কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তিঃ কেনে আছে স্বাস্থ্যৰ অৱস্থা!
আজি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দিল্লীস্থিত ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰা হৈছে। সংবাদ সংস্থা পিটিআইৰ সূত্ৰই প্ৰকাশ কৰিছে এই খবৰ। আজি পুৱাৰ ভাগত তেওঁক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল বুলি জানিব পৰা গৈছে।

শাৰীৰিক অসুস্থতাৰ সন্মুখীন হোৱাৰ বাবে আজি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দিল্লীস্থিত ছাৰ গংগা ৰাম হাস্পতালত ভৰ্তি কৰা হৈছে। সংবাদ সংস্থা পিটিআইৰ সূত্ৰই প্ৰকাশ কৰিছে এই খবৰ। অৱশ্যে সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে আৰু শুকুৰবাৰে তেওঁৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব পাৰে বুলি প্ৰকাশ পাইছে। আজি পুৱাৰ ভাগত তেওঁক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত ছাৰ গংগা ৰাম হাস্পতালৰ মেনেজমেণ্ট ব’ৰ্ডৰ অধ্যক্ষ ডাঃ অজয় স্বৰূপে জানিবলৈ দিয়া মতে, পেট সম্পৰ্কীয় কিছু সমস্যাৰ বাবে আজি কংগ্ৰেছ নেত্ৰীগৰাকীক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই আৰু কাইলৈ পুৱাৰ ভিতৰতে তেওঁক ডিচচাৰ্জ দিয়াৰ সম্ভাৱনা আছে বুলি ডাঃ অজয় স্বৰূপে লগতে কয়। প্ৰকাশিত খবৰ অনুসৰি চিকিৎসালয়খনৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিশেষজ্ঞ ডাঃ সমীৰণ নন্দীৰ তত্বাৱধানত আছে ছোনীয় গান্ধী।
উল্লেখ্য যে বিগত বৰ্ষৰ ডিচেম্বৰত ৭৮ বছৰ সম্পূৰ্ণ হৈছিল বয়োজ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীৰ। যোৱা সপ্তাহত তেওঁক অন্তিমবাৰৰ বাবে ৰাজহুৱাভাৱে ৰাজনৈতিক কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছিল। যোৱা ১৩ ফেব্ৰুৱাৰীত সংসদৰ বাজেট অধিৱেশনৰ সময়ত ৰাজ্যসভাত তেওঁক দেখা পোৱা গৈছিল। তাৰ পূৰ্বে ১০ ফেব্ৰুৱাৰীত ছোনিয়া গান্ধীয়ে শাসকীয় কেন্দ্ৰীয় চৰকাৰক অতি সোনকালে লোকপিয়ল সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছিল।
খাদ্য সুৰক্ষা আইনৰ অধীনত দেশৰ জনসাধাৰণ লাভৰ পৰা বঞ্চিত হৈছে বুলি দাবী কৰিছিল কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। ৰাজ্যসভাত শূন্যকালীন ঘণ্টাত ছোনিয়া গান্ধীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)ৰ অধীনত হিতাধিকাৰীসকলক শেহতীয়া জনসংখ্যাৰ তথ্যৰ ভিত্তিত চিনাক্ত কৰাৰ পৰিৱৰ্তে ২০১১ চনৰ লোকপিয়ল অনুসৰি চিনাক্ত কৰা হৈছে বুলি দাবী কৰে।
২০১৩ চনৰ ছেপ্টেম্বৰ মাহত ইউ পি এ চৰকাৰে আৰম্ভ কৰা এই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনক দেশৰ ১৪০ কোটি জনসংখ্যাৰ খাদ্য আৰু পুষ্টিৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছিল ছোনীয়া গান্ধীয়ে। বিশেষকৈ Covid-19 সংকটৰ সময়ত লাখ লাখ দুৰ্বল পৰিয়ালক অনাহাৰৰ পৰা ৰক্ষা কৰাত এই আইনখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি ছোনিয়া গান্ধীয়ে উল্লেখ কৰিছিল।