ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সম্ভাৱনা! | Congress leader Rahul Gandhi visit united states of America in september Assam news - Assam Tv9

ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সম্ভাৱনা! কি কি আছে কাৰ্যসূচীত

কংগ্ৰেছৰ সাংসদজনে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত আমেৰিকা ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে। এই সময়ছোৱাত ৰাহুল গান্ধী চিকাগো, কেলিফৰ্ণিয়া আৰু ডালাছত থাকিব। তেওঁ ৱাশ্বিংটন আৰু লছ এঞ্জেলছ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণত ৰাহুলে ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰিব।

ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সম্ভাৱনা! কি কি আছে কাৰ্যসূচীত

ছেপ্টেম্বৰত ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সম্ভাৱনা!

Published: 

01 Aug 2024 11:46 AM

কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অহা মাহত অৰ্থাৎ ছেপ্টেম্বৰত আমেৰিকা ভ্ৰমণ কৰিব পাৰে। ৰাহুলৰ ভ্ৰমণ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত হ’ব পাৰে। এই ভ্ৰমণত ৰাহুল গান্ধীৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ ভিতৰত আছে এসপ্তাহৰ বাবে চিকাগো, কেলিফৰ্নিয়া আৰু ডালাছ ভ্ৰমণ । ৰাহুলে ৱাশ্বিংটন আৰু লছ এঞ্জেলছলৈও যাব পাৰে।

এই ভ্ৰমণকালত ৰাহুলে মিট এণ্ড গ্ৰীট কাৰ্যসূচীৰ অংশ হিচাপে প্ৰবাসী ভাৰতীয়সকলৰ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰিব। ৰাহুলে আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱসায়িক নেতাসকলকো লগ কৰাৰ সম্ভাৱনা আছে। ৰাহুল গান্ধীয়ে অলপতে ইণ্ডিয়ান অভাৰচিজ কংগ্ৰেছৰ (আইঅ’চি) পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ইউৰোপ ভ্ৰমণৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল।

বিৰোধী দলৰ নেতা হোৱাৰ পাছত এয়া হ’ব ৰাহুল গান্ধীৰ প্ৰথম আমেৰিকা ভ্ৰমণ। যোৱা দুটা নিৰ্বাচনতকৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰিছে কংগ্ৰেছে। দলটোৱে ৯৯খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছে হৈছে লোকসভাৰ মুখ্য বিৰোধী দল।

বিৰোধী দলৰ নেতা হোৱাৰ পাছত পথৰ পৰা সংসদলৈ সকলোতে সক্ৰিয় হৈ পৰিছে ৰাহুল গান্ধী। তেওঁ বিভিন্ন অভিযোগেৰে চৰকাৰক আক্ৰমণ কৰা দেখা গৈছে। তেওঁ বুধবাৰে কৃষকসকলৰ বিষয়ত চৰকাৰক লক্ষ্য কৰি লৈছিল।
ৰাহুল গান্ধীৰ দাবী “এফালে বিজেপিয়ে দেশৰ কৃষকসকলক ঋণৰ ‘চক্ৰব্যুহু’ত আৱদ্ধ কৰি ৰাখিছে, তেওঁলোকৰ দাবী আৰু এমএছপিৰ আইনী গেৰাণ্টিৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিছে। আনফালে কংগ্ৰেছে প্ৰতিটো সাম্ভাব্য স্থানত কৃষকৰ পৰিয়ালবোৰক সহায় কৰিবলৈ কাম কৰি আছে। তেওঁ দৃঢ়তাৰে কয় যে ইণ্ডিয়া মিত্ৰজোঁটে ভাৰতৰ কৃষকসকলক এমএছপিৰ আইনী গেৰাণ্টিৰ অস্ত্ৰ প্ৰদান কৰি ঋণৰ’চক্ৰব্যুহু’ৰ পৰা বাহিৰলৈ আনিব।

বৃহস্পতিবাৰে অৰ্থাৎ আজি কেৰালাৰ ৱায়ানাডলৈ গৈ আছে ৰাহুল গান্ধী। ৱায়ানাডত ভূমিস্খলনৰ ফলত ১৫০ৰো অধিক লোকৰ মৃত্যু হৈছে। প্ৰিয়ংকাও ৰাহুলৰ সৈতে ৱায়ানাডলৈ যাব। মঙলবাৰে পুৱতি নিশা ৱায়ানাড জিলাৰ মেপ্পাডিৰ ওচৰত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ১৫০ৰো অধিক লোকৰ মৃত্যু হয়।

ৰাহুল গান্ধীয়ে পূৰ্বৰ লোকসভাত ৱায়ানাডক প্ৰতিনিধিত্ব কৰিছিল। এইবাৰ লোকসভা নিৰ্বাচনত তেওঁ ৰায়বৰেলীৰ লগতে ৱায়ানাডৰ পৰাও নিৰ্বাচিত হৈছিল। কিন্তু তেওঁ কেৰালাৰ সংসদীয় সমষ্টিৰ পৰা পদত্যাগ কৰিছিল। তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰা ৱায়ানাডৰ পৰা উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?