Children’s day speech: ছাত্ৰ-ছাত্ৰীৰ বাবে ‘শিশু দিৱস’ৰ চমু ভাষণ, জানক ইয়াৰ মহত্ব…
Children day speech: প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত দেশৰ প্ৰতিখন বিদ্যালয়তে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ জন্ম দিৱসত শিশু দিৱস পালন কৰা হয়।
প্ৰতি বছৰৰ ১৪ নৱেম্বৰৰ দিনটোত দেশত পালন কৰা হয় শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীত এই দিৱস পালন কৰা হয়। এই দিনটোত দেশৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়তে শিশু দিৱস পালন কৰা হয়। শিশু দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়সমূহত নৃত্য- গীত, কবিতা আদি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই দিনটোৰ দিনা বহু ছাত্ৰ- ছাত্ৰীয়ে ভাষণ দিয়ে। তলত কেইটামান চমু ভাষণ উল্লেখ কৰা হ’ল, সেই ধৰণে দিব পাৰিব শিশু দিৱসৰ ভাষণ।
ভাষণ নম্বৰ ১
নমস্কাৰ! এই সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰী, দাদা- বাইদেউ, ভাই-ভনী আৰু মোৰ সতীৰ্থসকল। আজি সমগ্ৰ দেশত পালন কৰা হৈছে শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত প্ৰতিবছৰে দেশৰ বিভিন্ন প্ৰান্তত এই দিৱস পালন কৰা হয়। নেহৰুয়ে ছাত্ৰ- ছাত্ৰীসকলক বহুত মৰম কৰিছিল। যাৰ বাবে তেখতলৈ শ্ৰদ্ধা জনোৱা আৰু ছাত্ৰ- ছাত্ৰীৰ শিক্ষাৰ মহত্বৰ বিষয়ে সজাগ কৰিবৰ বাবে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।
নেহৰুই কৈছিল- আজিৰ শিশুই ভৱিষ্যতৰ ভাৰত নিৰ্মাণ কৰিব। শিশুসকলৰ এই দেশৰ ভৱিষ্যত। সেইবাবে শিশুসকলৰ শিক্ষা আৰু কল্যানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দৰকাৰ।যিমান ভালদৰে আপোনালোকে শিশুৰ পৰিচৰ্যা কৰিব সিমানেই সেই শিশুসকলে ভৱিষ্যতে উন্নত ৰাষ্ট্ৰ নিৰ্মাণ কৰিব।
প্ৰতিবছৰেই এই দিনটোত শিশু দিৱস পালন কৰি শিশুৰ শিক্ষাৰ মহত্বৰ বিষয়ে ৰাইজত সজাগ কৰা হয়। ভাৰতৰ স্বাধীনতাৰ পাছৰে পৰি শিশুসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰা হৈছে। কিন্তু আজিও বহু শিশু শিক্ষা, স্বাস্থ্য আদিৰ দৰে অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। শিশু দিৱস সঁচা অৰ্থত তেতিয়াহে সফল হ’ব যেতিয়া আমাৰ দেশৰ প্ৰতিগৰাকী শিশুয়ে মৌলিক অধিকাৰ লাভ কৰিব। শিশু শ্ৰমিক আৰু শিশু নিৰ্যাতন আদি বন্ধ হব। আৰ্থিক সমস্যাৰ বাবে শিশুই শিক্ষাৰ অধিকাৰৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে চৰকাৰে আৰু অধিক কাৰ্যপন্থা হাতত লোৱাৰ লগতে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে।
মই বিচাৰো দেশৰ প্ৰতিটো শিশু সফল হওক, দেশৰ প্ৰতিটো শিশুই সকলো অধিকাৰ লাভ কৰক। এই খিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।
ভাষণ নম্বৰ- ২
নমস্কাৰ! এই সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰী, দাদা- বাইদেউ, ভাই-ভনী আৰু মোৰ সতীৰ্থসকল। আজি ১৪ নৱেম্বৰ। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিৱস উপলক্ষে এই দিনটোত সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হয়। এই বিশেষ দিনটোত আপোনালোকৰ আগত কিছু মনৰ কথা ৰখাৰ সুযোগ পাই মই আনন্দিত হৈছো-
পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁ আছিল একেধাৰে ৰাজনীতিবিদ. চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰুপাৰাণী নেহৰু। তেওঁ ঘৰতে ব্যক্তিগত শিক্ষকৰ দ্বাৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল। পৰৱৰ্তী সময়ত ১৫ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ যায় আৰু তাৰ পৰাই প্ৰাকৃতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯১২ চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। ভাৰতৰ স্বাধীনতাৰ বাবে কৰা আন্দোলনত নেহৰুৱে কেইবাবাৰো জেললৈ যাবলগীয়াও হৈছিল। পৰৱৰ্তী সময়ত এইগৰাকী নেহৰুৱে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছিল।
জৱাহৰলাল নেহৰুৱে ছাত্ৰ- ছাত্ৰীসকলক যথেষ্ঠ মৰম কৰিছিল। যাৰ বাবে তেওঁক সকলোৱে নেহৰু চাচা বুলি সম্বোধন কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’ত। সেই বৰ্ষতে সংসদত সৰ্বসন্মতি মৰ্মে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
পণ্ডিত জৱাহৰলাল নেহৰুই সদায় শিশু আৰু যুৱ সমাজৰ বাবে কাম কৰিছিল। শিশুৰ প্ৰতি তেওঁৰ অদম্য স্নেহ আছিল আৰু সদায় শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। নেহৰুই কৈছিল- আজিৰ শিশু ভৱিষ্যত ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। তেওঁ সদায় শিশুৰ অধিকাৰৰ কথা কৈছিল। নেহৰুই কৈছিল আজিৰ শিশুই ভৱিষ্যতে উন্নত ভাৰত নিৰ্মাণ কৰিব।
শিশু দিৱসৰ মহত্ব অধিক। এই দিৱসৰ দ্বাৰাই দেশত শিশু স্বাধীনতা, শিশু অধিকাৰৰ বিষয়ে ৰাইজক সজাগ কৰা হয়। কোনো শিশু যাতে শিক্ষা, স্বাস্থ্য আদিৰ লগতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলোকে সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। কিন্তু স্বাধীনতাৰ ইমান বছৰ পাছতো লাখ লাখ শিশু এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই আশা কৰো দেশৰ প্ৰতিটো শিশুৰে বিকাশ হওক, প্ৰতিটো শিশুয়ে লাভ কৰক অধিকাৰ। এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।
ভাষণ নম্বৰ ৩
সম্বোধনখিনি ওপৰত দিয়া ধৰণে কৰিব পাৰে। তাৰ পাছত ক’ব-
আজি ১৪ নৱেম্বৰ। সমগ্ৰ দেশতে আজি পালন কৰা হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী। শিশুৰ প্ৰতি থকা নেহৰুৰ অদম্য প্ৰেমৰ বাবে তেওঁক সন্মান জনাবলৈ এই দিৱস পালন কৰা হয়। তেওঁ কৈছিল- আজিৰ শিশু দেশৰ ভৱিষ্যত। গতিকে তেওঁলোকক শিক্ষিত কৰিব লাগে। নেহৰুৰ শিশুৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে তেওঁক সকলোৱে নেহৰু চাচা বুলি সম্বোধন কৰিছিল।
১৯৪৭ চনত পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল আৰু তাৰ পাছত তেওঁ শিশুৰ বাবে যথেষ্ঠ কাম কৰিছিল। তেওঁ শিশুৰ শিক্ষা, স্বাস্থ্য, অধিকাৰত গুৰুত্ব দিছিল। শিশুসকলৰ মহত্বৰ, শিক্ষাৰ অধিকাৰৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ প্ৰতিবছৰে এই দিৱস পালন কৰা হয়।
কিন্তু দুখৰ বিষয় যে আজিও লাখ লাখ শিশু শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আমি ৰাজপথত দেখিবলৈ পাওঁ বহু শিশুয়ে ভিক্ষা খুজি থকা। কোন শিশুয়ে বিচাৰে এনে কাম কৰিবলৈ, কিন্তু পৰিস্থিতিয়ে বাধ্য কৰাই তেওঁলোকে। এনে বহু শিশু দেশত মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই বিচাৰো দেশৰ প্ৰতিটো শিশুৰ বিকাশ হওক, দেশৰ প্ৰতিটো শিশুয়ে ভাল খাদ্য, শিক্ষা, বস্ত্ৰ লাভ কৰক। ইয়াৰ বাবে চৰকাৰৰ কৰণীয় আছে। মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী শিশুৰ বাবে ন্যায় বিচাৰো আমি। এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।