৰ বিৰুদ্ধে কৃষকৰ আন্দোলনৰ সৈতে জড়িত এক মতাদৰ্শ । সেয়া ১৯৬০ চনৰ কথা । বংগৰ দাৰ্জিলিং জিলাত অৱস্থিত নক্সালবাৰীত কানু সন্যালৰ সৈতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতা চাৰু মজুমদাৰে চৰকাৰ আৰু মাটিৰ মালিকৰ বিৰুদ্ধে কৃষক বিদ্ৰোহৰ নেতৃত্ব দিবলৈ আৰম্ভ কৰে ।
এই নক্সালবাৰীৰ বিদ্ৰোহে যুৱক-যুৱতী আৰু গ্ৰাম্য জনসাধাৰণক গভীৰভাৱে কঁপাই তুলিছিল আৰু সময়ৰ লগে লগে বিহাৰ আৰু ঝাৰখণ্ডলৈও তেনেধৰণৰ আন্দোলন বিয়পি পৰিছিল । তাৰ পিছত ওড়িশা, অন্ধ্ৰ প্ৰদেশ আনকি মহাৰাষ্ট্ৰতো মানুহে এই অত্যাচাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে । ইয়াৰ জৰিয়তে দৰিদ্ৰ আৰু ভূমিহীন কৃষকৰ দাবী উত্থাপন কৰা হৈছিল । এই আন্দোলনটোক নক্সাল আন্দোলন বুলি কোৱা হৈছিল আৰু ইয়াৰ লগত জড়িত লোকসকলক নক্সালবাদী বুলি কোৱা হৈছিল ।
মাও চে টুঙৰ মতাদৰ্শত বিশ্বাসী সকলেই মাওবাদী
নামটোৱেই সকলো কথা কোৱাৰ দৰে মাওবাদ আধুনিক চীনৰ প্ৰতিষ্ঠাপক মাও চে টুঙৰ মতাদৰ্শৰ সৈতে জড়িত । মাওৰ মতাদৰ্শই হিংসাক সমৰ্থন কৰে । মাওৰ মতাদৰ্শ অনুসৰণ কৰি চৰকাৰৰ বিৰুদ্ধে সংগ্ৰামত অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰাসকলক মাওবাদী বুলি কোৱা হৈছিল ।
বহু সময়ত মানুহে মাওবাদ আৰু নক্সালবাদক একে বুলি গণ্য কৰাৰ ভুল কৰে । আচলতে নহয় । দুয়োটা কমিউনিষ্ট মতাদৰ্শৰ সৈতে জড়িত হ’লেও ইহঁতৰ স্বভাৱ বেলেগ । চীনত মাওৰ নেতৃত্বত চলা বিপ্লৱক মাওবাদৰ পিতৃ বুলি গণ্য কৰা হয় । ১৯৬২ চনত চীনৰ সৈতে হোৱা যুদ্ধৰ পিছত ভাৰতত মাওবাদী মতাদৰ্শই গতি লাভ কৰিছিল ।
নক্সালবাদ আৰু মাওবাদ দুয়োটা হিংসাৰ আধাৰত আন্দোলন হ’লেও আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ’ল নক্সালবাৰীত উন্নয়নৰ অভাৱ আৰু দৰিদ্ৰতাৰ বাবেই নক্সালবাদৰ জন্ম হৈছিল । আনহাতে, মাওবাদ এক বিদেশী ৰাজনৈতিক মতাদৰ্শ ।
লক্ষ্যত উপনীত হ’বলৈ হিংসাৰ আশ্ৰয় লোৱা সকল উগ্ৰপন্থী
উগ্ৰবাদৰ সৰল অৰ্থ হ’ল নিজৰ লক্ষ্যত উপনীত হ’বলৈ হিংসাৰ আশ্ৰয় লোৱা । এইটো এটা বহল শব্দ আৰু নক্সালবাদ, মাওবাদ আদি ইয়াৰ উদাহৰণ । খালিস্তানৰ দাবীক লৈ ভাৰতত হোৱা হিংসাই হওক বা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা হিংসাই হওক, সকলো উগ্ৰবাদ । এনে কামত জড়িত লোকসকলক উগ্ৰপন্থী বুলি কোৱা হয় । উগ্ৰবাদ আচলতে যিকোনো মতাদৰ্শৰ পৰা অনুপ্ৰাণিত হ’ব পাৰে । অৱশ্যে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰি উগ্ৰপন্থী গোটসমূহক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে ।
সন্ত্ৰাসমূলক কাৰ্য কৰাসকলক সন্ত্ৰাসবাদী বুলি কোৱা হয়
আমি সন্ত্ৰাসবাদৰ অৰ্থ কাৰোবাক আতংকিত কৰা বা ভয় খুওৱা বুলি স্পষ্টকৈ ক’ব পাৰো । এই কাম কৰা লোকসকলক সন্ত্ৰাসবাদী বুলি কোৱা হয়, যিয়ে নিজৰ সঠিক বা ভুল লক্ষ্যত উপনীত হ’বলৈ হিংসাৰ আশ্ৰয় লয় । সন্ত্ৰাসবাদীয়ে কোনো এখন দেশ বা চৰকাৰৰ বিৰুদ্ধে গৈ হিংসাৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে । সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ মাজত এটা পাৰ্থক্য হ’ল উগ্ৰপন্থীসকলৰ প্ৰতি স্থানীয় জনসাধাৰণৰ সমৰ্থন থাকে । সন্ত্ৰাসবাদীয়ে স্থানীয় জনসাধাৰণকো লগত লৈ যোৱাটো প্ৰয়োজনীয় নহয় । সন্ত্ৰাসবাদীক আন এখন দেশৰ বিৰুদ্ধে পৰোক্ষ যুদ্ধৰ বাবেও ব্যৱহাৰ কৰিব পাৰে ।
সন্ত্ৰাসবাদৰ ইতিহাস যথেষ্ট পুৰণি । ফৰাচী বিপ্লৱৰ সময়ত এই শব্দৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয় । আধুনিক সন্ত্ৰাসবাদৰ উৎপত্তি ১৮ শতিকাত বুলি ধাৰণা কৰা হয় ।