আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত: শিশুসকলৰ বিকাশৰ বাবে কি কি দিশত গুৰুত্ব আৰোপ কৰিছিল জৱাহৰলাল নেহৰুৱে?
Children’s Day 2024: ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সন্মান জনোৱাৰ বাবে আজি সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হয়। ১৮৮৯ চনৰ ১৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত তেওঁৰ জন্ম হৈছিল।শিশুৰ অধিকাৰ, তেওঁলোকৰ যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি বাবে শিশু দিৱস উদযাপন কৰা হয়।
Happy Children’s Day: প্ৰতি বছৰে ১৪ নৱেম্বৰত দেশত শিশু দিৱস পালন কৰা হয়। এই বছৰো দেশৰ বিভিন্ন বিদ্যালয়ত শিশু দিৱস উদযাপন কৰা হৈছে। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সন্মানত এই দিৱস উদযাপন কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী নেহৰুৰ জন্ম আজিৰ দিনটোতে হৈছিল। ১৮৮৯ চনৰ ১৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত তেওঁৰ জন্ম হৈছিল। শিশুৰ অধিকাৰ, তেওঁলোকৰ যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি বাবে শিশু দিৱস উদযাপন কৰা হয়। শিশুসকল হৈছে দেশৰ ভৱিষ্যত আৰু এই কথা মনত ৰাখি, সমগ্ৰ দেশতে বহুতো কাৰ্যসূচীৰ আয়োজন কৰা হয়। আজিৰ দিনটোত, বিদ্যালয়বোৰত বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী আয়োজন কৰা হয়। বহু ঠাইত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত হয়।
প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক ‘চাচা নেহৰু’ বুলি কোৱা হৈছিল কাৰণ তেওঁ শিশুসকলৰ মাজত অতি জনপ্ৰিয় আছিল। তেওঁ শিশুসকলক দেশৰ ভৱিষ্যতৰ সম্পদ হিচাপে গণ্য কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে দেশৰ শিশুসকলৰ বাবে শিক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। এইকাৰণেই তেওঁ স্বাধীনতাৰ পিছত দেশৰ শাসনভাৰ লোৱাৰ সময়ত বহুতো প্ৰসিদ্ধ প্ৰতিষ্ঠান সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
IIT, IIM প্ৰতিষ্ঠান গঢ়াত গুৰুত্ব
জৱাহৰলাল নেহৰুৱে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (AIIMS), ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT), ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) আৰু ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (NIT)ৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল, “আজিৰ সন্তানে কাইলৈৰ ভাৰত গঢ়িব। আমি তেওঁলোকক যিধৰণে ডাঙৰ-দীঘল কৰোঁ সেয়ে দেশৰ ভৱিষ্যত নিৰ্ণয় কৰিব।”
২০ নৱেম্বৰত শিশু দিৱস উদযাপন
প্ৰতি বছৰে দেশত শিশু দিৱস পালন কৰা হয়।। এই দিনটোৰ উদযাপন ১৯৫৬ চনৰ পৰাই আৰম্ভ হৈছিল। ২০ নৱেম্বৰ ৰাষ্ট্ৰসংঘৰ অধীনত সাৰ্বজনীন শিশু দিৱস(Universal Childrens Day) হিচাপে পালন কৰা হয়। অৱশ্যে, যেতিয়া ১৯৬৪ চনত যেতিয়া পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হয়, সিদ্ধান্ত লোৱা হৈছিল যে তেওঁৰ জন্ম জয়ন্তী শিশু দিৱস হিচাপে উদযাপন কৰা হ’ব।
ভাৰতীয় সংসদে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ জন্ম জয়ন্তীক শিশু দিৱস হিচাপে উদযাপন কৰা এটা প্ৰস্তাৱ গৃহীত কৰে। এইকাৰণেই, তেতিয়াৰ পৰা ১৪ নৱেম্বৰৰ দিনটো দেশত শিশু দিৱস হিচাপে উদযাপন কৰা হয়। আজিৰ দিনটোত, বিদ্যালয়বোৰত বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী আয়োজন কৰা হয়। একে সময়তে, বহু ঠাইত প্ৰতিযোগিতাও অনুষ্ঠিত হয়। শিশুৱে উৎসাহেৰে এই কাৰ্যসূচীবোৰত অংশগ্ৰহণ কৰে।