5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Doctor case: চাৰিওফালে তেজৰ চেকুৰা! মাতৃৰ চিকিৎসা ভালদৰে নকৰাৰ অভিযোগ চিকিৎসকক ৭বাৰকৈ ছুৰীৰে প্ৰহাৰ…

Chennai doctor attack case: চেন্নাইৰ এখন হাস্পাতালত এজন চিকিৎসকক ছুৰীৰে আক্ৰমণ কৰে ৰোগীৰ পুত্ৰই। এই ঘটনাৰ ফলত চিকিৎসকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। হৃদৰোগী চিকিৎসকগৰাকী বৰ্তমান অৱস্থা সংকটজনক।

Doctor case: চাৰিওফালে তেজৰ চেকুৰা! মাতৃৰ চিকিৎসা ভালদৰে নকৰাৰ অভিযোগ চিকিৎসকক ৭বাৰকৈ ছুৰীৰে প্ৰহাৰ…
প্ৰতীকি ফটো
barasha-sarma
Barasha Sarma | Published: 14 Nov 2024 13:23 PM

পুনৰ দেশত সংঘটিত হৈছে চিকিৎসক আক্ৰমণৰ ঘটনা। মাতৃৰ চিকিৎসা ভালদৰে নকৰাৰ অভিযোগত এজন চিকিৎসক কেইবাবাৰো চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এজনে। তামিলনাডুৰ ৰাজধানী চেন্নাইত সংঘটিত হৈছে এই নৃশংস ঘটনা। জানিব পৰা মতে অভিযুক্ত পুত্ৰই চিকিৎসকজনক চোকা অস্ত্ৰৰে ৭ বাৰকৈ প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলায়। যাৰ বাবে চিকিৎসকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। মহিলা ৰোগীৰ পুত্ৰই চিকিৎসকজন প্ৰহাৰ কৰাৰ লগে লগে তেওঁ চিঞৰ বাখৰ কৰে আৰু পৰৱৰ্তী সময়ত হাস্পাতালৰ আন কৰ্মচাৰীসকল আহি তেওঁক ৰক্ষা কৰে।

এই ঘটনা সংঘটিত হৈছে চেন্নাইৰ কলাইগনাৰ চেণ্টেনাৰী ছুপাৰ স্পেচিয়েলিটি হাস্পতালত। ঘটনাৰ বিৱৰণী অনুসৰি কিছুদিন আগতে এগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মহিলাগৰাকীৰ সৈতে তেওঁৰ পুত্ৰও আছিল যদিও চিকিৎসালয়খনত মাকৰ চিকিৎসাক লৈ তেওঁ সুখী নাছিল। তাৰ পাছতে বুধবাৰে যুৱকজনে এক অঘটন সংঘটিত কৰে। প্ৰথম অৱস্থাত মহিলা ৰোগীগৰাকীৰ পুত্ৰই বহিঃৰোগী কক্ষৰ ভিতৰলৈ গৈ চিকিৎসকৰ সৈতে মাকৰ চিকিৎসা সন্দৰ্ভত কথা পাতে আৰু হঠাতে চিকিৎসকজনত ছুৰীৰে আক্ৰমণ কৰে। আক্ৰমণকাৰীজন বিগনেশ বুলি চিনাক্ত হৈছে।

অভিযুক্ত পুত্ৰ বিগনেশে চিকিৎসকৰ ডিঙিত, কাণ, বুকু, কপাল, পিঠি, মূৰ আৰু পেটৰ পিছফালে ছুৰীৰে ৭ বাৰকৈ প্ৰহাৰ কৰে। যাৰ ফলত চিকিৎসকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু অত্যাধিক ৰক্তাক্ষৰণ হয়। হাস্পাতাল কৰ্তৃপক্ষই জনোৱা মতে, চিকিৎসকগৰাকী নিজেই এজন হৃদৰোগী। তেওঁৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হৈ গৈছিল। এই আক্ৰমণৰ ঘটনাত তেওঁৰ অত্যাধিক ৰক্তাক্ষৰণ হৈছে। বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে। তেওঁ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিবলৈ ৭-৮ ঘন্টা লাগিব।

হাস্পাতালখনত কৰ্মৰত এজন চিকিৎসকে জানিবলৈ দিয়ে যে, অভিযুক্তই ছুৰীৰে আক্ৰমণ কৰাৰ পাছতেই চিকিৎসকগৰাকীৰ চিঞৰ- বাখৰ শুনি উক্ত স্থানত হাস্পাতালত আন কৰ্মচাৰীসকল উপস্থিত হয়। কোঠাটোৰ ভিতৰৰ পৰা তলা মৰা আছিল বাবে কোনোৱে দুৱাৰ খুলিব পৰা নাছিল। পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষী, কৰ্মচাৰী আৰু অন্যান্যলোকৰ সহযোগত চিকিৎসকজনক উদ্ধাৰ কৰা হয়। উদ্ধাৰৰ সময়ত চিকিৎসকগৰাকীৰ অত্যাধিক ৰক্তাক্ষৰণ হৈছিল আৰু চাৰিওফালে তেজৰ চেকুৰা পৰি আছিল। পৰৱৰ্তী সময়ত হাস্পাতাল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

ভুক্তভোগী চিকিৎসকগৰাকীৰ নাম বালাজী বুলি জানিব পৰা গৈছে। বালাজী এগৰাকী প্ৰখ্যাত অংক’লজিষ্ট আৰু কলাইগনাৰ চেণ্টেনাৰী ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ মেডিকেল অংক’লজী বিভাগত সহযোগী অধ্যাপক হিচাপে কাম কৰে। এই ঘটনাই সমগ্ৰ স্বাস্থ্য খণ্ডত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একাংশই চিকিৎসকৰ নিৰাপত্তাৰ দিশৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Latest News