Children’s day wish: এনেদৰে প্ৰেৰণ কৰক ‘শিশু দিৱস’ৰ শুভেচ্ছা বাৰ্তা, আপোনাৰ প্ৰিয় শিশুটি হৈ পৰিব সুখী

Children's day wish: প্ৰতি বছৰৰ ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতত শিশু দিৱস পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি এই দিনটোত বিদ্যালয়সমূহত বহু অনুষ্ঠান আয়োজিত হয়।

Childrens day wish: এনেদৰে প্ৰেৰণ কৰক শিশু দিৱসৰ শুভেচ্ছা বাৰ্তা, আপোনাৰ প্ৰিয় শিশুটি হৈ পৰিব সুখী

শিশু দিৱসৰ শুভেচ্ছা

Updated On: 

12 Nov 2024 07:00 AM

সমগ্ৰ দেশজুৰি ১৪ নৱেম্বৰৰ দিনটোত পালন কৰা হয় শিশু দিৱস হিচাপে। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম  দিৱসত প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। নেহৰুৱে শিশুসকলক বহু মৰম কৰিছিল। শিশুসকলৰ সৈতে তেওঁৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিল যাৰ বাবে তেওঁক নেহৰু চাচা বুলি সম্বোধন কৰিছিল। নেহৰুই সদায় শিশু  অধিকাৰ আৰু শিশুৰ ভৱিষ্যতৰ ওপৰত গুৰুত্ব দিছিল।তেওঁ কৈছিল- আজিৰ শিশু, কাইলৈ দেশৰ ভৱিষ্যত। সেয়ে তেওঁৰ জন্ম বাৰ্ষিকীত শিশু দিৱস পালন কৰা হয়।

মহত্ব

শিশু দিৱসৰ মহত্ব অধিক। পণ্ডিত নেহৰুই সদায় শিশুৰ অধিকাৰৰ কথা কৈছিল। তেওঁ বিচাৰিছিল দেশৰ প্ৰতিটো শিশুই লাভ কৰক শিক্ষা। কিয়নো আজিৰ শিশুই ভৱিষ্যতে উন্নত ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। গতিকে এই দিনটোত শিশুৰ অধিকাৰৰ বিষয়ে জনতাক সজাগ কৰাৰ চেষ্টা কৰা হয়। শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতত শিশু দিৱস পালন কৰা হয়।

পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’ত।   সেই বৰ্ষতে পণ্ডিত জৱাহৰলাল নেহৰুক সন্মান দিয়াৰ বাবে সংসদত সৰ্বসন্মতি ক্ৰমে তেওঁৰ জন্ম দিৱস ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তেতিয়াৰ পৰা এই দিনটো শিশু দিৱস হিচাপে পালন কৰৱঅহা হৈছে।

 

এনেদৰে জনাওক শুভেচ্ছা

  • ‘আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত’। আজিৰ এই বিশেষ দিনটোত অকনি সকললৈ শিশু দিৱসৰ শুভেচ্ছা জনালো।
  • আজি এই বিশেষ দিনটোত সকলো শিশুলৈ শুভেচ্ছা। আশা কৰো তোমালোকৰ ভৱিষ্যত সুন্দৰ হৈ উঠক।
  • আজিৰ শিশুই ভৱিষ্যতে উন্নত ৰাষ্ট্ৰ নিৰ্মাণ কৰিব- আদিৰ এই বিশেষ দিনটোতে শিশু দিৱসৰ শুভেচ্ছা।
  • শিশু হৈছে বিশ্বৰ আটাইতকৈ মূল্যৱান সম্পদ আৰু ভৱিষ্যতৰ বাবে ইয়াৰ সৰ্বোত্তম আশা- শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা।
  • আশা কৰো তুমি মনে বিচৰা ধৰণে আগুৱাই যোৱা, নিজৰ লগতে পিতৃ মাতৃৰ নাম জিলিকাই তোলা, সকলো শিশুলৈ শিশু দিৱসৰ বহুত শুভেচ্ছা।
  • শিশু দিৱৰ শুভেচ্ছা থাকিল। মই আশা কৰো তোমাৰ জীৱন হাঁহি, আনন্দ, সমৃদ্ধিৰে ভৰি পৰক।
  • আজিৰ এই বিশেয দিনটোত মই আশা কৰো, তোমাৰ সপোন সাৰ্থক হওক। পৃথিৱীৰ সমগ্ৰ সুখ তুমি লাভ কৰা। তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা
  • আশা কৰো তুমি ভৱা মতেই সকলো সপোন পূৰণ হওক। জীৱনৰ প্ৰত্যাহ্বানক নেওচি তুমি আগুৱাই যোৱা। তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা।
  • শিশু মানেই মাক – দেউতাকৰ জীয়াই থকাৰ এক আশা, তুমি আমাৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ। আজিৰ এই বিশেষ দিনটোত তোমালৈ শিশু দিৱসৰ হিয়াভৰা শুভেচ্ছা।
  • শিশু দিৱস উপলক্ষে শিশু সকলক মই মৰম, শুভেচ্ছা, আশীৰ্বাদ যাচিছোঁ।
  • শিশু দিৱসৰ বহুত শুভেচ্ছা ।  আশা কৰো তোমালোকে শাৰিৰীক, মানসিক, শৈক্ষিক উৎকৰ্ষ সাধনেৰে বৰ্ণিল জীৱন গঢ়ি তোলা ।  জীৱনত সকলো সফলতাই লাভ কৰা…
  • শিশু দিৱসৰ বহুত শুভেচ্ছা। মনত ৰাখিবা, তুমি অনন্য, বিশেষ আৰু তোমাৰ ভাল বেয়া প্ৰতিটো সময়তে মই লগত থাকিম। আগুৱাই যোৱা।
  • শিশুৰ হাঁহিতেই থাকে সুখৰ জগত! শিশু দিৱসৰ বহুত শুভেচ্ছা।
  • সৰু সৰু চকু দুযুৰিত ধৰি ৰাখিছা অলেখ সপোন, সেই সপোনবোৰ গাজলি মেলি হওক বট বৃক্ষ! তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা।
  • তুমি মুক্ত হোৱা, তুমি আগুৱাই যোৱা আৰু এজন ভাল নাগৰিক হোৱা, তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা।
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!