ব্যৰ্থ ! NDA চৰকাৰৰ ১০০ দিনৰ ৰিপৰ্ট কাৰ্ড প্ৰদান কংগ্ৰেছৰ | Congress spokesperson Supriya Shrinate Press Conference on BJP lead NDA Government 100 days Report Card Assam news - Assam Tv9

ব্যৰ্থ ! সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা মহিলা নিৰাপত্তালৈকে মোদী চৰকাৰৰ স্থিতি কি? NDA চৰকাৰৰ ১০০ দিনৰ ৰিপৰ্ট কাৰ্ড প্ৰদান কংগ্ৰেছৰ

Published: 

16 Sep 2024 16:28 PM

এই ১০০ দিনত দেশৰ অৰ্থনীতি, দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত, মহিলাৰ ওপৰত, দেশৰ ৰে'লপথ, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ আদিক লৈ মোদী চৰকাৰক বিশেষ সক্ৰিয় হোৱা দেখা নগ'ল । এই ১০০ দিনে প্ৰমাণ কৰিলে যে, বিজেপিৰ কোনো সমস্যাৰ কোনো সমাধান নাই, কোনো দৃষ্টিভংগী নাই বুলি অভিযোগ কৰে বিৰোধী কংগ্ৰেছে ।

ব্যৰ্থ ! সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা মহিলা নিৰাপত্তালৈকে মোদী চৰকাৰৰ স্থিতি কি? NDA চৰকাৰৰ ১০০ দিনৰ ৰিপৰ্ট কাৰ্ড প্ৰদান কংগ্ৰেছৰ

কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেট

Follow Us On

বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ লৈ আজি সংবাদেমল সম্বোধন কৰে বিৰোধী কংগ্ৰেছে । সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে কয়, মোদী চৰকাৰে ১০০ দিন সম্পূৰ্ণ কৰিলে । কিন্তু এই ১০০ দিনত দেশৰ অৰ্থনীতি, দেশৰ যুৱক-যুৱতীসকলৰ ওপৰত, মহিলাৰ ওপৰত, দেশৰ ৰে’লপথ, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ আদিক লৈ মোদী চৰকাৰক বিশেষ সক্ৰিয় হোৱা দেখা নগ’ল । এই ১০০ দিনে প্ৰমাণ কৰিলে যে, বিজেপিৰ কোনো সমস্যাৰ কোনো সমাধান নাই, কোনো দৃষ্টিভংগী নাই বুলি অভিযোগ কৰে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ।

কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে বিজেপিক সমালোচনা কৰি কয় যে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিজৰ চৰকাৰৰ ১০০ দিনীয়া পৰিকল্পনাৰ কথা উল্লেখ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যৰ্থতাৰ সন্মুখীন হৈছে । লগতে তেওঁ প্ৰশ্ন কৰে যে, বিজেপি চৰকাৰৰ পৰিকল্পনা কি? ৰে’লৱে ধ্বংসস্তূপ, আন্তঃগাঁথনি ধ্বংসস্তূপ, মহিলা নিৰাপদ নহয়, নিবনুৱা সমস্যাই দেশখনক আৱৰি ধৰিছে বুলি কয় সুপ্ৰিয়া শ্ৰীনেটে ।

বিজেপিক ইউ টাৰ্ণ চৰকাৰ আখ্যা দি কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কয় যে, দেশৰ জনসাধাৰণে তেওঁলোকক ইউ টাৰ্ণ ল’বলৈ বাধ্য কৰাইছে। ৱাকফ ব’ৰ্ডৰ বিল, এনপিএছৰ পৰা ইউপিএছ আদি বিষয়ত বিজেপিয়ে ইউ টাৰ্ণ লৈছে । বিৰোধী কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে, ভাৰতীয় ৰে’লৱে এই ১০০ দিনত ধ্বংস হৈ গৈছে। সুপ্ৰিয়া শ্ৰীনেটে কয়, এই ১০০ দিনত ৩৮টা বৃহৎ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে, য’ত ২১ জন লোকৰ মৃত্যু হৈছে।

ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছ মুখপাত্ৰ গৰাকীয়ে কয় যে,জবলপুৰ, ৰাজকোট, দিল্লী বিমানবন্দৰে এজাক বৰষুণ সহ্য কৰিব নোৱাৰিলে, চাদ ভাঙি পৰিল । অটল সেতুত ফাট মেলিলে, ৮ মাহৰ ভিতৰতে ভাঙি গ’ল ছাত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি, ভাঙি গ’ল ডাঙৰ ডাঙৰ দলং।

তদুপৰি জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, যোৱা ১০০ দিনত জম্মু-কাশ্মীৰত ২৬ টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে, য’ত আমাৰ ২১ জন জোৱান শ্বহীদ হৈছে । প্ৰায় ৩০ জন জোৱান আহত হৈছে, ১৫ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। এতিয়া কাশ্মীৰতকৈ জম্মুত অধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে বুলি অভিযোগ কৰে বিৰোধী কংগ্ৰেছে ।

বিৰোধী কংগ্ৰেছে অভিযোগ কৰে যে, যোৱা ১০০ দিনত মহিলাৰ বিৰুদ্ধে ১০৪ টা জঘন্য অপৰাধ সংঘটিত হৈছে । এই ১০০ দিনত অবিৰতভাৱে পেপাৰ ফাদিল হৈ আহিছে । NEET পেপাৰ ফাদিল হৈছে, NEET PG পৰীক্ষা বাতিল হ’ল, UG NET পেপাৰ ফাদিল হ’ল,J OINT CSIR পেপাৰ ফাদিল হ’ল বুলি সংবাদমেলত উল্লেখ কৰি বিজেপিৰ ১০০ দিনৰ ৰিপৰ্ট কাৰ্ড দিয়ে বিৰোধী কংগ্ৰেছে ।

অৰ্থনীতিৰ সন্দৰ্ভত কংগ্ৰেছৰ মুখপাত্ৰই কয়, প্ৰত্যক্ষ বিদেশী বিনিয়োগ হ্ৰাস পাইছে, নিবনুৱা সমস্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। ডলাৰৰ বিপৰীতে ৫৮ টকা লাভ কৰাৰ বিপৰীতে ৮৪ টকা আমাৰ পৰা লৈ গ’ল । ১০০ দিনৰ আগতে ডলাৰৰ বিপৰীতে ভাৰতীয় মূল্য ৮২ টকা আছিল । তদুপৰি টোল টেক্স ১৫% বৃদ্ধি, চিএনজিৰ মূল্য বৃদ্ধি কথাও উল্লেখ কৰে বিৰোধী কংগ্ৰেছে । লগতে মণিপুৰৰ প্ৰসংগ উত্থাপন কৰি দেশৰ এখন ৰাজ্য ১৬ মাহ ধৰি জ্বলি আছে যদিও প্ৰধানমন্ত্ৰী তালৈও যোৱা নাই বুলি কয় কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version