5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Bhupesh Baghel: ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত পুনৰ লোকসভা নিৰ্বাচন! কংগ্ৰেছ নেতাৰ ডাঙৰ দাবী

Lok Sabha Election 2024: অহা ৯ জুন তাৰিখে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব এনডিএৰ নেতা নৰেন্দ্ৰ মোদীয়ে । কিন্তু ইয়াৰ মাজতে পুনৰ নিৰ্বাচনৰ বিষয়টোক লৈ চৰ্চা অব্যাহত আছে । শেহতীয়াকৈ ইয়াকলৈ এক ডাঙৰ দাবী উত্থাপন কৰিছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে । বাঘেলৰ মতে, এবছৰৰ ভিতৰত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

Bhupesh Baghel: ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত পুনৰ লোকসভা নিৰ্বাচন! কংগ্ৰেছ নেতাৰ ডাঙৰ দাবী
ভূপেশ বাঘেল
manas-borah
Manas Borah | Published: 08 Jun 2024 12:36 PM

ভাৰতৰ লোকসভা নিৰ্বাচন শেষ হ’ল । অহা ৯ জুন তাৰিখে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব এনডিএৰ নেতা নৰেন্দ্ৰ মোদীয়ে । কিন্তু ইয়াৰ মাজতে পুনৰ নিৰ্বাচনৰ বিষয়টোক লৈ চৰ্চা অব্যাহত আছে । শেহতীয়াকৈ ইয়াকলৈ এক ডাঙৰ দাবী উত্থাপন কৰিছে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলে । বাঘেলৰ মতে, এবছৰৰ ভিতৰত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

যোৱা শুকুৰবাৰে এন ডি এৰ নেতাসকল বৈঠকত মিলিত হৈছিল আৰু আজি কংগ্ৰেছৰ নেতা সকলো বৈঠকত মিলিত হ’ব । এই বৈঠকৰ পূৰ্বেই শুকুৰবাৰে ভূপেশ বাঘেলে দাবী কৰে যে, এবছৰৰ ভিতৰত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। দলীয় কৰ্মীসকলক সম্বোধন কৰি তেওঁ কয়,”আপোনালোক সকলো সাজু হোৱা উচিত।” ৬ মাহৰ পৰা ১ বছৰৰ মাজত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।”

উত্তৰ প্ৰদেশ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীক একেসময়তে সমালোচনা কৰি ভূপেশ বাঘেলে কয় যে, যোগী আদিত্যনাথৰ চকী কঁপিছে, ভজন লাল শৰ্মা কঁপিছে, আনকি দেৱেন্দ্ৰ ফডনভিছেও পদত্যাগ কৰিছে।

চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীকো তীব্ৰ সমালোচনা কৰে । তেওঁ কয়, এইবাৰ উটটো পাহাৰৰ তললৈ আহিছে। আগতে দিনটোত তিনিবাৰকৈ কাপোৰ সলনি কৰা সকলে, এতিয়া এযোৰ পোছাক পিন্ধি তিনিটা ইভেণ্টত অংশগ্ৰহণ কৰিছে । এতিয়া তেওঁলোকে কি খায়, কি পান কৰে, কি পিন্ধে সেইটো লৈ কোনো গুৰুত্ব নিদিয়ে। মানুহে তেওঁলোকক উপযুক্ত শিক্ষা দিছে। যিসকলে দল ভাঙিব বিচাৰে, মুখ্যমন্ত্ৰীক জেলত ভৰাই ভয় খুৱাব বিচাৰে তাৰ শিক্ষা জনগণে তেওঁলোকক দিছে বুলি তীব্ৰ সমালোচনা কৰে ভূপেশ বাঘেলে ।

Latest News