শোকাৱহ ঘটনা! বাহনৰ ভিতৰতে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে ৪ অভিযন্তাই

ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ  হৈ চাৰিজন অভিযন্তাৰ মৃত্যু  হয়। এই দুৰ্ঘটনাত আহত  হৈছে বহু লোক। আহতসকলক ততাতৈয়াকৈ  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শোকাৱহ ঘটনা! বাহনৰ ভিতৰতে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে ৪ অভিযন্তাই

জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে ৪ অভিযন্তাই

Updated On: 

19 Mar 2025 17:46 PM

আন এক ভয়ংকৰ দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে সকলোকে। চলন্ত বাহনৰ ভিতৰতে  অগ্নিদগ্ধ  হৈ মৃত্যুক সাৱটিলে ৪জনকৈ অভিযন্তাই। বাহনখনত জুই লগাৰ পাছত চালকসহ  আগত বহি থকা লোকসকল বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও পিছফালে বহি থকাসকল বাহনখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে। আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কৰ্মচাৰী কঢ়িয়াই নিয়া কোম্পানী বাহনত গৈ আছিল আটাইকেইজন লোক।

মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। য’ত পিম্পৰী-চিঞ্চৱাদ হিঞ্জেৱাড়ী অঞ্চলত এখন ট্ৰেভেলাৰত জুই লাগে। ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ  হৈ চাৰিজন অভিযন্তাৰ মৃত্যু  হয়। এই দুৰ্ঘটনাত আহত  হৈছে বহু লোক। আহতসকলক ততাতৈয়াকৈ  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ট্ৰেভেলাৰখনত ভায়োমা গ্রাফিক্স কোম্পানীৰ ১২ জন কর্মচাৰী আছিল৷ অগ্নিকাণ্ডৰ সময়ত বাহনখনৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল কৰ্মচাৰীসকল। যাৰ বাবে তেওঁলোক অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ভায়োমা গ্রাফিক্স কোম্পানীৰ ১২ জন কর্মচাৰীয়ে ট্ৰেভেলাৰখনত যাত্ৰা কৰি আছিল। তাৰ পাছত হঠাৎ হিঞ্জেৱাড়ী ফেজ ৱানত বাহনখনৰ চালকৰ কাষত জুই লাগে। তাৰ পাছতে ড্ৰাইভাৰজনৰ লগতে আগত বহি থকা কৰ্মচাৰীসকল বাহনখনৰ পৰা নামি যায়। কিন্তু ট্ৰেভেলাৰখনৰ পিছফালৰ দুৱাৰখন খোলা নথকাৰ বাবে পিছফালে বহি থকাসকলক চৌদিশৰ পৰা জুইয়ে আগুৰি ধৰে। তাৰে চাৰিজন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। সেই সময়ত তমন্না চক্ৰৰ পৰা ৰেজৱান অভিমুখে গৈ আছিল ভ্যোমা প্ৰিন্টিং প্ৰেছৰ বাহনখন। এনেতে হঠাৎ ট্ৰেভেলাৰখনত সন্মুখত জুইৰ সূত্ৰপাত হোৱাত হুলস্থুলৰ সৃষ্টি হয়। জুইৰ শিখা দেখি বাহনখনৰ চালকজন জপিয়াই ওলাই আহে।

ৰাতিপুৱা প্ৰায় আঠ বজাত সংঘটিত হয় এই ঘটনা। ট্ৰেভেলাৰখনত মুঠ ১৫ জন লোক আছিল। সন্মুখত বহি থকা লোকসকলে লগে লগে বাহনখনৰ পৰা জপিয়াই নিজৰ জীৱন ৰক্ষা কৰে। কিন্তু পিছফালে বহি থকাসকলে দুৱাৰখন খুলিবলৈ বহু চেষ্টা কৰিও ওলাই আহিব নোৱাৰিলে। ইয়াৰে চাৰিজন কৰ্মচাৰী অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰে। তথ্য অনুসৰি, মৃত চাৰিজন নিহত অভিযন্তা আছিল। ইফালে, দুৰ্ঘটনাটোত আহতসকলক চিকিৎসাৰ বাবে ৰুবী হল ক্লিনিক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই কেনেদৰে চলিত বাহনখনত জুই লাগিছিল।

গৰমৰ দিনত দৈনিক কেঁচা পিয়াঁজ খালে কি হয় জানেনে?
কোনখন ধৰ্মগ্ৰন্থ আৰু কোনজন ভগৱানৰ মূৰ্তি লৈ সুনীতা মহাকাশত গৈছিল
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা