Children Day: ১১বাৰকৈ ন’বেল বঁটাৰ বাবে মনোনীত, জৱাহৰলাল নেহৰুৰ বিষয়ে কিছু নজনা কথা জানক…
পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ প্ৰীতি । পণ্ডিত গৰাকীয়ে অনুধাৱন কৰিছিল দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা । আনহাতে, শিশু সকলৰ মাজত পণ্ডিত গৰাকী জনপ্ৰিয় আছিল ‘চাচা নেহৰু’ ৰূপে । যাৰ বাবেই ১৪ নৱেম্বৰৰ দিনটো প্ৰত্যেক বছৰে দেশত পালন কৰি অহা হৈছে শিশু দিৱস ৰূপে।
১৪ নৱেম্বৰত দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন । পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম ১৮৮৯ চনৰ ১৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত হৈছিল। পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ প্ৰীতি । পণ্ডিত গৰাকীয়ে অনুধাৱন কৰিছিল দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা । আনহাতে, শিশু সকলৰ মাজত পণ্ডিত গৰাকী জনপ্ৰিয় আছিল ‘চাচা নেহৰু’ ৰূপে । যাৰ বাবেই ১৪ নৱেম্বৰৰ দিনটো প্ৰত্যেক বছৰে দেশত পালন কৰি অহা হৈছে শিশু দিৱস ৰূপে।
জৱাহৰলাল নেহৰুৱে কৈছিল যে শিশুসকল দেশৰ ভৱিষ্যত। তেওঁলোকক সদায়ে ভাল শিক্ষা, সঠিক পথ অনুসৰণ কৰিবলৈ শিকাব লাগে। এই শিশু সকলক সঠিক আৰু নিৰাপদ পৰিৱেশত আপদাল কৰি ভৱিষ্যতলৈ একোজন কৰ্তব্য পৰায়ণ আৰু দ্বায়িত্বশীল নাগৰিকৰূপে গঢ় দিয়াৰ দ্বায়িত্ব সমগ্ৰ সমাজখনৰেই । তেওঁৰ শিশুসকলক অপৰিসীম মৰম, সন্মান কৰাৰ লগতে তেওঁলোকক দেশৰ ভৱিষ্যত হিচাপে গণ্য কৰিছিল।শিশুসকলেও তেওঁক ‘চাচা নেহৰু’ বুলি সম্বোধন কৰিছিল। শিশু আৰু তেওঁৰ সম্পৰ্কক চিৰযুগমীয়া কৰিবলৈয়ে তেওঁৰ জন্মদিনটো ভাৰতত শিশু দিৱস হিচাপে পালন কৰা হয়।
পণ্ডিত জৱাহৰলাল নেহৰু বিষয়ে কেইটামান নজনা কথা জানো আহক-
- কাশ্মীৰৰ এটা পণ্ডিত পৰিয়ালৰ সদস্য আছিল পণ্ডিত জৱাহৰলাল নেহৰু ।বিজয় লক্ষ্মী পণ্ডিত আৰু কৃষ্ণা হুথিসিং নামৰ তেওঁৰ দুগৰাকী ভগ্নী আছিল।
- পণ্ডিত জৱাহৰলাল নেহৰু ১৯৫০ চনৰ পৰা ১৯৫৫ চনৰ ভিতৰত ১১বাৰকৈ ন’বেল বঁটাৰ বাবে মনোনীত হৈছিল যদিও এবাৰো এই সন্মানীয় বঁটা লাভ কৰা নাছিল।শান্তিৰ হকে কৰা কামৰ বাবে তেওঁক ন’বেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।
- ১৯০৭ চনত কেমব্ৰিজৰ ট্ৰিনিটি কলেজত নাম ভৰ্তি কৰাৰ পিছত নেহৰুৱে ১৯১০ চনত প্ৰাকৃতিক বিজ্ঞানত ডিগ্ৰী লাভ কৰে।
- তেওঁ ১৯১২ চনৰ আগষ্টত ভাৰতলৈ উভতি আহে আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নাম ভৰ্তি কৰি নিজকে বেৰিষ্টাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে।
- দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পণ্ডিত জৱাহৰলাল নেহৰুক ৯ বাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।ব্ৰিটিছে নেহৰুক মুঠ ৩২৫৯ দিন বন্দী কৰি ৰাখিছিল।
- ১৯৩৫ চনত কাৰাগাৰত থাকোতে তেওঁ এখন আত্মজীৱনীও লিখিছিল।১৯৩৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ হোৱা এই আত্মজীৱনীখনৰ নাম আছিল টুৱাৰ্ডছ ফ্ৰিডম।
- ১৯২৯ চনত নেহৰু কংগ্ৰেছৰ সভাপতি হয় আৰু কংগ্ৰেছৰ নেতৃত্বত চলি থকা স্বাধীনতা সংগ্ৰামত মুখ্য ভূমিকা পালন কৰে।পণ্ডিত নেহৰুৰ ১৯৬৪ চনৰ ২৭ মে’ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আৰু প্ৰায় ১.৫ নিযুত লোকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লয়।
- ১৯২৭ চনত সম্পূৰ্ণ ৰাষ্ট্ৰৰ স্বাধীনতাৰ প্ৰস্তাৱ দিয়াৰ তেওঁ প্ৰথম ব্যক্তি আছিল।
- নেহৰুৱে ১৯১৬ চনত প্ৰতিষ্ঠা হোৱা এনি বেচাণ্টৰ হোম ৰুল লীগত এগৰাকী কৰ্মী হিচাপেও যোগদান কৰিছিল।
- পণ্ডিত জৱাহৰলাল নেহৰুক “আধুনিক ভাৰতৰ বাস্তুকাৰ” বুলিও জনা যায়।