২৬ বছৰে চলালে আৰক্ষী অধীক্ষকৰ বাহনঃ অধীক্ষকৰ এই কাৰ্যই অৱসৰ কৰি তুলিলে স্মৰণীয় | Rajasthan Churu SP Jai Yadav drive for driver Shekhawat on retirement day to his house Assam news - Assam Tv9

২৬ বছৰে চলালে আৰক্ষী অধীক্ষকৰ বাহনঃ অধীক্ষকৰ এই কাৰ্যই অৱসৰ কৰি তুলিলে স্মৰণীয়

কৰ্মক্ষেত্ৰত উচ্চ পদবীধাৰী হ’লেও সৰলতা, শালীনতা আৰু নিকা ভাৱমূৰ্তিৰ ব্যক্তিত্বৰ বাবেও সেই ব্যক্তিসকলে নিজৰ পদবীতকৈ ব্যক্তিত্বৰ বাবে হৈ পৰে অধিক সন্মানীয়। ৰাজস্থানৰ চুৰু জিলাৰ আৰক্ষী অধীক্ষক জয় যাদৱে তেওঁৰ বিভাগীয় গাড়ী চালক শ্বেখাৱটৰ অৱসৰৰ দিনটোত এটি বিশেষ কাৰ্যৰ দ্বাৰা এই কথাষাৰ প্ৰমাণিত কৰি তোলে।

২৬ বছৰে চলালে আৰক্ষী অধীক্ষকৰ বাহনঃ অধীক্ষকৰ এই কাৰ্যই অৱসৰ কৰি তুলিলে স্মৰণীয়

হেড কনিষ্টবলৰ অৱসৰ চিৰ স্মৰণীয় কৰি তুলিলে আৰক্ষী অধীক্ষকে

Published: 

01 Aug 2024 15:05 PM

নিষ্ঠা আৰু সততাৰে নিজ বৃত্তিত নিয়োজিত প্ৰতিগৰাকী ব্যক্তিয়েই হৈ উঠে সন্মানীয়। তেওঁ যি বৃত্তিতেই নিয়োজিত নহওক কিয়, নিজৰ সততা আৰু নিষ্ঠাৰ বাবে সকলোৰে পৰা শ্ৰদ্ধা আৰু সন্মান আদায়ৰ যোগ্য হৈ পৰে। একেদৰে কৰ্মক্ষেত্ৰত উচ্চ পদবীধাৰী হ’লেও সৰলতা, শালীনতা আৰু নিকা ভাৱমূৰ্তিৰ ব্যক্তিত্বৰ বাবেও সেই ব্যক্তিসকলে নিজৰ পদবীতকৈ ব্যক্তিত্বৰ বাবে হৈ পৰে অধিক সন্মানীয়। ৰাজস্থানৰ দুগৰাকী ব্যক্তিয়ে দাঙি ধৰিছে উপৰোক্ত দুয়োটা দিশৰ এক অনন্য নিদৰ্শন। পেছাত দুয়োগৰাকী আৰক্ষী- এগৰাকী আৰক্ষী অধীক্ষক আৰু আনগৰাকী তেওঁৰ বিভাগীয় গাড়ী চালক।

এই দুয়োজন ব্যক্তিৰ কাহিনীয়ে সম্প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ৰাজস্থানৰ চুৰু জিলাৰ আৰক্ষী অধীক্ষক জয় যাদৱে কৰ্মক্ষেত্ৰত দাঙি ধৰা সৰলতাই সকলোকে মোহিত কৰিছে। একেদৰে আৰক্ষী অধীক্ষকগৰাকীৰ পৰা সন্মান লাভ কৰিব পৰাকৈ নিজৰ সততা আৰু নিষ্ঠা পৰিচয় দি আৰক্ষীৰ হেড কনিষ্টবল বাহন চালক শ্বেখাৱটেও অৰ্জিছে সন্মান।

পিছে কি এই বিশেষ ঘটনা! ৩৪ বৰ্ষ ধৰি আৰক্ষী বিভাগত কাম কৰা শ্বেখাৱটৰ অৱসৰৰ দিনটোত আৰক্ষী অধীক্ষকগৰাকীয়ে কৰিছে এক চিৰ স্মৰণীয় কাৰ্য। নিজৰ কৰ্মজীৱন সামৰি ঘৰলৈ উভতাৰ সময়ত শ্বেখাৱটক আৰক্ষী অধীক্ষক জয় যাদৱে নিজেই বাহনখন চলাই নিয়ে। শ্বেখাৱটক ঘৰলৈ নিয়াৰ পূৰ্বে আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁক সম্বৰ্ধনাও জনায়।

হেড কনিষ্টবল শ্বেখাৱটক বিভাগীয় সহকৰ্মীসকলে ফুলৰ মালাৰে কৰ্মজীৱনৰ বিদায় দিয়াৰ সময়ত আৱেগিক হৈ পৰে শ্বেখাৱট। তেওঁৰ এই আৱেগ আৰু অধিক প্ৰজ্বলিত কৰি তুলি আৰক্ষী অধীক্ষক যাদৱে নিজেই গাড়ী চলাই ব্যক্তিগতভাৱে শ্বেখাৱটক বাসগৃ্হলৈ লৈ যায়। এনেকৈয়ে আৰক্ষী অধীক্ষক জয় যাদৱে হেড কনিষ্টবল শ্বেখাৱটৰ অৱসৰৰ দিনটো তেওঁৰ সমগ্ৰ জীৱনৰ বাবে স্মৰণীয় কৰি তোলে।

ইফালে আৰক্ষী অধীক্ষকগৰাকীয়ে শ্বেখাৱটক গাড়ীৰে বাসগৃ্হলৈ লৈ যোৱা দেখি শ্বেখাৱটৰ নিজ পৰিয়ালৰ লগতে চুবুৰীয়া লোকসকল আচৰিত হৈ পৰে। এই দৃশ্য দেখি শ্বেখাৱটৰ পৰিয়াল সুখ আৰু সন্মানত আহ্লাদিত হৈ পৰে। আৰক্ষী অধীক্ষক জয় যাদৱৰ এই পদক্ষেপত শ্বেখাৱট অত্যন্ত আৱেগিক হৈ পৰে। এনে কাৰ্যই তেওঁৰ লগতে পৰিয়ালৰো সন্মান বৃদ্ধি কৰিছে বুলি প্ৰতিক্ৰিয়া জনায় শ্বেখাৱটে।

এই মুহূৰ্তটিৰ বাখ্যা কৰিবলৈ তেওঁৰ ওচৰত কোনো শব্দ নাই বুলিও মন্তব্য কৰে বিদায়ী হেড কনিষ্টবলগৰাকীয়ে। উল্লেখ্য যে নিজৰ ৩৪ বছৰীয়া কৰ্মজীৱনত শ্বেখাৱটে ২৬ গৰাকী আৰক্ষী অধীক্ষকৰ বাহন চলাইছিল। এই দীঘলীয়া কৰ্মজীৱনৰ অন্তিম দিনটোত আৰক্ষী অধীক্ষকগৰাকীৰ এটি মাত্ৰ সামান্য পদক্ষেপে শ্বেখাৱটৰ লগতে পৰিয়ালটোকো কৰি তুলিলে গৌৰৱান্বিত।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?