দলৰ ওপৰত তীব্ৰ অসন্তুষ্টি! বিজেপিত যোগদান কৰিব নেকি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে?

বিজেপিত যোগদান কৰিব নেকি কংগ্ৰেছ নেতা শশী থাৰুৰ? শেহতীয়াকৈ চলি থকা কিছুমান ঘটনাৰাজিয়ে এই কথাৰেই ইংগিত প্ৰদান কৰিছে। ইয়াৰ মাজতে থাৰুৰে বিজেপি নেতাৰ সৈতে পোষ্ট কৰিছে ফটো।

দলৰ ওপৰত তীব্ৰ অসন্তুষ্টি! বিজেপিত যোগদান কৰিব নেকি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে?

বিজেপি নেতাৰ সৈতে শশী থাৰুৰ

Published: 

26 Feb 2025 13:44 PM

ৰাজনীতি! এই দিশটোৰ লগত জড়িত খবৰবোৰ বহু সময়ত অনুমানৰ ওপৰত নিৰ্ভৰশীল হয়। কেতিয়াবা মিলে, কেতিয়াবা নিমিলে। কেতিয়া, কেনেকৈ, ক’ত খবৰবোৰ সলনি হৈ যায় ধৰিবই নোৱাৰি। বহু সময়ত ৰাজনীতি ক্ষেত্ৰখনত কিছুমান খবৰ ঘূৰি ফুৰে। তেতিয়া এই খবৰসমূহ সন্দৰ্ভত ধাৰণা কৰাৰ বাহিৰে মানুহৰ ওচৰত অন্য কোনো বিকল্প নাথাকে। বৰ্তমান সময়ত দেশৰ ৰাজনীতিত পাকঘূৰণি খাই আছে এটা খবৰ। এই খবৰটো হ’ল- কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ শশী থাৰুৰে যোগদান কৰিব বিজেপিত।

যোৱা কেইটামান দিনত শশী থাৰুৰে কংগ্ৰেছ দলৰ ওপৰত বহু অসন্তুষ্টি ব্যক্ত কৰি আহিছে।  কংগ্ৰেছত নিজকে অকলশৰীয়া অনুভৱ কৰিছে থাৰুৰে। এনে ধৰণৰ অভিযোগ লৈ শেহতীয়াকৈ থাৰুৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল আৰু  দলত নিজৰ ৰাজনৈতিক ভূমিকাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰাহুলে এই ক্ষেত্ৰত কোনো বিশেষ সঁহাৰি প্ৰদান নকৰাত থাৰুৰৰ মন দলৰ প্ৰতি যেন বিদ্ৰোহী হৈ উঠিছে।

কিছুদিন পূৰ্বে থাৰুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ প্ৰশংসা কৰিছিল আৰু তাৰ কিছুদিন পাছত কেৰালাৰ পিনাৰায়ী বিজয়ন চৰকাৰক প্ৰশংসা কৰি কিছু কথা লিখিছিল। তেতিয়াৰ পৰা কংগ্ৰেছৰ দলৰ চকুৰ কূটা হৈ পৰিছে থাৰুৰ। ইয়াৰ মাজতে থাৰুৰে কৈছে যে তেওঁ বৰ্তমান কংগ্ৰেছৰ সৈতে আছে, কিন্তু যদি দলটোক তেওঁৰ প্ৰয়োজন নাই তেন্তে তেওঁৰ হাতত আন বিকল্প আছে।

কি কয় থাৰুৰে

শশী থাৰুৰে কংগ্ৰেছক স্পষ্টকৈ কৈছে যে দলটোৱে তেওঁক ব্যৱহাৰ কৰিব বিচাৰি আছে, যদি এনে হয় তেন্তে মই ব্যৱহাৰ নহও । যদি দলটোক মোৰ প্ৰয়োজন নাই তেন্তে মোৰ কৰিবলৈ অন্য কাম আছে। লগতে কয়, মোৰ অন্য বিকল্প নাই বুলি কংগ্ৰেছে ভাবিব নালাগে। মোৰ হাতত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ কিতাপ, ভাষণ আৰু নিমন্ত্ৰণী পত্ৰ আছে। থাৰুৰৰ এই মন্তব্যৰ পাছতেই তেওঁৰ ৰাজনৈতিক স্থিতিক লৈ বিভিন্ন জল্পনা কল্পনা চলিছে।

কূটনীতিবিদ হিচাপে ৰাজনীতিত যোগদান কৰা থাৰুৰৰ ১৬ বছৰ হ’ল। গতিকে এতিয়া প্ৰশ্ন হৈছে যে থাৰুৰে বিজেপিত যোগদান কৰিব নেকি? নে থাৰুৰ অন্য দললৈ যাব?

বিজেপিত যোগদান কৰিব নেকি?

থাৰুৰৰ ৰাজনৈতিক স্থিতি সন্দৰ্ভত বিভিন্ন জল্পনা কল্পনা চলিছে যদিও তেওঁৰ বিজেপিলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে থাৰুৰে মোদীৰ যথেষ্ঠ প্ৰশংসা কৰিছিল। শেহতীয়াকৈ মঙলবাৰে থাৰুৰে বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী পিযুষ গোৱেলৰ সৈতে ফটো শ্বেয়াৰ কৰিছে। য’ত ব্ৰিটেইনৰ ট্ৰেড চেক্ৰেটাৰী জোনাথন ৰেনাল্ডছো আছিল। গতিকে এনে পৰিস্থিতিত একাংশই সন্দেহ কৰিছে যে থাৰুৰে বিজেপিত যোগদান কৰিব।

উল্লেখ্য যে, কেৰালাত ৰাজনৈতিক স্থিতি মজবুত কৰাত ব্যস্ত আছে বিজেপি। তেনে অৱস্থাত কেৰালাত দলটোক ৰাজনৈতিক শীৰ্ষস্থান দিব পৰা এজন ব্যক্তিৰ প্ৰয়োজন। সকলো দিশৰ পৰা চালে এই সময়ত বিজেপিৰ বাবে লাভজনক স্থিতিত আছে থাৰুৰ।থাৰুৰ কেৱল ভাৰতীয় ৰাজনীতিৰে নহয় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰো চিনাকী মুখ। বিজেপিৰ লগত গ’লে হয়তো থাৰুৰে ক্ষমতাত যোগদানৰ সুযোগ পাব। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিব পাৰে। অৱশ্যে এয়া সকলো জল্পনা-কল্পনাহে মাঁথো। পৰৱৰ্তী সময়ত থাৰুৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

 

ভুলতো শিৱলিংগত অৰ্পন নকৰিব এই ফল! শিৱ হ'ব অসন্তুষ্ট...
ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..