Chardham Yatra 2025: এইবাৰ নাথাকিব VIP দৰ্শন! REEL বনোৱা সকলৰ ওপৰতো ল’ব ব্যৱস্থা
এই পৰ্যন্ত চাৰ ধাম যাত্ৰাৰ বাবে ৯ লাখ লোকে নাম পঞ্জীয়ন কৰিছে। এইবাৰ চাৰ ধাম যাত্ৰাত বন্ধ কৰি দিয়া হৈছে ভিআইপি দৰ্শন। ইয়াৰ বাহিৰেও ভিডিঅ’ আৰু ৰিল বনোৱাসকলৰ বাবে বিশেষ নিয়ম প্ৰণয়ন কৰা হৈছে।

এপ্ৰিল মাহৰ পৰা আৰম্ভ হ’ব উত্তৰাখণ্ডৰ চাৰ ধাম। ৩০ এপ্ৰিলত গংগোত্ৰী-যমুনোত্ৰীৰ দুৱাৰ, ২ মে’ত কেদাৰনাথ ধাম, ৪ মে’ত বদ্ৰীনাথ ধাম আৰু ২৫ মে’ত হেমকুণ্ড চাহাবৰ দুৱাৰ মুকলি হ’ব। এইবাৰ প্ৰশাসনে যাত্ৰাত কিছু নতুন নিয়ম সংযোজন কৰিছে। ইয়াত ছ’চিয়েল মিডিয়াত ভিডিঅ’ আৰু ৰিল বনোৱাসকলৰ বাবেও এক বিশেষ নিয়ম প্ৰণয়ন কৰা হৈছিল। এইবাৰ মন্দিৰৰ ভিতৰত ভিডিঅ’ আৰু ৰিল বনোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এনে ক্ষেত্ৰত কোনোবাই ভিডিঅ’ বা ৰিল বনাই ধৰা পৰিলে দৰ্শন অবিহনে উভতাই পঠিয়াই দিয়া হ’ব।
প্ৰতি বছৰে লাখ লাখ ভক্ত এই যাত্ৰাত আহে। এই পৰ্যন্ত এইবাৰৰ চাৰ ধাম যাত্ৰাৰ বাবে ৯ লাখ লোকে নাম পঞ্জীয়ন কৰিছে। এইবাৰ চাৰ ধাম যাত্ৰা বন্ধ কৰি দিয়া হৈছে ভিআইপি দৰ্শন। বদ্ৰীনাথ ধামৰ পাণ্ডা পঞ্চায়তৰ কোষাধ্যক্ষ অশোক টোদাৰিয়াই কয় যে, ধন লৈ দৰ্শন প্ৰদান কৰাটো ঈশ্বৰৰ মৰ্যাদাৰ বিৰুদ্ধে। এনে ক্ষেত্ৰত এইবাৰ সকলো ৰাইজে কেৱল স্বাভাৱিক দৰ্শন কৰিব পাৰিব, যাৰ বাবে সকলোৱে দৰ্শন কৰাৰ সুযোগ পাব।
অনলাইন আৰু অফলাইন পঞ্জীয়নৰ সুবিধা
এই ভ্ৰমণ পথটো ১০ কিলোমিটাৰকৈ অংশত ভাগ কৰা হৈছে। প্ৰতিটো অঞ্চলত ৬ জনকৈ আৰক্ষী মোতায়েন কৰা হৈছে। এই যাত্ৰা সুকলমে চলাবলৈ চৰকাৰে অনলাইন আৰু অফলাইন দুয়োটা দিশতে পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিব। এইবাৰ ৬০ শতাংশ পঞ্জীয়ন অনলাইন আৰু ৪০ শতাংশ অফলাইন হ’ব। পৰ্যটন বিভাগৰ তথ্য অনুসৰি এইবাৰ পৰ্যটকৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে। সেয়েহে অনলাইন পঞ্জীয়নৰ নতুন ব্যৱস্থা কৰা হৈছে। যাত্ৰাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে উন্নত ব্যৱস্থাপনা কৰাৰ পৰিকল্পনা কৰিছে, যাতে ভক্তসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়।
ঋষিকেশ আৰু হৰিদ্বাৰত নিৰ্মাণ হ’ব কাউণ্টাৰ
যাত্ৰাৰ পূৰ্বে ভক্তসকলে বুকিং নিশ্চিত কৰিব লাগিব যাতে কোনো অসুবিধা নহয়। অফলাইন পঞ্জীয়নৰ বাবে ঋষিকেশ আৰু হৰিদ্বাৰত কাউণ্টাৰ স্থাপন কৰা হ’ব।