5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

CJIৰ বাসগৃ্হত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতি সন্দৰ্ভত অব্যাহত বিতৰ্কঃ CJARৰ বিবৃতি

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ বাসগৃ্হত প্ৰদানমন্ত্ৰী মোদীয়ে পূজা আগবঢ়োৱাৰ বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰবল বিতৰ্কৰ মাজতে এক বিবৃতি প্ৰকাশ কৰিছে চি জে এ আৰ- এ। বিবৃতিটোত চি জে এ আৰ- এ ন্যায়পালিকাক কাৰ্যপালিকাৰ পৰা সম্পূৰ্ণ স্বাধীন হিচাপে গণ্য কৰা উচিত বুলি উল্লেখ কৰিছে।

CJIৰ বাসগৃ্হত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতি সন্দৰ্ভত অব্যাহত বিতৰ্কঃ CJARৰ বিবৃতি
মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ বাসগৃ্হত প্ৰধানমন্ত্ৰী মোদীৰ পূজা
Follow Us
monjit-dutta
Monjit Dutta | Updated On: 12 Sep 2024 23:04 PM

বুধবাৰে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰ্চূড়ৰ বাসগৃ্হত গণেশ পূজাত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ সৈতে প্ৰদানমন্ত্ৰী মোদীয়ে পূজা আগবঢ়োৱাৰ ফটো প্ৰকাশ পোৱাৰ পিছতে এই বিষয়ক কেন্দ্ৰ কৰি প্ৰবল বিতৰ্কৰ সৃষ্টি হয় দেশত। এই বিষয়ত সমালোচনাত মুখৰ পৰে বিৰোধীয়ো। এনে বিতৰ্কৰ মাজতে সমগ্ৰ বিষয়টোৰ ওপৰত এক বিবৃতি প্ৰকাশ কৰিছে চি জে এ আৰ (কেম্পেইন ফৰ জুডিচিয়েল একাউণ্টেবিলিটি এণ্ড ৰিফৰ্মছ)এ।

এই বিবৃতিত হৈছে চি জে এ আৰ- এ কয় যে কোনো ভয় বা পক্ষপাত নোহোৱাকৈ সংবিধান ৰক্ষা আৰু ন্যায় প্ৰশাসনৰ দায়িত্ব ন্যায়পালিকাৰ। গতিকে ন্যায়পালিকাক কাৰ্যপালিকাৰ পৰা সম্পূৰ্ণ স্বাধীন হিচাপে গণ্য কৰা উচিত। এই বিতৰ্ক সন্দৰ্ভত প্ৰাক্তন কংগ্ৰেছ নেতা তথা অধিবক্তা কপিল ছিবালেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শীৰ্ষ পদবীত থকা লোকসকলে কোনো ব্যক্তিগত অনুষ্ঠানৰ প্ৰচাৰ কৰিব নালাগে বুলি মন্তব্য কৰে ছিবালে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি থকা ছিবালে লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এনে ব্যক্তিগত অনুষ্ঠানত উপস্থিত থাকিব নালাগে বুলিও মন্তব্য কৰে। তেওঁৰ মতে, কোনো লোকেই নিজকে এনে পৰিস্থিতিত ৰাখিব নালাগে, যাৰ বাবে মানুহে যিকোনো প্ৰতিষ্ঠানক প্ৰশ্ন কৰে। “প্ৰধানমন্ত্ৰী মোদীয়ে যিসকলৰ পৰা পৰামৰ্শ লৈছিল, তেওঁলোকে এনে কাৰ্যৰ দ্বাৰা ভুল বাৰ্তা প্ৰেৰিত হ’ব পাৰে বুলি আঙুলিয়াই দিব লাগিছিল”- ছিবালে লগতে কয়।

উল্লেখ্য যে বুধবাৰে চি জে আইৰ বাসগৃ্হত গণেশ পূজাত অংশ লৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পিছত তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সতো এই ভ্ৰমণৰ ছবি পোষ্ট কৰিছিল। পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে লিখিছিল, “CJI ডি ৱাই চন্দ্ৰ্চূড়ৰ বাসগৃহত গণেশ পূজাত অংশ ল’লো। ভগৱান গণেশে আমাক সকলোকে সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য প্ৰদান কৰক।” প্ৰধানমন্ত্ৰী মোদীৰ এই টুইটটোৰ পিছতে সোচ্চাৰ হৈ পৰে বিৰোধী।

ইফালে বিৰোধীৰ এনে সমালোচনাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিয়েও। শাসকীয় দলটোৰ মুখপাত্ৰ সম্বিত পাত্ৰই কংগ্ৰেছসহ বিৰোধীক আক্ৰমণ কৰি ‘যদি ইফটাৰ পাৰ্টিত প্ৰধানমন্ত্ৰী আৰু মুখ্য ন্যায়াধীশৰ সাক্ষাৎ হ’ব পাৰে, তেতিয়াহ’লে এই উৎসৱত সাক্ষাতক লৈ আপত্তি কিয় হয়’ বুলি প্ৰশ্ন কৰে। কংগ্ৰেছ আৰু মিত্ৰ দলসমূহে অহংকাৰৰ বাবেই এই বিষয়ক লৈ ৰাজনীতিত কৰিছে বুলি দাবী কৰে সম্বিত পাত্ৰই।

Latest News