দুৰ্যোগ প্ৰশমন, সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ১,১১৫ কোটি টকা অনুমোদন কেন্দ্ৰৰ…
দুৰ্যোগ প্ৰশমন আৰু সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ১০০০ কোটি টকা অনুমোদন জনাইছে কেন্দ্ৰই । এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে দুৰ্যোগ প্ৰশমন আৰু সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ১০০০ কোটি টকাৰ অনুমোদন জনাইছে।
দেশৰৰ ১৫ খন ৰাজ্যৰ বিভিন্ন দুৰ্যোগ প্ৰশমন আৰু সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ১০০০ কোটি টকা অনুমোদন জনাইছে কেন্দ্ৰই । এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে দুৰ্যোগ প্ৰশমন আৰু সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ১০০০ কোটি টকাৰ অনুমোদন জনাইছে। কমিটীয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকক প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ বাবে আন এক প্ৰকল্পত মুঠ ১১৫.৬৭ কোটি টকা অনুমোদন জনায়।
চৰকাৰী বিবৃতি অনুসৰি, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বাবে ১৩৯ কোটি টকাকৈ, মহাৰাষ্ট্ৰৰ বাবে ১০০ কোটি টকা, কৰ্ণাটক আৰু কেৰালাৰ বাবে ৭২ কোটি টকাকৈ, তামিলনাডু আৰু পশ্চিম বংগৰ বাবে ৫০ কোটি টকাকৈ অনুমোদন জনোৱা হৈছে । ইয়াৰ সমান্তৰালভাৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, আৰু ত্ৰিপুৰাৰ বাবে ৩৭৮ কোটি টকাকৈ অনুমোদন জনোৱা হৈছে ।
উল্লেখ্য যে, কেন্দ্ৰীয় বিত্ত আৰু কৃষি মন্ত্ৰী আৰু নিটি আয়োগৰ উপাধ্যক্ষৰে গঠিত সমিতিখনে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (এনডিএমএফ)ৰ পৰা ১৫খন ৰাজ্যৰ ভূমিস্খলনৰ আশংকা হ্ৰাস কৰাৰ বাবে পুঁজিৰ অনুমোদৰ প্ৰস্তাৱ বিবেচনা কৰে। একেদৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকক প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ আন এটা প্ৰস্তাৱো বিবেচনা কৰে।
ইয়াৰ পূৰ্বে সমিতিখনে মুঠ ৩০৭৫.৬৫ কোটি টকা ব্যয়ৰে সাতখন চহৰত নগৰীয়া বানৰ বিপদ প্ৰশমন প্ৰকল্প আৰু চাৰিখন ৰাজ্যত মুঠ ১৫০ কোটি টকা ব্যয় সাপেক্ষে হিমবাহৰ বানৰ বিপদ প্ৰশমন প্ৰকল্পত অনুমোদন জনাইছিল। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশত দুৰ্যোগ ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।
ভাৰতত দুৰ্যোগৰ আশংকা হ্ৰাস কৰি দুৰ্যোগৰ সময়ত কোনো ধৰণৰ ক্ষয়-ক্ষতি ৰোধৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি বিবৃতিত প্ৰকাশ কৰা হৈছে । উল্লেখ্য যে, মোদী চৰকাৰৰ অধীনত চলিত বৰ্ষৰ ভিতৰত ৰাজ্যসমূহলৈ ইতিমধ্যে ২১,৪৭৬ কোটিতকৈ অধিক টকা মুকলি কৰি দিয়া হৈছে।
ইয়াৰ ভিতৰত আছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ২৬খন ৰাজ্যলৈ ১৪,৮৭৮.৪০ কোটি টকা, এনডিআৰএফৰ পৰা ১৫খন ৰাজ্যলৈ ৪,৬৩৭.৬৬ কোটি টকা, ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ১১ খন ৰাজ্যলৈ ১,৩৮৫.৪৫ কোটি টকা আৰু এনডিএমএফৰ পৰা ৬ খন ৰাজ্যলৈ ৫৭৪.৯৩ কোটি টকা মুকলি কৰি দিয়া হৈছে ।
INPUT-PTI