Children’s day 2024: শিশু দিৱসৰ তাৎপৰ্য কি? জানক জৱাহৰলাল নেহৰুৰ বিষয়ে সকলো…

Children day 2024: প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত এই দিৱস পালন কৰা হয়। শিশুসকল নেহৰুৱে যথেষ্ঠ মৰম কৰিছিল যাৰ বাবে তেওঁক শিশুসকলে 'নেহৰু চাচা' বুলি সম্বোধন কৰিছিল।

Childrens day 2024: শিশু দিৱসৰ তাৎপৰ্য কি? জানক জৱাহৰলাল নেহৰুৰ বিষয়ে সকলো...

জৱহাৰলাল নেহৰুৰ বিষয়ে

Updated On: 

12 Nov 2024 07:00 AM

প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত এই দিৱস পালন কৰা হয়। নেহৰুৱে শিশুসকলক বহু মৰম কৰিছিল আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে চিন্তা কৰিছিল। নেহৰুৱে কৈছিল- আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। গতিকে শিশুসকলক শিক্ষা দিব লাগে। শিশুসকলৰ অধিকাৰ, মহত্ব আদিৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ প্ৰতিবছৰে এই দিৱস পালন কৰা হয়।

কিয় পালন কৰা হয়

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিৱস উপলক্ষে শিশু দিৱস পালন কৰা হয়।পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁ শিশুসকলক খুব মৰম কৰিছিল আৰু সদায় শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। যাৰ বাবে এই দিৱসটো শিশু দিৱস হিচাপে পালন কৰা হয়।

পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’ত। সেই বৰ্ষতে পণ্ডিত জৱাহৰলাল নেহৰুক সন্মান দিয়াৰ বাবে সংসদত সৰ্বসন্মতি ক্ৰমে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।তেতিয়াৰ পৰা পালন কৰি অহা হৈছে এই দিৱস।

মহত্ব

শিশু দিৱসৰ মহত্ব অধিক। পণ্ডিত নেহৰুই সদায় শিশুৰ অধিকাৰৰ কথা কৈছিল। তেওঁ বিচাৰিছিল দেশৰ প্ৰতিটো শিশুই লাভ কৰক শিক্ষা। কিয়নো আজিৰ শিশুই ভৱিষ্যতে উন্নত ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। গতিকে এই দিনটোত শিশুৰ অধিকাৰৰ বিষয়ে জনতাক সজাগ কৰাৰ চেষ্টা কৰা হয়। শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতত শিশু দিৱস পালন কৰা হয়।

জৱাহৰলাল নেহৰুৰ বিষয়ে

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰুপাৰাণী নেহৰু। তেওঁ ঘৰতে ব্যক্তিগত শিক্ষকৰ দ্বাৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল। ঘৰৰ তিনিটা সন্তানৰ ভিতৰতজৱাহৰলাল নেহৰু আছিল ডাঙৰ, বাকী দুগৰাকী আছিল ছোৱালী। জ্যেষ্ঠ ভগ্নী বিজয়া লক্ষ্মী পিছলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা সভানেত্ৰী হৈছিল আৰু কনিষ্ঠ ভগ্নী কৃষ্ণ হাথিছিং এগৰাকী জনপ্ৰিয় লেখিকা হিচাপে পৰিচিত আছিল।

নেহৰুৱে বহু ভাল স্কুল- কলেজৰ পৰা শিক্ষা লাভ কৰিছিল। কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজ (লণ্ডন)ৰ পৰা কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু পিছত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।  ১৫ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ গৈছিল আৰু তাৰ পৰাই প্ৰাকৃতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯১২ চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল।

১৯১৬ চনত কমলা নেহৰুৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। ১৯১৭ চনত জৱাহৰলাল নেহৰুৱে হোম ৰুল লীগত যোগদান কৰিছিল । ইয়াৰ ২ বছৰ পাছত ১৯১৯ চনত তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দুবাৰকৈ কংগ্ৰেছৰ সভাপতি হৈছিল। ভাৰতৰ স্বাধীনতাৰ বাবে কৰা আন্দোলনত নেহৰুৱে কেইবাবাৰো জেললৈ যাবলগীয়াও হৈছিল। পাছলৈ এইগৰাকী নেহৰুৱে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছিল।

তেওঁ একেধাৰে ৰাজনীতি বিদ, সমাজবিদ, চিন্তাবিদ আদি আছিল। মহাত্মা গান্ধীৰ তত্ত্বাৱধানত তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৰ্বোচ্চ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ বাবে কাৰাবাস কেইবাবাৰো কাৰাবাস খাটিবলগীয়া এইগৰাকী নেতাই ১৯৬৪ চনত মৃত্যুৰ আগলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰধানমন্ত্ৰী হিচাপে তেওঁ ভাৰতৰ সপোন বাস্তৱায়িত কৰিব বিচাৰিছিল। ১৯৫০ চনত ভাৰতৰ সংবিধান প্ৰণয়ন কৰা হয়, তাৰ পিছত তেওঁ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সংস্কাৰৰ এক অভিলাষী পৰিকল্পনা আৰম্ভ কৰে। মূলতঃ তেওঁ ভাৰতৰ উপনিবেশৰ পৰা গণৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ তদাৰক কৰিছিল, একে সময়তে বহুত্ববাদী, বহুদলীয় গণতন্ত্ৰৰ পোষকতা কৰিছিল।

১৯৪৭ চনত তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হয়। ব্ৰিটিছে প্ৰায় ৫০০ খন থলুৱা ৰাজকীয় ৰাষ্ট্ৰক একেলগে মুক্ত কৰিছিল আৰু সেই সময়ত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল সেইবোৰক এখন পতাকাৰ তললৈ অনা। আধুনিক ভাৰত নিৰ্মাণ কৰাত নেহৰুৰ ভূমিকা  অধিক।

নেহৰু এগৰাকী ভাল লেখকো আছিল। ৰাজনীতিৰ লগতে সাহিত্যিক ক্ষেত্ৰখনতো তেওঁ সুকীয়া স্বীকৃতি লাভ কৰিছিল।ৰাজনীতিৰ মাজতে নেহৰুৱে অধ্যয়নক সময় দিছিল। নেহৰুৱে ৰচনা কৰা কেইখনমান প্ৰকাশিত কিতাপ হল- পিতা কে পত্ৰঃপুত্ৰী কে নাম, বিশ্ব ইতিহাস কী ঝলক, মেৰী কাহিনী, ভাৰত কী খোজ-হিন্দুস্তান কী কাহিনী, ৰাজনীতি সে দূৰ, ইতিহাস কে মহাপুৰুষ. ৰাষ্ট্ৰপিতা আদি। উল্লেখ্য যে, হাৰ্ট এটেকত আক্ৰান্ত হৈ এইগৰাকী মহান ব্যক্তিৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’ত।

 

ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...
ঋণৰ সমস্যাত ভুগিছে নেকি? তেন্তে কৰক এই কাম, দূৰ হ'ব ধনৰ সমস্যা...
অসমৰ ছুইজাৰলেণ্ড সদৃশ হাফলঙলৈ গৈ পাইছে নে?
খালী পেটত ইলাচী খালে কি হয় জানেনে? পঢ়ক বিশেষজ্ঞৰ মতামত