Chandrayaan 5: চীনৰ শত্ৰুৰ ৰাষ্ট্ৰৰে হাত মিলাই চন্দ্ৰ অভিযানৰ বাবে সাজু ভাৰত
চন্দ্ৰযান-৪ ৰ সমান্তৰালভাৱে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-৫ৰ বাবেও সাজু হৈছে। জানিব পৰা মতে, কেন্দ্ৰই এই অভিযানৰ বাবে ISRO ক প্ৰয়োজনীয় অনুমতি প্ৰদান কৰিছে। উল্লেখ্য যে, জাপানৰ সৈতে যৌথ সহযোগিতাত চন্দ্ৰযান-৫ অভিযান আৰম্ভ কৰিব ভাৰতে ।

প্ৰতীকী ফটো
আকৌ নতুন চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰত। যোৱা বছৰ চন্দ্ৰযান-৩ ৰ সফলতাৰ পিছত সমগ্ৰ বিশ্বতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ISRO য়ে। সেই সফলতাৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-৪ অভিযানৰ প্ৰস্তুতি আৰম্ভ কৰে। ইতিমধ্যে এই অভিযানৰ বাবে কেন্দ্ৰৰ অনুমোদন লাভ কৰিছে ISRO য়ে । সকলো ঠিকে থাকিলে ২০২৭ চনত আকাশ স্পৰ্শ কৰিব চন্দ্ৰযান-৪ য়ে।
চন্দ্ৰযান-৪ ৰ সমান্তৰালভাৱে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-৫ৰ বাবেও সাজু হৈছে। জানিব পৰা মতে, কেন্দ্ৰই এই অভিযানৰ বাবে ISRO ক প্ৰয়োজনীয় অনুমতি প্ৰদান কৰিছে। উল্লেখ্য যে, জাপানৰ সৈতে যৌথ সহযোগিতাত চন্দ্ৰযান-৫ অভিযান আৰম্ভ কৰিব ভাৰতে ।
ইয়াৰ পূৰ্বে ISRO য়ে চন্দ্ৰযান-৩ৰ সৈতে ‘প্ৰজ্ঞান’ নামৰ ৰভাৰখন চন্দ্ৰত অন্বেষণ আৰু প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। সংস্থাটোৰ মতে, সেই ‘প্ৰজ্ঞান’ৰ ওজন আছিল প্ৰায় ২৫ কেজি। কিন্তু চন্দ্ৰযান-৫ অভিযানত এই ৰভাৰৰ ওজন প্ৰায় ১০ গুণ বৃদ্ধি হ’বলৈ গৈ আছে। এইবাৰ ২৫০ কেজি ওজনৰ এখন ৰভাৰ লৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৫।
এই নতুন অভিযানৰ বিষয়ে ISRO ৰ মুৰব্বী ভি নাৰায়ণনে কয়, “চন্দ্ৰযান-৫ অভিযানৰ অনুমোদন মাত্ৰ তিনিদিন পূৰ্বে কেন্দ্ৰৰ পৰা লাভ কৰিছে। জাপান এৰোস্পেচ এক্সপ্লৰেচন এজেন্সীৰ(Japan Aerospace Exploration Agency) সৈতে যৌথ পদক্ষেপত এই অভিযান আৰম্ভ কৰা হ’ব।”
মন কৰিবলগীয়া যে, ISRO য়ে চন্দ্ৰৰ পৃষ্ঠভাগ অধ্যয়নৰ বাবে বছৰ বছৰ ধৰি চন্দ্ৰযান কাৰ্যসূচী চলাই আহিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ২০০৮ চনত প্ৰথম চন্দ্ৰযান-১ সফলতাৰে উৎক্ষেপণ কৰে। তাৰ পিছত চন্দ্ৰযান-২ অভিযান আৰম্ভ হয়, কিন্তু সেয়া সফল নহ’ল। ইয়াৰ পিছত ২০২৩ চনত চন্দ্ৰযান-৩ সফল হয়।