শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসম, কেৰালাৰ দলীয় জ্যেষ্ঠ নেতাৰে গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কংগ্ৰেছৰ…

অসম আৰু কেৰালাৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে জৰুৰী বৈঠকৰ আহ্বান কংগ্ৰেছৰ । ৰাজ্য দুখনত সংগঠনটোৰ বৰ্তমানৰ স্থিতি আৰু অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ত কংগ্ৰেছে এই বৈঠক আহ্বান জনাইছে বুলি জানিব পৰা গৈছে ।

অসম, কেৰালাৰ দলীয় জ্যেষ্ঠ নেতাৰে গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কংগ্ৰেছৰ…
কংগ্ৰেছৰ পতাকাImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 26 Feb 2025 23:02 PM

অসম আৰু কেৰালাৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকৰ আহ্বান জনাইছে কংগ্ৰেছে । ৰাজ্য দুখনত সংগঠনটোৰ বৰ্তমানৰ স্থিতি আৰু অহা বছৰ অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ত কংগ্ৰেছে এই বৈঠক আহ্বান জনাইছে বুলি জানিব পৰা গৈছে । সূত্ৰই জনোৱা মতে, এই সপ্তাহতে অনুষ্ঠিত হ’ব এই বৈঠক ।

বিশেষকৈ ৰাজ্য দুখনত দলৰ স্থিতিক লৈ বৃহস্পতিবাৰে অসমৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ কথা । কেৰালা আৰু অসম উভয়তে কংগ্ৰেছ প্ৰধান বিৰোধী দল । দুয়োখন ৰাজ্যতে ক্ৰমে এল ডি এফ আৰু বিজেপিৰ মূল প্ৰতিদ্বন্দ্বী দল হৈছে কংগ্ৰেছ । উল্লেখ্য যে, অহা বছৰৰ মাৰ্চ-এপ্ৰিল মাহত কেৰেলা আৰু অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা সম্ভাৱনা আছে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সৈতে অনুষ্ঠিত হ’বলগীয়া  বৈঠক দুখনত দুয়োখন ৰাজ্যৰ দলীয় ভাৰপ্ৰাপ্ত বিষয়া, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি, বিধানসভাৰ নেতা, সাংসদ আৰু বহু জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ।

ৰাজনৈতিক মহলত চলি থকাৰ অনুসৰি, নিৰ্বাচনৰ পূৰ্বে দুয়োখন ৰাজ্যতে দলৰ সাংগঠনিক দিশটো শক্তিশালী কৰাৰ ওপৰত অধিক গুৰুত্ব দি আহিছে । তদুপৰি ৰাজ্য়ৰ দুখনত দল দুটাৰ স্থিতি আৰু নেতৃত্ব শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব দিছে কংগ্ৰেছে।

মনকৰিবলগীয়া যে, এল ডি এফ চৰকাৰৰ অধীনত কেৰালাত উদ্যোগীকৰণ বৃদ্ধিৰ পোৱা বুলি প্ৰশংসা কৰি ইংৰাজী ভাষাৰ এখন দৈনিক কাকতত শশী থাৰুৰে এটা লেখা লিখিছিল । এই লেখাটোৱে এসপ্তাহ পূৰ্বে ৰাজ্যখনত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছিল। কংগ্ৰেছৰ নেতাসকলে এই লেখাটোৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে চি পি আই (এম)য়ে ইয়াক আদৰণি জনাইছিল।