ভয়ংকৰ! CNG পৰিবাহী টেংকাৰ বিস্ফোৰিত হৈ ৪০খনতকৈ অধিক বাহনত জুই, ৬জনৰ মৃত্যু, আহত ৩০জন
শুকুৰবাৰে পুৱা ৰাজপথত এখন CNG পৰিবাহী টেংকাৰত ভয়ংকৰ বিস্ফোৰণ হয়। যাৰ ফলত কেইবাখনো বাহনত জুই লাগে। এই জুইৰ ফলত ৬জনকৈ লোকৰ মৃত্যু হয়। জ্বলি যোৱা বাহনত মৃতদেহৰ সন্ধানত এতিয়াও অব্যাহত আছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ অভিযান।
এক ভয়ংকৰ বিস্ফোৰণে জোকাৰি গ’ল ৰাজস্থান। শুকুৰবাৰে পুৱা ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ আজমেৰ ৰোডত এখন CNG পৰিবাহী টেংকাৰত ভয়ংকৰ বিস্ফোৰণ হয়। যাৰ ফলত কেইবাখনো বাহনত জুই লাগে। এই জুইৰ ফলত মৃত্যু হয় ৬জনকৈ লোকৰ । দুৰ্ঘটনাটোত আহত হৈছে ৩০জন লোক। আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি,শুকুৰবাৰে (২০ ডিচেম্বৰ) পুৱা প্ৰায় ৫:৩০ বজাত এখন CNG ভৰ্তি টেংকাৰ আন এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। তাৰ পিছত টেংকাৰখনত জুই লাগে।
আৰক্ষীয়ে কয়, শুকুৰবাৰে ৰাতিপুৱা ভাংক্ৰোটা অঞ্চলৰ জয়পুৰ-আজমেৰ ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। ৰাস্তাত পেট্ৰ’ল পাম্পৰ ওচৰত এখন চিএনজি টেংকাৰ আৰু এখন ট্ৰাকৰ সংঘৰ্ষ হয়। যাৰ ফলত টেংকাৰখনত জুই লাগে। এই জুয়ে ঘাইপথৰ কাষত থকা এটা পাইপ কাৰখানা, ৰাস্তাৰ মাজেৰে যোৱা ৪০খনকৈ বাহন, পেট্ৰ’ল পাম্পৰ এটা অংশও আগুৰি ধৰিছিল। জুই লগাৰ পিছত ঘটনাস্থলীত আৰম্ভ হৈছিল চিঞৰ-বাখৰ । জ্বলি যোৱা বাহনত মৃতদেহৰ সন্ধানত অব্যাহত আছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ অভিযান।
দুৰ্ঘটনাটোৰ ফলত ৰাজপথেৰে যোৱা যাত্ৰীৰে ভৰ্তি এখন স্লিপাৰ বাছতো জুই লাগে। সেই সময়ত কিছুমান লোকে বাছৰ পৰা নামি নিজৰ জীৱন ৰক্ষা কৰিছিল। কিন্তু বহুতো লোক এই দুৰ্ঘটনাটোত আহত হয়। আহতসকলক স্থানীয় লোকৰ সহায়ত অসামৰিক প্ৰতিৰক্ষা দলে উদ্ধাৰ কৰি মানসিং চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে
ঘটনাস্থলীত ২০খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত জুই নুমুৱাবলৈ চেষ্টা কৰি থকা হৈছে, যদিও এতিয়ালৈকে জুই নিয়ন্ত্ৰণ হোৱা নাই। ৰাজপথটোৰে নিষিদ্ধ কৰা হৈছে যানবাহনৰ চলাচল । জুইৰ ফলত ক’লা ধোঁৱাই ছানি ধৰিছে আকাশ। যি ধোঁৱা কেইবা কিলোমিটাৰ দূৰৰ পৰা দৃশ্যমান হৈছে। ঘটনাস্থলীত বৰ্তমানো উদ্ধাৰ অভিযান চলাই থকা হৈছে।
দুৰ্ঘটনা সন্দৰ্ভত খবৰ লাভৰ পাছতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। চিকিৎসকসকলৰ পৰা তথ্য লাভ কৰে। ইফালে স্বাস্থ্য মন্ত্ৰী গজেন্দ্ৰ সিঙে এছএমএছ চিকিৎসালয়ত আহতসকলৰ চিকিৎসা নিৰীক্ষণ কৰি আছে।