5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চক্ৰব্যুহু সন্দৰ্ভত দিয়া ভাষণ ভাল নালাগিল, ইডিয়ে চলাব পাৰে অভিযান: চাহ আৰু বিস্কুট লৈ সাজু ৰাহুল গান্ধী

ইডিক লৈ কংগ্ৰেছৰ সাংসদ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৰিছে এটা দাবী । তেওঁ কৈছে যে ইডিয়ে তেওঁৰ ঘৰত অভিযান চলাব পাৰে। কংগ্ৰেছ নেতাজনে কৈছিল যে তেওঁলোকে মোৰ চক্ৰব্যুহু ভাষণ ভাল পোৱা নাই যেন লাগিছে। মই চাহ আৰু বিস্কুটৰ সৈতে ইডিক স্বাগতম জনাবলৈ সাজু ।

চক্ৰব্যুহু সন্দৰ্ভত দিয়া ভাষণ ভাল নালাগিল, ইডিয়ে  চলাব পাৰে অভিযান: চাহ আৰু বিস্কুট লৈ সাজু ৰাহুল গান্ধী
ৰাহুল গান্ধী
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 02 Aug 2024 12:56 PM

ইডিক লৈ কংগ্ৰেছৰ সাংসদ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৰিছে এটা দাবী। তেওঁ কৈছে যে ইডিয়ে তেওঁৰ ঘৰত অভিযান চলাব পাৰে। টুইটযোগে ৰাহুল গান্ধীয়ে কৈছে যে ইডি সূত্ৰৰ পৰা গ’ম পোৱা গৈছে মোৰ ঘৰত অভিযান চলোৱাৰ পৰিকল্পনা কৰা হৈছে। এনেকুৱা লাগিছে যে তেওঁলোকে মোৰ চক্ৰব্যুহু ভাষণ ভাল পোৱা নাই। মই চাহ আৰু বিস্কুটৰ সৈতে ইডিক স্বাগতম জনাবলৈ সাজু ।

বৰ্ষাকালীন অধিৱেশনৰ ষষ্ঠ দিনা অৰ্থাৎ ২৯ জুলাইত বাজেট সন্দৰ্ভত আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে বিজেপি আৰু মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল। তেওঁ কৈছিল যে দেশখন বিজেপিৰ ‘চক্ৰব্যুহু’ত আবদ্ধ হৈ আছে। দেশত বৰ্তমান শংকাৰ পৰিৱেশে বিৰাজ কৰিছে। দেশৰ যুৱ আৰু কৃষকসকল শংকিত হৈ পৰিছে। হিংসা আৰু ঘৃণা ভাৰতৰ প্ৰকৃতি নহয়। চক্ৰব্যুহুত ভয় আৰু হিংসা থাকে।

 

ৰাহুলে আৰু কৈছিল যে একবিংশ শতিকাত এটা নতুন চক্ৰব্যুহুৰ সৃষ্টি কৰা হৈছে। এই চক্ৰব্যুহু পদুমৰ আকৃতিৰ। এই চক্ৰব্যুহুত ছয়জন লোক জড়িত হৈ আছে। ইয়াৰ ভিতৰত আছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মোহন ভাগৱত, অজিত ডোভাল, মুকেশ আম্বানী আৰু গৌতম আদানি। চক্ৰব্যুহু তৈয়াৰ কৰাসকলে ভুল বুজিছে। তেওঁলোকে অনুভৱ কৰে যে দেশৰ যুৱ আৰু পিছপৰা লোকসকল অভিমন্যু। কিন্তু তেওঁলোক অভিমন্যু নহয় – অৰ্জুন, যি আপোনালোকৰ চক্ৰব্যুহু ভাঙি পেলাব।

ৰাহুলে কৈছিল যে দুজন লোকক দেশৰ সমগ্ৰ সম্পত্তিৰ গৰাকী বনোৱা হৈছে। অৰ্থনীতিৰ অৱনতি ঘটিছে কিন্তু বন্ধুসকল ধনী হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। মোদী চৰকাৰে সেনা জোৱানসকল অগ্নিবীৰৰ চক্ৰব্যুহুত আৱদ্ধ কৰি ৰাখিছে। বাজেটত অগ্নিবীৰৰ পেঞ্চনৰ বাবে এটকাও নাই। আপুনি নিজকে দেশপ্ৰেমী বুলি কয় কিন্তু যেতিয়া অগ্নিবীৰসকলক সহায় কৰা আৰু জোৱানসকলক টকা দিয়াৰ কথা আহে, আপুনি বাজেটত এটকাও দেখা নাপায়।

লগতে ৰাহুলে কয় যে নৰেন্দ্ৰ মোদীৰ ‘অমৃতকাল’ত সাধাৰণ ভাৰতীয়সকলৰ খালী পকেটো কাটি দিয়া হৈছে। ১৬ লাখ কোটি বন্ধুত্বপূৰ্ণ উদ্যোগপতিক ৰেহাই দিয়া চৰকাৰে ‘নূন্যতম ভাৰসাম্য’ বজাই ৰাখিব নোৱাৰে দৰিদ্ৰ ভাৰতীয়সকলৰ পৰা ৮৫০০ কোটি টকা উদ্ধাৰ কৰিছে ।

‘জৰিমনা প্ৰণালী’ হৈছে মোদীৰ চক্ৰব্যুহুৰ প্ৰৱেশদ্বাৰ। যাৰ জৰিয়তে সাধাৰণ ভাৰতীয়ৰ কঁকাল ভাঙিবলৈ চেষ্টা কৰা হৈছে। কিন্তু মনত ৰাখিব ভাৰতৰ জনতা অভিমন্যু নহয়, অৰ্জুনহে। তেওঁলোকে চক্ৰব্যুহু ভাঙি আপোনাৰ প্ৰতিটো অত্যাচাৰৰ উত্তৰ কেনেদৰে দিব লাগে জানে।

Latest News