Congress-NC Alliance: জম্মু-কাশ্মীৰৰ নতুন চৰকাৰক বাহিৰৰ পৰাহে সমৰ্থন কৰিব কংগ্ৰেছে !

জম্মু-কাশ্মীৰৰ ওমৰ আব্দুল্লা চৰকাৰৰ অংশহৈ থাকিব বিচৰা নাই কংগ্ৰেছে । সূত্ৰ অনুসৰি, প্ৰত্যক্ষভাৱে ওমৰ আব্দুল্লা চৰকাৰৰ সৈতে নাথাকিলেও বাহিৰৰ পৰা নেচনেল কনফাৰেন্স দলৰ চৰকাৰক সমৰ্থন আগবঢ়াব কংগ্ৰেছে ।

Congress-NC Alliance: জম্মু-কাশ্মীৰৰ নতুন চৰকাৰক বাহিৰৰ পৰাহে সমৰ্থন কৰিব কংগ্ৰেছে !

ফাৰুক আৰু ওমৰ আব্দুল্লাৰ সৈতে ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

Updated On: 

16 Oct 2024 11:41 AM

১০ বছৰৰ পাছত জম্মু-কাশ্মীৰে লাভ কৰিব এখন নিৰ্বাচিত চৰকাৰ । ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব ওমৰ আব্দুল্লাই। মনকৰিবলগীয়া যে, জম্মু-কাশ্মীৰৰ ওমৰ আব্দুল্লা চৰকাৰৰ অংশহৈ থাকিব বিচৰা নাই কংগ্ৰেছে । নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছে মিত্ৰতাৰে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নেচনেল কনফাৰেন্স দলৰ চৰকাৰৰ লগত প্ৰত্যক্ষভাৱে নাথাকে কংগ্ৰেছে ।

সূত্ৰ অনুসৰি, প্ৰত্যক্ষভাৱে ওমৰ আব্দুল্লা চৰকাৰৰ সৈতে নাথাকিলেও বাহিৰৰ পৰা নেচনেল কনফাৰেন্স দলৰ চৰকাৰক সমৰ্থন আগবঢ়াব কংগ্ৰেছে । কংগ্ৰেছেৰ এই সিদ্ধান্তই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে । অৱশ্যে কংগ্ৰেছে এতিয়ালৈ এই সিদ্ধান্ত সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই ।

উল্লেখ্য যে, ১০ বছৰৰ পাছত অনুষ্ঠিত হোৱা নিৰ্বাচনটোত নেচনেল কনফাৰেন্স দলে ৯০ খন আসনৰ ভিতৰত ৪২ খন আসন লাভ কৰে । ইয়াৰ বিপৰীতে তেওঁলোকৰ মিত্ৰদল কংগ্ৰেছে ৬ খন আসন লাভ কৰে । আজি মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাই শপত গ্ৰহণ কৰাৰ পূৰ্বেই এই খবৰে ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰিছে ।

প্ৰকাশিত খবৰ অনুসৰি, নেচনেল কনফাৰেন্স দলৰ চৰকাৰত নাথাকিলেও কংগ্ৰেছে বাহিৰৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে। জানিব পৰা মতে, আনকি চৰকাৰৰ কোনো মন্ত্ৰী পদও গ্ৰহণ নকৰে কংগ্ৰেছে ।

ইফালে, দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, জম্মু-কাশ্মীৰ নিৰ্বাচনত আশা কৰা ধৰণে ফলাফলৰ নোপোৱাৰ বাবেই কংগ্ৰেছে চৰকাৰৰ অংশ নোহোৱাৰ সিদ্ধান্ত লৈছে। নেচনেল কনফাৰেন্স দলে যিহেতু বৃহৎ সংখ্যক আসন লাভ কৰিছে । গতিকে চৰকাৰৰ সকলো ক্ষমতা দলটোৰ হাতত থাকিব। তদুপৰি আশানুৰূপ মন্ত্ৰী পদ নোপোৱাৰ বাবেই কংগ্ৰেছে এই সিদ্ধান্ত লৈছে বুলি কোৱা হৈছে ।

আজিৰ শপতগ্ৰহণৰ অনুষ্ঠানৰ বাবে নেচনেল কনফাৰেন্স দলে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলক আমন্ত্ৰণ জনাইছে। জানিব পৰা মতে, ওমৰ আব্দুল্লাৰ শপতগ্ৰহণ অনুষ্ঠানত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে উপস্থিত থাকিব ।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?