Children’s day 2024: আজি শিশু দিৱস, জানক এই দিনটোৰ গুৰুত্ব আৰু বহু নজনা কথা…

Children's day 2024: আজি সমগ্ৰ দেশে পালন কৰিব শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত দেশত এই দিৱস পালন কৰা হয়। নেহৰুৱে শিশুসকলক যথেষ্ঠ মৰম কৰিছিল আৰু শিশুসকলে মৰমতে তেওঁক 'নেহৰু চাচা' বুলি সম্বোধন কৰিছিল।

Childrens day 2024: আজি শিশু দিৱস, জানক এই দিনটোৰ গুৰুত্ব আৰু বহু নজনা কথা...

আজি শিশু দিৱস

Published: 

14 Nov 2024 07:11 AM

আজি ১৪ নৱেম্বৰ। এই দিনটোতেই সমগ্ৰ দেশে পালন কৰিব শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তী উপলক্ষে আৰু শিশু সকলৰ অধিকাৰৰ বিষয়ে ৰাইজক সজাগ কৰাৰ বিষয়ে এই দিৱস পালন কৰা  হয়। এই দিনটোৰ লগত সংগতি ৰাখি দেশৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিখন বিদ্যালয়তে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত শিশুসকলে বক্তৃতা, কবিতা, গীত- নৃত্য আদিৰ জৰিয়তে নেহৰুক স্মৰণ কৰাৰ লগতে শিশু দিৱসৰ মহত্বৰ বিষয়ে সোঁৱৰাই দিয়ে।

কিয় আৰু কেতিয়াৰ পৰা পালন কৰা হয়

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁ শিশুসকলক যথেষ্ঠ মৰম কৰিছিল আৰু সদায় শিশুসকলৰ কল্যানৰ কথা চিন্তা কৰিছিল। শিশু আৰু তেওঁৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে শিশুসকলে তেওঁক মৰমতে নেহৰু চাচা বুলি সম্বোধন কৰিছিল। শিশুৰ প্ৰতি থকা নেহৰুৰ অগাধ প্ৰেমৰ বাবে তেওঁৰ জন্ম দিনটো ভাৰতত শিশু দিৱস হিচাপে পালন কৰা হয়। নেহৰুৰ মৃত্যু হৈছিল  ১৯৬৪ চনৰ ২৭ মে’ত। সেই বৰ্ষতে সংসদত সৰ্বসন্মতিমৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হব।

মহত্ব বা গুৰুত্ব

আজিৰ সমাজত শিশু দিৱসৰ গুৰুত্ব অধিক। শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতত শিশু দিৱস পালন কৰা হয়। এই দিৱসৰ দ্বাৰা ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰা হয় শিশুৰ শিক্ষা, স্বাস্থ্যকে ধৰি আন মৌলিক অধিকাৰসমূহৰ বিষয়ে। নেহৰুলে কৈ গৈছিল- আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। গতিকে প্ৰতিটো শিশু শিক্ষিত হোৱা প্ৰয়োজন।

জৱাহৰলাল নেহৰুৰ বিষয়ে

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰুপাৰাণী নেহৰু। তেওঁ ঘৰতে ব্যক্তিগত শিক্ষকৰ দ্বাৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল। ঘৰৰ তিনিটা সন্তানৰ ভিতৰতজৱাহৰলাল নেহৰু আছিল ডাঙৰ, বাকী দুগৰাকী আছিল ছোৱালী। জ্যেষ্ঠ ভগ্নী বিজয়া লক্ষ্মী পিছলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা সভানেত্ৰী হৈছিল আৰু কনিষ্ঠ ভগ্নী কৃষ্ণ হাথিছিং এগৰাকী জনপ্ৰিয় লেখিকা হিচাপে পৰিচিত আছিল।

নেহৰুৱে বিদেশত পঢ়া শুনা কৰিছিল। ১৫ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ গৈছিল আৰু তাৰ পৰাই প্ৰাকৃতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯১২ চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। ১৯১৯ চনত তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰিছিল আৰু তাৰ পাছতেই গান্ধী তেওঁ গুৰু হৈ পৰিছিল। নেহৰু কংগ্ৰেছৰ সভাপতি পদত দুবাৰকৈ অধিষ্ঠিত হৈছিল আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল। মৃত্যুৰ সময়লৈকে নেহৰুৱে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ একেধাৰে ৰাজনীতি বিদ, সমাজবিদ, চিন্তাবিদ আদি আছিল। মহাত্মা গান্ধীৰ তত্ত্বাৱধানত তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৰ্বোচ্চ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰা এইগৰাকী নেতাই কেইবাবাৰো কাৰাবাস খাটিবলগীয়াও হৈছিল। ৰাজনীতিৰ লগতে সাহিত্যৰ ক্ষেত্ৰতো নেহৰুৰ বিশেষ যোগদান আছে। নেহৰুৱে  ৰচনা কৰা প্ৰকাশিত কেইখনমান কিতাপ হল -পিতা কে পত্ৰঃপুত্ৰী কে নাম, বিশ্ব ইতিহাস কী ঝলক, মেৰী কাহিনী, ভাৰত কী খোজ-হিন্দুস্তান কী কাহিনী, ৰাজনীতি সে দূৰ, ইতিহাস কে মহাপুৰুষ. ৰাষ্ট্ৰপিতা আদি।  হাৰ্ট এটেকত আক্ৰান্ত হৈ নেহৰুই ১৯৬৪ চনৰ ২৭ মেত মৃত্যুক সাৱতি লৈছিল।

 

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস