5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুজৰাটৰ পোৰবন্দৰত দুৰ্ঘটনাত পতিত ক’ষ্ট গাৰ্ডৰ হেলিকপ্টাৰ, নিহত ৩ জন…

গুজৰাটৰ পোৰবন্দৰ জিলাত ক’ষ্ট গাৰ্ডৰ হেলিকপ্টাৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে । বৰ্তমানলৈকে লাভ কৰা খবৰ অনুসৰি, এই দুৰ্ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে আন কেইজনো আহত হোৱা বুলি খবৰ লাভ কৰা হৈছে ।

গুজৰাটৰ পোৰবন্দৰত দুৰ্ঘটনাত পতিত ক’ষ্ট গাৰ্ডৰ হেলিকপ্টাৰ, নিহত ৩ জন…
দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ
manas-borah
Manas Borah | Updated On: 05 Jan 2025 14:37 PM

দেওবাৰে গুজৰাটৰ পোৰবন্দৰ জিলাত ক’ষ্ট গাৰ্ডৰ হেলিকপ্টাৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে । বৰ্তমানলৈকে লাভ কৰা খবৰ অনুসৰি, এই দুৰ্ঘটনাত তিনিজন পাইলটকে ধৰি তিনিজন জোৱান নিহত হোৱা বুলি জানিব পৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, দেওবাৰে গুজৰাটৰ পোৰবন্দৰ বিমানবন্দৰত অৱতৰণৰ সময়ত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনা পতিত হয় । এই দুৰ্ঘটনাত হেলিকপ্টাৰ খনত থকা তিনি ক্ৰু মেম্বাৰ নিহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

পোৰবন্দৰৰ আৰক্ষী অধীক্ষক ভগীৰথসিংহ জাডেজাই জানিবলৈ দিয়া মতে, দেওবাৰে দিনৰ ১২.১০ বজাত এই ঘটনা সংঘটিত হয়। তেওঁ কয় যে, আইচিজিৰ এই এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ)ত তিনিজন ক্ৰু মেম্বাৰ আছিল। দুৰ্ঘটনাত পতিত হোৱা হেলিপ্টাৰখনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাগ্ৰস্ত হেলিকণ্টাৰৰ পৰা ক্ৰু মেম্বাৰ কেইজন উদ্ধাৰ কৰি পোৰবন্দৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । কিন্তু তিনিওজন ক্ৰু মেম্বাৰৰ চিকিৎসালয়তে মৃত্যু হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

আন এক সূত্ৰৰ খবৰ অনুসৰি, হেলিকপ্টাৰখনত দুজন পাইলটকে ধৰি তিনিজন জোৱান আছিল। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । প্ৰাথমিক তথ্য অনুসৰি কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে। দুজন পাইলটকে ধৰি বিমানখনত আছিল ফিচ কৰ্মী।

মন কৰিবলগীয়া যে, ক’ষ্ট গাৰ্ড হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে আহত সকলোকে চিকিৎসাৰ বাবে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ হয় আৰু আৰক্ষী আৰু অন্যান্য সংস্থাই বিমানবন্দৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, হেলিকপ্টাৰখন ক’লৈ গৈ আছিল বা ক’ৰ পৰা উভতি আহিছিল সেয়া এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই। অৱশ্যে হেলিকপ্টাৰখন অৱতৰণ কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

Latest News