মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনাই শোক প্ৰস্তাৱ কংগ্ৰেছৰঃ ছোনিয়া গান্ধীয়ে ক’লে এইদৰে….
মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া কংগ্ৰেছ ৱ’ৰ্কিং কমিটিয়ে এক বৈঠকত মিলিত হৈ শোক প্ৰস্তাৱ গৃহীত কৰে। কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধীয়েও মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছে এক্স যোগে ছোনিয়া গান্ধীৰ এই শোক বাৰ্তা প্ৰকাশ কৰিছে। এই শোক বাৰ্তাত ছোনিয়া গান্ধীয়ে মনমোহন সিঙৰ মৃত্যু তেওঁৰ বাবে এক গভীৰ ব্যক্তিগত ক্ষতি বুলি উল্লেখ কৰে।
বৃ্হস্পতিবাৰে নিশা দেহাৱসান ঘটে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুৱে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। সমগ্ৰ দেশে তেখেতৰ ব্যক্তিত্ব আৰু দেশৰ প্ৰতি আগবঢ়াই যোৱা অৱদানক সুঁৱৰি সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনাইছে। মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া কংগ্ৰেছ ৱ’ৰ্কিং কমিটিয়ে এক বৈঠকত মিলিত হৈ শোক প্ৰস্তাৱ গৃহীত কৰে। কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধীয়েও মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
কংগ্ৰেছে এক্স যোগে ছোনিয়া গান্ধীৰ এই শোক বাৰ্তা প্ৰকাশ কৰিছে। এই শোক বাৰ্তাত ছোনিয়া গান্ধীয়ে মনমোহন সিঙৰ মৃত্যু তেওঁৰ বাবে এক গভীৰ ব্যক্তিগত ক্ষতি বুলি উল্লেখ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক নিজৰ বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক বুলি অভিহিত কৰি ছোনিয়া গান্ধীয়ে লগতে মনমোহন সিং আচৰণত অত্যন্ত নম্ৰ আছিল যদিও অত্যন্ত দৃঢ় আছিল বুলি লগতে কয়।
“মনমোহন সিঙৰ মৃত্যুৰ লগে লগে আমি এনে এজন নেতাক হেৰুৱাইছো যি বুদ্ধিমত্তা, আভিজাত্য আৰু নম্ৰতাৰ প্ৰতিমূৰ্তি আছিল, যিগৰাকীয়ে সম্পূৰ্ণ হৃদয় আৰু মনেৰে দেশৰ সেৱা কৰিছিল।”- তেওঁ লগতে কয়। কংগ্ৰেছ দলৰ বাবে এগৰাকী উজ্জ্বল আৰু প্ৰিয় পথ প্ৰদৰ্শক মনমোহন সিঙৰ মমতা আৰু দৃষ্টিভংগীয়ে লাখ লাখ ভাৰতীয়ৰ জীৱন শক্তিশালী কৰি তুলিছিল বুলি ছোনিয়া গান্ধীয়ে লগতে শোক বাৰ্তাত উল্লেখ কৰে।
কংগ্ৰেছ নেত্ৰীগৰাকীয়ে লগতে মনমোহন সিঙৰ নিৰ্মল হৃদয় আৰু উৎকৃষ্ট বুদ্ধিমত্তাৰ বাবে দেশৰ জনসাধাৰৰ প্ৰিয় আছিল বুলিও দোহাৰে। বিশ্বৰ বিভিন্ন দেশৰ নেতৃত্ব আৰু পণ্ডিতসকলেও মনমোহন সিঙক সন্মান আৰু প্ৰশংসা কৰে বুলি উল্লেখ কৰি ছোনিয়া গান্ধীয়ে লগতে সিঙে ভাৰতলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই আনিছিল বুলি মন্তব্য কৰে।
ছোনিয়া গান্ধীয়ে কয়, “সামাজিক ন্যায়, ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁৰ দায়বদ্ধতা গভীৰ আৰু অটল। তেওঁৰ লগত যিকোনো সময় কটাব পৰাটো আছিল তেওঁৰ জ্ঞান আৰু প্ৰজ্ঞাৰ দ্বাৰা আলোকিত হোৱা, তেওঁৰ সততা আৰু সততাৰ দ্বাৰা আপ্লুত হোৱা আৰু তেওঁৰ প্ৰকৃত নম্ৰতাৰ দ্বাৰা আপ্লুত হোৱা।”
মনমোহন সিঙে জাতীয় জীৱনত এনে এক শূন্যতা এৰি থৈ গৈছে আৰু এই শূন্যতা কেতিয়াও পূৰণ কৰিব নোৱাৰি বুলিও তেওঁ লগতে কয়। “আমি কংগ্ৰেছ দল তথা ভাৰতৰ জনসাধাৰণে সদায় গৌৰৱ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি থাকিম যে আমাৰ ওচৰত ড° মনমোহন সিঙৰ দৰে এজন নেতা আছিল, যাৰ অৱদান ভাৰতৰ প্ৰগতি আৰু উন্নয়নত অতুলনীয়।”- গান্ধীয়ে লগতে এইদৰে কয়।
বৈঠকত গৃহীত হোৱা শোক প্ৰস্তাৱত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে ড০ মনমোহন সিঙক প্ৰকৃত ৰাজনীতিবিদ বুলি অভিহিত কৰে। ড° মনমোহন সিঙৰ জীৱন আৰু কৰ্মৰাজিয়ে ভাৰতৰ ভৱিষ্যতৰ দিশ দেখুৱাইছিল বুলি উল্লেখ কৰে সমিতিয়ে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, কে চি ভেনুগোপাল আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি দলীয় নেতৃত্বই দলৰ মুখ্য কাৰ্যালয়ত বৈঠকত অংশগ্ৰহণ কৰি ড° মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনায়।