বিয়াৰ চিঠিত ৰাহুল গান্ধীৰ ফটো, আছে ছোনিয়া গান্ধী, ভীমৰাও আম্বেদকাৰ! কিন্তু কোনে, কিয় এইদৰে ছপা কৰিলে চিঠিখন?

Rahul Gandhi Photo In Wedding Card: চৰ্চাত এখন বিয়াৰ চিঠি। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চিঠিখন। য’ত দৰাৰ নামৰ ঠিক ওপৰত ছপা কৰা হৈছে ৰাহুল গান্ধীৰ ফটো। ইয়াৰ উপৰিও চিঠিখনত ছোনিয়া গান্ধী আৰু ভীমৰাও আম্বেদকাৰৰ ফটোও ছপা কৰা হৈছে।

বিয়াৰ চিঠিত ৰাহুল গান্ধীৰ ফটো, আছে ছোনিয়া গান্ধী, ভীমৰাও আম্বেদকাৰ! কিন্তু কোনে, কিয় এইদৰে ছপা কৰিলে চিঠিখন?

বিয়াৰ চিঠিত ৰাহুল গান্ধীৰ ফটো

Updated On: 

08 Feb 2025 19:57 PM

বৰ্তমান সময়ত ‘Most Eligible Bachelor’ বুলি ক’লে চলমান খানৰ লগতে আহে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নামো। ৰাহুল বাবাই কেতিয়া আৰু কাৰ লগত বিয়া হ’ব, সেই বিষয়টোক লৈ মানুহৰ সদায় কৌতুহল থাকে। ইয়াৰ মাজতে বিয়াৰ চিঠি এখনে সৃষ্টি কৰিছে চাঞ্চল্যৰ। চিঠিখনত দৰাৰ নামৰ ঠিক ওপৰত লগোৱা হৈছে ৰাহুল গান্ধীৰ ফটো। স্তম্ভিত হৈ পৰিছে  কাৰ্ডখন দেখা লোকসকল । কিন্তু ইয়াৰ আঁৰৰ কাৰণটো বেলেগ।

আচলতে এই কাৰ্ডখন মধ্যপ্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ পৰিয়ালত আয়োজন হোৱা এখন বিবাহৰ। এই বিবাহ কাৰ্ডত ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ ফটো ছপা কৰা হৈছে। গ্ৱালিয়ৰৰ বাসিন্দা ৰাজ্যিক সাধাৰণ সম্পাদক যোগেশ দণ্ডোতিয়াই ভগ্নীৰ বিয়াৰ বাবে ছপা কৰিছে এই বিশেষ কাৰ্ডখন । কাৰ্ডৰ সন্মুখৰ কভাৰত ছপা কৰা হৈছে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ ফটো। সংবিধান নিৰ্মাতা ড° ভীমৰাও আম্বেদকাৰৰ ফটোও তেওঁৰ সৈতে সন্নিবিষ্ট কৰা হৈছে। সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই কাৰ্ড।

কিয় এনেদৰে ছপা কৰা হ’ল চিঠিখন?

কাৰ্ডখনত ৰাহুল ছোনিয়াৰ ফটো ছপা কৰা যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক যোগেশ দণ্ডোতিয়াই কয় যে ড° ভীমৰাও আম্বেদকাৰে সংবিধান প্ৰণয়ন কৰি দলিতসকলক সমাজত সম মৰ্যাদা প্ৰদান কৰিছিল। বৰ্তমান সময়ত ৰাহুল গান্ধীয়ে সংবিধান ৰক্ষাৰ বাবে যুঁজ দিছে। গতিকে বাবা চাহেব যেনেকৈ দলিতসকলৰ বাবে ভগৱান, ঠিক সেইদৰে ৰাহুল গান্ধীও তেওঁলোকৰ বাবে বাবা চাহেবৰ দৰে ভগৱান তুল্য। সেইবাবেই বাবা চাহেবৰ ফটোৰ সৈতে ৰাহুল গান্ধীৰ ফটো ছপা হৈছে। ছোনিয়া গান্ধীয়ে ৰাহুল গান্ধীৰ দৰে পুত্ৰ সন্তান জন্ম দিছে, সেয়েহে তেওঁৰ ফটোও কাৰ্ডখনত সমান স্থান দিয়া হৈছে।

বিজেপিৰ সমালোচনা

ৰাহুল গান্ধীৰ বিবাহ কাৰ্ডত প্ৰকাশ পোৱা ফটোক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা ৰামেশ্বৰ ভাদৌৰিয়াই কয় যে, “যোগেশ দণ্ডোতিয়াই ৰাহুল আৰু ছোনিয়া গান্ধীক সন্মান দিছে। সেয়েহে বিজেপিয়ে তেওঁৰ আৱেগক সন্মান জনাইছে।” লগতে তেওঁ কটাক্ষ কৰি এইটোও কয় যে, “ৰাহুল গান্ধীৰ বিবাহৰ চিঠি এতিয়াও ছপা হোৱা নাই যদিও অন্ততঃ ৰাহুল গান্ধীৰ ফটোখন বিবাহ চিঠিত ছপা হৈছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে এই চিঠিখন ৰাহুল গান্ধীৰ ওচৰ পায়গৈ আৰু ৰাহুল গান্ধীৰ বিয়া সোনকালেই হওক আৰু তেওঁৰ বিয়াৰ কাৰ্ড ছপা হওক, যিয়ে সকলোকে সুখী কৰি তুলিব।”

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ