5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱঃ ডাৱৰ বিস্ফোৰণৰ ফলত উটি গ’ল ২৫ টা ঘৰ, সন্ধানহীন ৩৬ জন লোক

হিমাচল প্ৰদেশৰ ছিমলাৰ ৰামপুৰত বৃহস্পতিবাৰে সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে বহু গাঁও। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানত বহু গাঁও ডুব গৈছে। বানে কেইছেকেণ্ডমানৰ ভিতৰতে উটুৱাই নিয়ে ২৫টাকৈ ঘৰ। আনহাতে ৩৬ জন লোক এই ঘটনাৰ ফলত এতিয়াও সন্ধানহীন হৈ আছে।

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱঃ ডাৱৰ বিস্ফোৰণৰ ফলত উটি গ’ল ২৫ টা ঘৰ, সন্ধানহীন ৩৬ জন লোক
প্ৰকৃতিৰ ৰোষত হিমাচল
monjit-dutta
Monjit Dutta | Published: 02 Aug 2024 15:09 PM

প্ৰকৃতিৰ ৰোষত পৰিছে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ। শেহতীয়া কিছুদিন ধৰি ৰাজ্যখনত বৰষুণ আৰু বানে সৃষ্টি কৰিছে তাণ্ডৱৰ। বৰষুণ আৰু বানৰ ফলত ৰাজ্যখনৰ কেউপিনে দেখা গৈছে ধ্বংসলীলা। বিগত কিছুদিনত হিমাচলৰ বহু ঠাইত ডাৱৰ বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছে। বৃহস্পতিবাৰে ৰাজ্যখনৰ ছিমলাত পুনৰ সংঘটিত হৈছে আন এক ডাৱৰ বিস্ফোৰণ। ছিমলাৰ ৰামপুৰত ডাৱৰ বিস্ফোৰণৰ ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে বহু গাঁও। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানত বহু গাঁও ডুব গৈছে।

প্ৰকাশিত খবৰ অনুসৰি ৰামপুৰৰ ঝাকৰিত জল প্ৰকল্পৰ সমীপত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত পানীৰে উপচি পৰে সমেজ খাদ। ইয়াৰ পিছতে সৃষ্টি হোৱা বানে কেইছেকেণ্ডমানৰ ভিতৰতে উটুৱাই নিয়ে ২৫টাকৈ ঘৰ। আনহাতে ৩৬ জন লোক এই ঘটনাৰ ফলত এতিয়াও সন্ধানহীন হৈ আছে। নিৰুদ্দিষ্ট এই লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

নিৰুদ্দিষ্ট লোকসকলৰ ভিতৰত বিহাৰ-ঝাৰখণ্ডৰ কেইগৰাকীমান ব্যক্তি আছে বুলিও জানিব পৰা গৈছে।  আটাইকেইজন লোক কৰ্মসূত্ৰে আছিল অঞ্চলটোত। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত কেইজনমান লোকৰ মৃত্যুৰ সম্ভাৱনাও প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। বানৰ ফলত এটা পৰিয়াল ঘৰৰ সৈতে পানীত উটি যোৱা বুলি জানিবলৈ দিছে গাঁওবাসীয়ে।

ছিমলাৰ উপায়ুক্ত অনুপম কাশ্যপে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে প্ৰকৃতিৰ এনে ভয়াৱহ পৰিস্থিতিৰ ফলত উদ্ধাৰ অভিযান চলোৱাত কিছু সমস্যাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল। নিৰুদ্দিষ্ট লোকসকলৰ বহুকেইটা বিভাগীয় দল নিয়োগ কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে। তেওঁ লগতে সন্ধানহীন লোকসকলক উদ্ধাৰৰ বাবে যথাসম্ভৱ সকলো প্ৰচেষ্টা চলোৱা হ’ব বুলি উপায়ুক্তগৰাকীয়ে লগতে কয়।

উপায়ুক্তগৰাকীয়ে সদৰী কৰা মতে এন ডি আৰ এফ, এছ ডি আৰ এফ, স্থানীয় আৰক্ষী, আই টি বি পি, আৰক্ষী আৰু গৃহৰক্ষীৰ দল এই উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। ঘটনা সংঘটিত হোৱা সামেজ গাঁৱৰ পৰা নিৰুদ্দিষ্ট লোকসকল বহু দূৰলৈ উটি যোৱা বুলি আশংকা প্ৰকাশ কৰিছে উপায়ুক্তগৰাকীয়ে।

Latest News