সদনত একেলগে গান্ধী-নেহৰু পৰিয়ালৰ ৩ সদস্য! সংবিধানৰ প্ৰতিলিপি হাতত লৈ শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

সাংসদৰূপে শপত গ্ৰহণ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। সংসদ ভৱনত শপত ল’লে ৱায়নাডৰ সাংসদগৰাকীয়ে। সমষ্টিটোৰ পৰা উপ-নিৰ্বাচিত বিজয়ী হৈছিল প্ৰিয়ংকা গান্ধী। প্ৰথমবাৰৰ বাবে গান্ধী-নেহৰু পৰিয়ালৰ তিনিজন সদস্যক সংসদত দেখা যাব। প্ৰিয়ংকাৰ ভাতৃ ৰাহুল গান্ধী লোকসভাৰ বিৰোধী দলৰ নেতা, আনহাতে তেওঁলোকৰ মাতৃ ছোনিয়া ৰাজ্যসভাৰ সদস্য। প্ৰথমবাৰৰ বাবে সংসদৰ সদস্যৰূপে শপত গ্ৰহণ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

সদনত একেলগে গান্ধী-নেহৰু পৰিয়ালৰ ৩ সদস্য! সংবিধানৰ প্ৰতিলিপি হাতত লৈ শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

সংবিধানৰ প্ৰতিলিপি হাতত লৈ শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

Updated On: 

28 Nov 2024 12:42 PM

প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি বৃহস্পতিবাৰে সাংসদ হিচাপে শপত গ্ৰহণ কৰে। এই উপলক্ষে, প্ৰিয়ংকাৰ গোটেই পৰিয়ালটো সংসদত উপস্থিত আছিল। তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু ভাতৃ ৰাহুলৰ উপৰিও তেওঁৰ স্বামী ৰবাৰ্ট, তেওঁলোকৰ পুত্ৰ ৰেহান ভদ্ৰা আৰু কন্যা মিৰায়া ভদ্ৰাও সংসদ ভৱনত উপস্থিত আছিল।

ক্ৰীম ৰঙৰ শাৰী পিন্ধি প্ৰিয়ংকা গান্ধী সংসদ ভৱনত উপস্থিত হয়। পুৱা ১১ বজাত লোকসভাৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ পিছত সাংসদ হিচাপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত, প্ৰিয়ংকাই সংবিধানৰ এটা প্ৰতিলিপি হাতত লৈ থকা দেখা গৈছিল। প্ৰিয়ংকাই হিন্দী ভাষাত শপত গ্ৰহণ কৰিছিল।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ সংসদ ভৱনত উপস্থিত হয় তেওঁৰ স্বামী ৰবাৰ্ট ভদ্ৰা, পুত্ৰ ৰেহান আৰু কন্যা মিৰায়া ভাদ্ৰা । প্ৰিয়ংকা তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ সৈতে সংসদ ভৱনলৈ আহিছিল। মাতৃ ছোনিয়া গান্ধী, ৰবাৰ্ট ভদ্ৰা, ৰবাৰ্টৰ মাতৃ, দুয়োটা সন্তান, মল্লিকাৰ্জুন খাৰ্গে আৰু ৰঞ্জিত ৰঞ্জনকে ধৰি বহুতো কংগ্ৰেছ সাংসদো সাংসদৰ গেলেৰীত বহিছিল।

শপত গ্ৰহণ কৰাৰ পিছত প্ৰিয়ংকাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাক হাত জোৰ কৰি আভিবাদন জনায়। তাৰ পাছত প্ৰিয়ংকাই বিৰোধীৰ সন্মুখৰ শাৰীত বহি থকা নেতাসকলক হাত জোৰ কৰি অভিবাদন জনাইছিল। সদনৰ বিৰোধী দলৰ নেতা আৰু তেওঁৰ ভাতৃ ৰাহুল গান্ধীয়েও হাত জোৰ কৰি তেওঁৰ অভিবাদন গ্ৰহণ কৰিছিল।শপত গ্ৰহণ কৰাৰ পিছত প্ৰিয়ংকাই বিৰোধী সাংসদসকলৰ বাবে সংৰক্ষিত আসনৰ চতুৰ্থ শাৰীত বহিছিল। আনহাতে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী প্ৰথম শাৰীত বহিছিল।

প্ৰিয়ংকা গান্ধীৰ সংসদীয় যাত্ৰা এক হুলস্থুলীয়া পৰিৱেশৰ মাজেৰে আৰম্ভ হৈছিল। শপত গ্ৰহণ অনুষ্ঠানৰ পিছত কাৰ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে হুলস্থূল আৰম্ভ কৰে। এই হুলস্থূলৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই কাৰ্যক্ৰম ১২ বজালৈ স্থগিত ৰাখে।

ইয়াৰ পূৰ্বে, প্ৰিয়ংকাই লোকসভাত প্ৰৱেশ কৰাৰ লগে লগে, কংগ্ৰেছৰ সাংসদসকলে তেওঁক ঘেৰি ধৰিছিল আৰু মানুহে ফটো আৰু চেলফি ল’বলৈ আৰম্ভ কৰিছিল। ইফালে মিছা ভাৰতী, দীপেন্দ্ৰ হুডা আৰু শশী থাৰুৰকে ধৰি কেইবাজনো সাংসদে তেওঁক সাক্ষাৎ কৰে। শপত গ্ৰহণৰ পিছত প্ৰিয়ংকাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু নীতিন গাডকাৰী আৰু গেলেৰীত বহি থকা ছোনিয়া গান্ধী আৰু তেওঁৰ শাহুৱেককো আভিবাদন জনায়।

প্ৰিয়ংকা গান্ধীয়ে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি সংসদ সদস্য হৈছে। তেওঁ শেহতীয়াকৈ কেৰালাৰ ৱায়ানাড লোকসভা আসনৰ উপ-নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছিল। য’ত তেওঁ নিম্ন সদনলৈ নিৰ্বাচিত হৈছিল। তেওঁ ৱায়ানাড লোকসভা উপ-নিৰ্বাচনত চাৰি লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়ী হৈছিল।

প্ৰিয়ংকাৰ উপৰিও মহাৰাষ্ট্ৰৰ নান্দেদ লোকসভা আসনৰ পৰা নিৰ্বাচিত কংগ্ৰেছ নেতা ৰবীন্দ্ৰ বসন্তৰাও চৱনেও আজি সদনত সদস্যপদৰ শপত গ্ৰহণ কৰে। চৱনে মাৰাঠী ভাষাত শপত গ্ৰহণ কৰে।

ইফালে ইয়াৰ পাছত দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সদনত গান্ধী-নেহৰু পৰিয়ালৰ ৩জন সদস্য উপস্থিত থাকিব। প্ৰিয়ংকা গান্ধীৰ ভাতৃ ৰাহুল গান্ধী লোকসভাৰ বিৰোধী দলৰ নেতা, আনহাতে তেওঁলোকৰ মাতৃ ছোনিয়া গান্ধী ৰাজ্যসভাৰ সদস্য। প্ৰথমবাৰৰ বাবে সংসদৰ সদস্যৰূপে শপত গ্ৰহণ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

প্ৰিয়ংকা গান্ধীয়ে ৫ বছৰ আগতে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়ত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। যদিও তেতিয়া তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল। তেতিয়াৰ পৰা, তেওঁ দলৰ সাধাৰণ সম্পাদক হিচাপে তেওঁৰ দায়িত্ব পালন কৰি আহিছে।

এণ্টিবায়’টিক অত্যধিক খোৱাৰ ফলত কি কি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে?
মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?
বুধবাৰৰ দিনটোত নকৰিব বিত্তীয় লেনদেন, খালী হ'ব ধনৰ ভঁৰাল!
কাউৰী ঘৰলৈ আহিলে কি সংকেত পোৱা যায়? জানক কি কয় বাস্তু শাস্ত্ৰই...