5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Children’s day History: কিয় পালন কৰা হয় ‘শিশু দিৱস? জানক এই দিৱসৰ ইতিহাস, গুৰুত্ব আদি সকলো…

Children's day history: প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলৰ কল্যান আৰু অধিকাৰৰ বিষয়ে জনতাক সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি বিদ্যালয়সমূহত বহু অনুষ্ঠানৰ আয়োজন কৰা হয়।

Children’s day History: কিয় পালন কৰা হয় ‘শিশু দিৱস? জানক এই দিৱসৰ ইতিহাস, গুৰুত্ব আদি সকলো…
শিশু দিৱসৰ ইতিহাস
barasha-sarma
Barasha Sarma | Updated On: 12 Nov 2024 07:00 AM

শিশু দিৱস! সমগ্ৰ দেশত ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত এই দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি দেশৰ প্ৰায় প্ৰতিখন বিদ্যালয়তে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই দিনটোত জৱাহৰলাল নেহৰুক স্মৰণ কৰাৰ লগতে শিশু দিৱসৰ মহত্ব, ইয়াৰ উদ্দেশ্যৰ বিষয়ে ৰাইজক সজাগ কৰা হয়। জৱাহৰলাল নেহৰুক সকলো শিশুয়ে বহু ভাল পাইছিল, তেওঁৱো শিশুসকলক যথেষ্ঠ মৰম কৰিছিল আৰু তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। মৰমতে শিশুসকলে তেওঁক নেহৰু চাচা বুলি সম্বোধন কৰিছিল।

ইতিহাস

শিশুসকলৰ প্ৰতি থকা নেহৰু চাচাৰ প্ৰেমৰ বাবে তেওঁৰ জন্ম বাৰ্ষিকীৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’ত। সেই বৰ্ষয়ে সংসদত সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ১৪ নৱেম্বৰ অৰ্থাৎ জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰা হ’ব। তেতিয়াৰ পৰা এই বিশেষ দিনটোত শিশু দিৱস পালন কৰি অহা হৈছে।

মহত্ব

প্ৰধানমন্ত্ৰী হিচাপে নেহৰুয়ে দেশত এনে এটা পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছিল য’ত শিশুসকলৰ বিকাশ হয়। তেওঁ ১৯৫৫ চনত চিলড্ৰেন ফিল্ম ছচাইটি ইণ্ডিয়াৰ স্থাপন কৰিছিল যাতে এই দিশত ভাৰতীয় শিশুয়ে প্ৰতিনিধিত্ব কৰিব পাৰে।

শিশু দিৱসৰ মহত্ব অধিক। এই  দিনটোত প্ৰতিটো শিশুৰ গুণগত শিক্ষা, স্বাস্থ্য সেৱা, নিৰাপদ পৰিবেশ প্ৰদান আদিৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া  হয়। শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতত শিশু দিৱস পালন কৰা হয়। এই দিৱসে শিশু অধিকাৰ, শিশু সুৰক্ষাৰ কথা চৰকাৰক সোঁৱৰাই দিয়ে যাতে প্ৰতিটো শিশুয়ে মৌলিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হয়। এই দিনটোত আহ্বান জনোৱা হয় যাতে অভিভাৱকৰ পৰা শিক্ষক, নীতি নিৰ্ধাৰকসকললৈ প্ৰতিজনে শিশুৰ উন্নতি আৰু বিকাশৰ সহায় হোৱাকৈ কাম কৰে।

নেহৰুৱে কৈ গৈছিল– আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত! কিন্তু স্বাধীনতাৰ ইমান বছৰ পাছতো লাখ লাখ শিশুয়ে মৌলিক অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। শিশুৰ বাবে চৰকাৰে বিভিন্ন সময়ত বহু আইন প্ৰণয়ন কৰিছে যদিও আজিও দেশৰ লাখ লাখ শিশু শিক্ষা, স্বাস্থ্য আদিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় প্ৰতিদিনে শিশু নিৰ্যাতন, শিশু শ্ৰমিক আদিৰ ঘটনা পোহৰলৈ আহে। সম্ভৱতঃ সজাগতাৰ অভাৱৰ বাবেও আজিও দেশৰ একাংশ জনতাই শিশুৰ ভৱিষ্যত সম্পৰ্কে জ্ঞাত নহয়।

গতিকে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনোৱে যাতে শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি চৰকাৰ কঠোৰ হ’ব লাগে শিশুৰ অধিকাৰ, শিশুৰ ন্যায়ৰ বাবে চৰকাৰে অধিক কঠোৰ আইন অনা দৰকাৰ।

বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে শিশু দিৱস, কিন্তু প্ৰকৃত শিশু দিৱস সেইদিনা সাৰ্থক হ’ব যিদিনা ফুটপাথত নাথাকিব এটিও শিশু, যিদিনা নোহোৱা হ’ব শিশু শ্ৰমিক আৰু যিদিনা দেশৰ প্ৰতিটো শিশুয়ে লাভ কৰিব সকলো মৌলিক অধিকাৰ…

 

Latest News