বিজেপিৰ ১০০ কোটিৰ অফাৰ! এইখন ৰাজ্যত ভাঙিব পাৰে কংগ্ৰেছ চৰকাৰ
শুকুৰবাৰে তেওঁক কোনোৱে ফোন কৰি কৈছিল যে কৰ্ণাটকৰ কংগ্ৰেছ বিধায়কক নিজৰ পক্ষলৈ আনিবলৈ ১০০ কোটি দিবলৈও সাজু। সংবাদ সংস্থা পি টি আইৰ সৈতে হোৱা কথা বতৰাত তেওঁ দাবী কৰে যে ৫০ কোটিৰ পাছত তেওঁক ১০০ কোটিৰ অফাৰ দিছিল।
সংকটত পৰিছে নেকি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে? বিজেপিয়ে ৰাজ্যখনৰ পৰা কংগ্ৰেছত উৎখাত কৰাৰ পৰিকল্পনা কৰিছে নেকি? জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মাণ্ডিয়াৰ বিধায়ক ৰবিকুমাৰ গৌড়াৰ অভিযোগৰ পাছতেই কৰ্ণাটকৰ ৰাজনীতিত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছ বিধায়কগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি বিজেপিয় কৰ্ণাটকত “অপাৰেশ্যন লটাছ ২.০” আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইমানেই নহয় বিজেপিয়ে কৰ্ণাটকৰ শাসক দলৰ বিধায়কসকলক নিজৰ পক্ষলৈ আনিবলৈ ১০০ কোটি টকাৰ অফাৰ দিছে। বিধায়কগৰাকীয়ে কয় যে, বিজেপিৰ এজেন্টে তেওঁক যোগাযোগ কৰি এই বৃহৎ পৰিমাণৰ ধনৰাশিৰ অফাৰ দিছিল।
গৌড়াই কয় যে, এই অফাৰ তেওঁ নাকচ কৰিছে আৰু এই সন্দৰ্ভত ইডিৰ ওচৰত তেওঁ অভিযোগ দাখিল কৰিব। উল্লেখ কৰাৰ প্ৰয়োজন যে কৰ্ণাটকৰ সিদ্দাৰমৈয়া চৰকাৰৰ MUDA কেলেংকাৰী এতিয়া চৰ্চাত আছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে অহৰহ তেওঁক আক্ৰমণ কৰি গৈছে। ইয়াৰ মাজতে বিধায়ৰ গৌড়াৰ এই অভিযোগে দলটোক চিন্তাত পেলাইছে যে সেয়া নিশ্চিত।
কংগ্ৰেছ বিধায়কগৰাকীয়ে কয় যে, শুকুৰবাৰে তেওঁক কোনোৱে ফোন কৰি কৈছিল যে কৰ্ণাটকৰ কংগ্ৰেছ বিধায়কক নিজৰ পক্ষলৈ আনিবলৈ ১০০ কোটি দিবলৈও সাজু। সংবাদ সংস্থা পি টি আইৰ সৈতে হোৱা কথা বতৰাত তেওঁ দাবী কৰে যে ৫০ কোটিৰ পাছত তেওঁক ১০০ কোটিৰ অফাৰ দিছিল। কিন্তু তেওঁ এই ১০০ কোটি টকা নাকচ কৰি নিজৰ লগত ৰাখিবলৈ কয়। এই অফাৰক লৈ তেওঁৰ ইডিৰ কাষ চাপিব বুলিও কয়।
কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, বিজেপিয়ে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক অস্থিৰ কৰাৰ চেষ্টা কৰি আছে। বিধায়কৰ পক্ষ সলনি কৰাৰ বাবে অফাৰৰ পৰিমাণ ৫০ কোটিৰ পৰা ১০০ কোটিলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী শোভা কৰ্ণাডলাজে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিএছ নেতা এইচ ডি কুমাৰস্বামী, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু প্ৰলহাদ যোশী আদিৰ বিৰুদ্ধে কংগ্ৰেছ নেতাগৰাকীয়ে চৰকাৰ ধ্বংস কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ তোলে।
উল্লেখ্য যে, বিজেপিয়ে অহৰহ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰি আহিছে। এই অভিযোগ খণ্ডন কৰি কংগ্ৰেছে কয় যে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ ভংগ কৰাৰ বাবে বিজেপিয়ে এয়া ষড়যন্ত্ৰ ৰচিছে। কিন্তু ১৩৬ গৰাকী বিধায়কৰ সমৰ্থনৰ সৈতে কৰ্ণাটকত মজবুত হৈ আছে কংগ্ৰেছ চৰকাৰ।
মন কৰিবলগীয়া যে বিগত কেইবাটা মাহত দুজনকৈ মুখ্যমন্ত্ৰী, মন্ত্ৰী জেললৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কেলেংকাৰীৰ গোচৰতে জেললৈ যাবলগীয়া হৈছিল ঝৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ। ইয়াৰোপৰি বৰ্তমান সময়তো জেলত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তেনে পৰিস্থিতিত এইবাৰ যেন সংকতে আৱৰি ধৰিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰক। প্ৰশ্ন হয় সঁচাকৈ কৰ্ণাটক চৰকাৰ ভংগ কৰাৰ চেষ্টা কৰাৰ চেষ্টা কৰিছে নেকি বিজেপি পুনৰ এজন মুখ্যমন্ত্ৰী জেললৈ যাবলগীয়া হ’ব নেকি? যি নহওক, এয়া মাথো প্ৰশ্নহে , কৰ্ণাটকৰ ৰাজনীতিৰ বতাহ পৰৱৰ্তী সময়ত কোনফালে বলে সেয়া লক্ষণীয় হ’ব।