Children’s day 2024: জৱাহৰলাল নেহৰুৰ এই ১৫ টা বাণীয়ে ধন্য কৰিব আপোনাৰ জীৱন, শিশু হ’ব অনুপ্ৰাণিত…

Chalder's day 2024 quotes: ১৪ নৱেম্বৰৰ দিনটোত সমগ্ৰ দেশতে পালন কৰা হয় শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত এই দিৱস পালন কৰা হয়। নেহৰুৱে শিশুসকলক যথেষ্ঠ মৰম কৰিছিল আৰু সদায় শিশুৰ কল্যানৰ কথা চিন্তা কৰিছিল।

Childrens day 2024: জৱাহৰলাল নেহৰুৰ এই ১৫ টা বাণীয়ে ধন্য কৰিব আপোনাৰ জীৱন, শিশু হব অনুপ্ৰাণিত...

জৱাহৰলাল নেহৰুৰ বাণী

Published: 

13 Nov 2024 16:47 PM

প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটো দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে এই দিনটোত শিশু দিৱস পালন কৰা হয়। নেহৰুৱে শিশুসকলক বহুত মৰম কৰিছিল আৰু সদায় তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। যাৰ বাবে নেহৰুৰ প্ৰতি শ্ৰদ্ধা আৰু শিশুসকলৰ অধিকাৰৰ গুৰুত্বৰ বিষয়ে জনতাক সজাগ কৰিবলৈ এই দিৱস পালন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি দেশৰ প্ৰায় প্ৰতিখন বিদ্যালয়তে বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হয়। শিশুসকলে নৃত্য, গীত, কবিতা, বক্তৃতা আদি অনুষ্ঠানত অংশগ্ৰহণৰ দ্বাৰা নেহৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

মহত্ব

শিশু দিৱসৰ মহত্ব অধিক। শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতত শিশু দিৱস পালন কৰা হয়। প্ৰতিটো শিশুয়ে যাতে শিক্ষা, স্বাস্থ্য আদিকে ধৰি সকলো মৌলিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি এই  দিনটোত গুৰুত্ব আৰোপ কৰা হয়। নেহৰুই সদায় বিচাৰিছিল শিশুসকলৰ কল্য়ান হোৱাতো।

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত।  তেওঁ কৈছিল- আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। আজিৰ শিশুয়ে কাইলৈ এখন উন্নত ৰাষ্ট্ৰ গঢ় দিব। গতিকে প্ৰতিটো শিশুকে শিক্ষিত কৰি তুলিব লাগে। শিশুসকলৰ বিকাশ, শিক্ষা  আদিৰ ক্ষেত্ৰত নেহৰুৱে বিভিন্ন ব্যৱস্থাও গ্ৰহণ কৰিছিল। শিশুসকলে মৰমতে তেওঁক নেহৰু চাচা বুলি সম্বোধন কৰিছিল। শিশুৰ প্ৰতি থকা মৰম আৰু অগাধ স্নেহৰ বাবে তেওঁৰ জন্ম দিৱস ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।  ১৯৬৪ চনৰ ২৭ মে’ত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছত সংসদত সৰ্বসন্মতিমৰ্মে শিশু দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

শিশুৰ হৈ, লোক কল্যানহৈ নেহৰুৱে বহু মহান বাণী কৈ গৈছে। শিশুৰ জীৱন বা সাধাৰণ মানুহক অনুপ্ৰাণিত কৰিব পৰা কেইটামান বাণী তলত উল্লেখ কৰা হ’ল-

 

  • আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। প্ৰতিটো শিশুৱে এক মানৱ সম্পদ।
  • যদি কোনো মহান কামত অধ্যাৱসায় আৰু দক্ষতাৰে কাম কৰা তেন্তে তাৎক্ষণিকভাৱে ইয়াৰ স্বীকৃতি লাভ নকৰিবও পাৰা। কিন্তু শেষত সফলতা লাভ কৰিবা।
  • সফলতা সেইসকলে লাভ কৰে যিয়ে নিৰ্ভয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু পৰিণতিলৈ ভয় নকৰে।
  • শিশুসকল এখন বাগিচাৰ কলিৰ দৰে যাক মৰমেৰে লালন- পালন কৰা উচিত। কিয়নো তেওঁলোক দেশৰ ভৱিষ্যত আৰু কাইলৈৰ নাগৰিক।
  • সংকটৰ সময়ত প্ৰতিটো সৰু কথাই গুৰুত্বপূৰ্ণ হৈ পৰে।
  • সঠিক শিক্ষাৰ জৰিয়তেহে সমাজ ব্যৱস্থা উন্নত কৰিব পাৰি।
  • এখন পূঁজিবাদী সমাজৰ শক্তিসমূহ যদি অনিয়ন্ত্ৰিত হয় তেন্তে ধনী অধিক ধনী হয় আৰু দুখীয়া অধিক দুখীয়া হৈ পৰে।
  • মানুহৰ শিল্পই তেওঁলোকৰ মনত থকা বিচাৰধাৰা প্ৰতিফলিত কৰে।
  • দেৱালত থকা ছবিবোৰ সলনি কৰি আমি ইতিহাস সলনি কৰিব নোৱাৰো।
  • নাগৰিকত্ব আছে দেশৰ সেৱাত।
  • মানুহ বিফল তেতিয়া হয় যেতিয়া আমি আমাৰ আদৰ্শ, উদ্দেশ্য আৰু নীতিৰ কথা পাহৰি যাওঁ।
  • আমাৰ আটাইতকৈ ডাঙৰ ভুল এয়াই যে আমি বেছিকৈ কওঁ কিন্তু কাম কমলৈ কৰো।
  • অজ্ঞানতাই পৰিবৰ্তনত ভয় কৰে।
  • আনে আমাৰ বিষয়ে কি ভাৱে, তাতকৈ গুৰুত্বপূৰ্ণ আমি প্ৰকৃততে কি।
  • আনৰ অনুভৱৰ পৰা লাভ উঠোৱাজন বুদ্ধিমান হয়।
পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?