এই সময়লৈকে যেন আছিল অপেক্ষা ! টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰৰ পদত শান্তনু নাইডু

প্ৰখ্যাত ব্যৱসায়ী প্ৰয়াত ৰতন টাটাৰ বিশ্বস্ত সহযোগী শান্তনু নাইডু পুনৰ টাটাৰ সান্নিধ্যলৈ আহিছে । টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে শান্তনুক । লগতে ষ্ট্ৰেটেজিক ইনিচিয়েটিভৰো মুৰব্বী নিযুক্ত কৰা হৈছে তেওঁক ।

এই সময়লৈকে যেন আছিল অপেক্ষা ! টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰৰ পদত শান্তনু নাইডু

ৰতন টাটাৰ সৈতে শান্তনু নাইডু

Published: 

06 Feb 2025 18:50 PM

প্ৰখ্যাত ব্যৱসায়ী প্ৰয়াত ৰতন টাটাৰ ছাঁৰ দৰে আছিল যুৱকজন । যেতিয়া ৰতন টাটাৰ দেহাৱসান ঘটে, শোকত ভাগি পৰিছিল এইজন যুৱক । তেওঁৰ নাম শান্তনু নাইডু । ৰতন টাটাৰ বিয়োগত শোকত ভাগি পৰা শান্তনুক দেখি সকলোৱে অনুভৱ কৰিছিল আপোনজনক হেৰুওৱাৰ দুখ কিমান গভীৰ । এতিয়া পুনৰ শান্তনু নাইডু টাটাৰ সান্নিধ্যলৈ আহিছে । টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছে শান্তনুক । লগতে ষ্ট্ৰেটেজিক ইনিচিয়েটিভৰো মুৰব্বী নিযুক্ত কৰা হৈছে তেওঁক ।

টাটা মটৰ্ছৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ এটা আবেগিক পোষ্ট কৰে শান্তনুৱে । লিংকড ইনত তেওঁ লিখিছে, “আনন্দেৰে জানাওঁ যে টাটা মটৰ্ছৰ জেনেৰেল মেনেজাৰ আৰু ষ্ট্ৰেটেজিক ইনিচিয়েটিভৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিবলৈ লৈছোঁ । মোৰ মনত আছে, মোৰ দেউতাই যেতিয়া বগা চাৰ্ট আৰু নীলা পেন্ট পিন্ধি টাটা মটৰ্ছৰ প্লান্টৰ পৰা খোজ কাঢ়ি ঘৰলৈ আহে, মই খিৰিকীৰ কাষত ৰৈ অপেক্ষা কৰিছিলোঁ । সেই বৃত্ত সম্পূৰ্ণ হ’ল ।”

২০১৪ চনত সাবিত্ৰীবাই ফুলে পুনে ইউনিভাৰ্চিটিৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰী গ্ৰহণ কৰে শান্তনুৱে । তাৰ পাছত ২০১৬ চনত কৰ্ণেল ইউনিভাৰ্চিটিৰ পৰা এমবিএ কৰে । এই সময়তেই তেওঁৰ দেখা হৈছিল ৰতন টাটাৰ সৈতে । ২০১৪ চনত শান্তনুৱে উদ্ভাৱন কৰিছিল বাটৰ কুকুৰবোৰক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰা এক বিশেষ কৌশল । ৰতন টাটাৰ চকু পৰিছিল সেই কৌশলত ।

প্ৰথম সাক্ষাতৰ পৰাই দুয়োৰে মাজত গঢ়ি উঠে বন্ধুত্ব । শান্তনু যিদৰে ৰতন টাটাৰ কথা-বতৰা আৰু ব্যৱহাৰত মুগ্ধ হৈছিল, ৰতন টাটাও শান্তনুৰ চিন্তাধাৰা আৰু ভৱিষ্যত পৰিকল্পনাৰ প্ৰতি আকৰ্ষিত হৈছিল । দুয়োজনৰেই আছিল কুকুৰৰ প্ৰতি অগাধ প্ৰেম । এইদৰেই শান্তনু ৰতন টাটাৰ সৈতে ঘনিষ্ঠ হৈ পৰে । ২০১৮ চনত ৰতন টাটাৰ সহকাৰী হিচাপে তেওঁ কাম আৰম্ভ কৰে ।

ৰতন টাটাক শান্তনুৱে মৰমতে মাতিছিল লাইট হাউছ । নিজৰ গ্ৰন্থ, “আই কেম আপন এ লাইটহাউছ” ত তেওঁলোকৰ বন্ধুত্ব, এডভেঞ্চাৰ আদিৰ কথা উল্লেখ কৰিছে শান্তনুৱে । ৰতন টাটা ব্যক্তিগত জীৱনত কেনে আছিল সেয়াও উল্লেখ কৰিছে ।

২০২৪ চনৰ ৯ অক্টোবৰত ৮৬ বছৰ বয়সত ৰতন টাটাই শেষ নিশ্বাস ত্যাগ কৰে । তেওঁ নিজৰ উইলত শান্তনুৰ বাবেও বিশেষ উপহাৰ প্ৰদান কৰি যায় । ২০২১ বৰ্ষত ৰতন টাটা আৰু শান্তনুৰ যৌথ উদ্যোগত প্ৰতিষ্ঠা কৰা গুডফেল’ৰ পৰা নিজৰ স্বত্বাধিকাৰ পৰিহাৰ কৰে ৰতন টাটাই । লগতে মাফ কৰা হয় শান্তনুৱে অধ্যয়নৰ বাবে লোৱা সমস্ত ঋণ ।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ