শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৱাকফ আইন স্থগিত ৰখাৰ ক্ষমতা আদালতৰ নাই: উচ্চতম ন্যায়ালয়ত নিজৰ স্থিতি স্পষ্ট কৰিলে কেন্দ্ৰই…

বিগত কেইবা সপ্তাহ ধৰি ৱাকফ বিষয়ক লৈ কেন্দ্ৰীয় আৰু উচ্চতম ন্যায়ালয়ৰ মাজত মতানৈক্য চলি আছে। শেহতীয়াকৈ ৱাকফৰ শুনানিৰ সময়ত  নতুনকৈ সংশোধিত আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ।

ৱাকফ আইন স্থগিত ৰখাৰ ক্ষমতা আদালতৰ নাই: উচ্চতম ন্যায়ালয়ত নিজৰ স্থিতি স্পষ্ট কৰিলে কেন্দ্ৰই…
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 26 Apr 2025 16:51 PM

সংশোধিত ৱাকফ আইনক লৈ এতিয়াও গৰম হৈ আছে ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে সংশোধিত ৱাকফ আইন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে কেন্দ্ৰই । শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ৱাকফ বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰে।  ৱাকফক সম্পূৰ্ণ সমৰ্থন আগবঢ়াই কেন্দ্ৰৰ দাবী, যিকোনো পৰিস্থিতিত ৱাকফৰ ওপৰত জাৰি কৰা যিকোনো অন্তৱৰ্তীকালীন বা সম্পূৰ্ণ স্থগিতাদেশৰ বিৰোধিতা কৰিব।

লগতে দাবী কৰে যে আইনগতভাৱে ৱাকফ এখন স্থায়ী আইন। এই আইনখন যুটীয়া সমিতিৰ পৰামৰ্শৰ পিছত গৃহীত কৰা হয়। যাৰ বাবে আনকি আদালতৰ ওচৰত এই সংশোধিত আইনখন স্থগিত ৰখাৰ ক্ষমতা নাই। সংসদে প্ৰণয়ন কৰা আইন এখনৰ ওপৰত সাময়িকভাৱে স্থগিতাদেশ জাপি দিয়াৰ অৰ্থ আচলতে ক্ষমতাৰ ভাৰসাম্য বিঘ্নিত কৰা।

বিগত কেইবা সপ্তাহ ধৰি ৱাকফ বিষয়ক লৈ কেন্দ্ৰীয় আৰু উচ্চতম ন্যায়ালয়ৰ মাজত মতানৈক্য চলি আছে। শেহতীয়াকৈ ৱাকফৰ শুনানিৰ সময়ত  নতুনকৈ সংশোধিত আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে । মূলতঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ৱাকফ বা ৱাকফ পৰিষদৰ অমুছলমান সদস্যক লৈ হোৱা বিতৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰৱৰ্তী শুনানিলৈকে অস্থায়ীভাৱে স্থগিতাদেশ জাৰি কৰিছিল।

এই ঘটনাৰ পিছতে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই ন্যায়পালিকাক আক্ৰমণ কৰি কয়, “উচ্চতম ন্যায়ালয়ে যদি আইন প্ৰণয়ন কৰিব বিচাৰে তেন্তে দেশত সংসদৰ প্ৰয়োজন নাই। সেয়ে সংসদ বন্ধ কৰি দিব লাগে।” উল্লেখ্য যে,  কিছুদিন পূৰ্বেও দিল্লী বিশ্ববিদ্যালয়ত নিশিকান্তৰ মন্তব্যৰ সমৰ্থনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে কৈছিল, “সংবিধানত সংসদৰ ওপৰত কোনো কৰ্তৃত্বৰ কল্পনা কৰা হোৱা নাই।” সংসদ হৈছে সৰ্বোচ্চ আৰু চূড়ান্ত সিদ্ধান্ত।’ এতিয়া সেই বিতৰ্কৰ মাজতে ৱাকফক লৈ মুখ খুলিছে কেন্দ্ৰই ।