5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এইবাৰ ‘সংবিধান বচাও ৰাষ্ট্ৰীয় পদযাত্ৰা’ আৰম্ভ কৰিব কংগ্ৰেছেঃ কেতিয়াৰ পৰা হ’ব আৰম্ভ!

এইবাৰ আন এক পদযাত্ৰাৰ বাবে সাজু হৈছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। আজি কংগ্ৰেছ ৱৰ্কিং কমিটি (CWC)ৰ বৈঠকৰ পিছত এই নতুন পদযাত্ৰাৰ সিদ্ধান্ত লোৱা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ পৰা চহৰলৈ দলটোৱে চলাবলগীয়া এই জনসংযোগ অভিযানক ‘সংবিধান বচাও ৰাষ্ট্ৰীয় পদযাত্ৰা’ নাম দিয়া হৈছে।

এইবাৰ ‘সংবিধান বচাও ৰাষ্ট্ৰীয় পদযাত্ৰা’ আৰম্ভ কৰিব কংগ্ৰেছেঃ কেতিয়াৰ পৰা হ’ব আৰম্ভ!
কংগ্ৰেছে আৰম্ভ কৰিব নতুন পদযাত্ৰা
monjit-dutta
Monjit Dutta | Published: 26 Dec 2024 22:06 PM

ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত এইবাৰ আন এক পদযাত্ৰাৰ বাবে সাজু হৈছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। আজি কংগ্ৰেছ ৱৰ্কিং কমিটি (CWC)ৰ বৈঠকৰ পিছত এই নতুন পদযাত্ৰাৰ সিদ্ধান্ত লোৱা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ গাঁৱৰ পৰা চহৰলৈ দলটোৱে চলাবলগীয়া এই জনসংযোগ অভিযানক ‘সংবিধান বচাও ৰাষ্ট্ৰীয় পদযাত্ৰা’ নাম দিয়া হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে এই প্ৰচাৰৰ কথা ঘোষণা কৰে। অহা বৰ্ষৰ ২৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই পদযাত্ৰা ২০২৬ চনৰ ২৬ জানুৱাৰীলৈকে চলিব।

কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ অন্তত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এক টুইট যোগে বৈঠকৰ শ্বেয়াৰ কৰি কেপচনত লিখিছে, “বেলগাৱীত অনুষ্ঠিত সম্প্ৰসাৰিত CWCৰ ‘নৱ সত্যাগ্ৰহ’ বৈঠকত আমাৰ নতুন সংকল্প – সংবিধান ৰক্ষাৰ বাবে আমি সংগঠিত, সংকল্পবদ্ধ, উৎসৰ্গিত।” ইফালে দলৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে সদৰী কৰা মতে দলটোৱে দুটা বৃ্হৎ প্ৰস্তাৱ গৃহীত কৰিছে – এটা মহাত্মা গান্ধী সন্দৰ্ভত আৰু আনটো ৰাজনৈতিক প্ৰস্তাৱ।

 

বেনুগোপালে লগতে ২০২৫ চনত কংগ্ৰেছৰ সাংগঠনিক সংস্কাৰ কাৰ্যসূচীত গুৰুত্ব দিয়া হ’ব আৰু এই কাৰ্যসূচীত দলৰ ভিতৰত সকলো স্তৰৰ নেতাৰ সামৰ্থ্যৰ সম্যক মূল্যায়ন কৰা হ’ব বুলি উল্লেখ কৰে। কংগ্ৰেছে পদযাত্ৰাকে ধৰি ১৩ মাহজোৰা ৰাজনৈতিক প্ৰচাৰৰ কথা ঘোষণা কৰি সংবিধানৰ ওপৰত হোৱা কথিত আক্ৰমণৰ লগতে মূল্যবৃদ্ধি আৰু দুৰ্নীতিক লৈ জনসাধাৰণৰ উদ্বেগ আদি বিষয় উত্থাপন কৰে।

কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক (যোগাযোগ) জয়ৰাম ৰমেশ আৰু দলৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেৰাৰ সৈতে সাংবাদিকক সম্বোধন কৰি কে চি ভেনুগোপালে কয় যে ২০২৫ চন কংগ্ৰেছৰ বুথ পৰ্যায়ৰ পৰা শীৰ্ষ পৰ্যায়লৈ প্ৰতিটো স্তৰতে সংস্কাৰৰ বছৰ হ’ব৷ তেওঁ কয় যে জবাবদিহিতা আৰু নেতৃত্বৰ ক্ষমতা সন্দৰ্ভত গভীৰ পৰ্যালোচনাই সংস্থাটোৰ ব্যাপক সংস্কাৰৰ ভেটি গঠন কৰিব বুলি তেওঁ দৃঢ়তাৰে কয়।

বৈঠকত গ্ৰহণ কৰা দলৰ আন এক প্ৰস্তাৱ সন্দৰ্ভতো কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে সদৰী কৰে। দলে ‘জয় বাপু, জয় ভীম আৰু জয় সংবিধান অভিযান’ আৰম্ভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। এই অভিযান ধাৰাবাহিকভাৱে পদযাত্ৰা আৰু গাঁও, ব্লক, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ ৰেলীৰে গঠিত এক স্থায়ী অভিযান হ’ব বুলি সদৰী কৰে বেনুগোপালে। ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় পৰ্যায়ৰ নেতৃত্বই এই অভিযানৰ নেতৃত্ব দিব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

Latest News