মাতৃৰ গৰ্ভত মল ত্যাগ কৰি মৃত্যু নৱজাতকৰ ! চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি…
খবৰ অনুসৰি, শিশুটি জন্ম হ'বলৈ মাত্ৰ কেইটামান ক্ষণ বাকী আছিল । সেই সময়তে মাতৃৰ গৰ্ভত মল ত্যাগ কৰে নৱজানকটিয়ে । সেই মল মাতৃৰ পেটৰ তৰল পদাৰ্থৰ লগত মিহলি হৈ শিশুটিৰ নাক আৰু মুখত সোমাই যায়। ফলত জন্মৰ কিছু সময়ৰ পিছতে শিশুটিৰ মৃত্যু হয়।

মাতৃৰ গৰ্ভত মল ত্যাগ কৰি মৃত্যু হ’ল এটি নৱজাতকৰ । এই পৰিস্থিতি কিয় হ’ল সেইলৈ এতিয়া চাৰিওফালে চৰ্চা আৰম্ভ হৈছে । নৱজাতকটিৰ মৃত্যু চিকিৎসাৰ গাফিলতিৰ বাবে নে মৃত্যুৰ আন কিবা কাৰণ আছে তাকলৈ হৈছে চৰ্চা । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে চিকিৎসাৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে । একে সময়তে গ্ৰাম্য চিকিৎসা সেৱাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে ।
খবৰ অনুসৰি, শিশুটি জন্ম হ’বলৈ মাত্ৰ কেইটামান ক্ষণ বাকী আছিল । সেই সময়তে মাতৃৰ গৰ্ভত মল ত্যাগ কৰে নৱজানকটিয়ে । সেই মল মাতৃৰ পেটৰ তৰল পদাৰ্থৰ লগত মিহলি হৈ শিশুটিৰ নাক আৰু মুখত সোমাই যায়। ফলত জন্মৰ কিছু সময়ৰ পিছতে শিশুটিৰ মৃত্যু হয়।
দেওবাৰে বিয়লি পশ্চিম বংগৰ মৈনাগুৰি গ্ৰাম্য চিকিৎসালয়ত সংঘটিত হোৱা এই ঘটনাই উত্তেজনাৰ সৃষ্টি কৰে। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় মৈনাগুৰি থানাৰ আৰক্ষী। পিছত আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপত পৰিস্থিতি স্বাভাৱিক হয়। পৰিয়ালে চিকিৎসাৰ গাফিলতিৰ অভিযোগ তুলি লিখিত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
জানিব পৰা মতে, মৈনাগুৰি ব্লকৰ ৰামছাই গ্ৰাম পঞ্চায়ত অঞ্চলৰ প্ৰশান্ত ৰয়ৰ পত্নী পিংকি ৰয়ে যোৱা ২৮ মাৰ্চত গৰ্ভাৱস্থা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ গৈছিল । পৰীক্ষাৰ অন্তত তেওঁক মৈনাগুৰি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাৰ পিছত দেওবাৰে জন্মৰ কিছু সময়ৰ পিছতে নৱজাতকৰ মৃত্যু হয়।
মৃত শিশুটিৰ পিতৃ প্ৰশান্ত ৰয়ে কয়, “শুকুৰবাৰে ভৰ্তি হোৱাৰ পিছত গোটেই ৰাতিটো পাৰ হৈ গ’ল। তাৰ পিছত শনিবাৰে প্ৰসৱ কেতিয়া হ’ব বুলি সুধিলোঁ। চিকিৎসালয় কৰ্তৃপক্ষই ৰাতি হ’ব বুলি কৈছিল। কিন্তু প্ৰসৱ নিশাও হোৱা নাছিল। আজি পুৱা মোক লেবাৰ ৰুমলৈ লৈ যোৱা হ’ল। এঘণ্টা সময় পাৰ হৈ যোৱাৰ পাছত, ডাক্তৰৰ পৰা কোনো সঁহাৰি নোপোৱাৰ পাছত পুনৰ সুধিলো, কিমান সময় লাগিব ডাক্তৰ?”
ইয়াৰ পাছতে ডাক্তৰে ক’লে সময় লাগিব। প্ৰশান্ত ৰয়ে কয়, “তেতিয়া মই ডাক্তৰক কৈছিলো যে যদি মৈনাগুৰিত নহয়, তেন্তে গৰ্ভৱতী মহিলাগৰাকীক জলপাইগুৰিলৈ ৰেফাৰ কৰা উচিত। কিন্তু ৰেফাৰ কৰা হোৱা নাছিল। জলপাইগুৰিলৈ লৈ যোৱা হ’লে মোৰ কেঁচুৱাটো ৰক্ষা পৰিলহেঁতেন। মই বিচাৰো চিকিৎসকজনে এই দোষৰ শাস্তি পোৱা উচিত ।”
গৰ্ভৱতী মহিলাগৰাকীৰ আত্মীয় বুনুবালা ৰয়ে কয় যে, “চিকিৎসাৰ গাফিলতিৰ বাবে আমাৰ ল’ৰাটোৰ জন্মৰ লগে লগে মৃত্যু হয়। আমি থানাত এজাহাৰ দাখিল কৰিছো। আমাৰ প্ৰশ্ন হ’ল, ৰাতি বেজী দিয়াৰ পিছতো চিকিৎসালয় কৰ্তৃপক্ষই কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল? তেওঁক কিয় ৰেফাৰ কৰা হোৱা নাছিল? আমি চিকিৎসকৰ শাস্তি বিচাৰো।”
চিকিৎসা বিভাগৰ কৰ্তৃপক্ষই কয়, “আমাৰ মেডিকেল টিমে সকলো চেষ্টা কৰিছিল। কিন্তু আমি কেঁচুৱাটোক বচাব পৰা নাছিলো। শনিবাৰেও গৰ্ভৱতী মহিলা গৰাকী স্বাস্থ্য ঠিকে আছিল । দেওবাৰে পুৱা তাইক অ’টিলৈ লৈ যোৱা হৈছিল। সেই সময়ত কেঁচুৱাটোৰ মূৰটো ওলাই আহিছিল। কিন্তু কেঁচুৱাটো জন্ম হোৱাৰ সলনি আৱদ্ধ হৈ পৰিছিল। তাৰ মাকে চাপ দিছিল । ইয়াৰ পাছতে মাতৃৰ পেটত মল ত্যাগ কৰে শিশুটিয়ে । এই পৰিস্থিতিত আমি আমাৰ গাইডলাইন অনুসৰি ৰেফাৰ কৰিব নোৱাৰো।”
ইফালে,এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কয় যে, শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জলপাইগুৰিলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে।