জেহাদ চলি থাকিব, কাশ্মীৰত গুলীৰ শব্দ শুনি থাকিব…পহলগাম আক্ৰমণৰ তিনিদিন পূৰ্বে সকীয়নি দিছিল লস্কৰ ই তৈবাই
ৰাৱালকোটৰ এক বৈঠকত লস্কৰৰ কমাণ্ডাৰ আবু মুছাই মঞ্চৰ পৰাই ভাৰতক মুকলিকৈ ভাবুকি দিছিল । তেওঁ কৈছিল যে জেহাদ চলি থাকিব, কাশ্মীৰত পুনৰ বন্দুকৰ গৰ্জন হ'ব আৰু শিৰশ্ছেদো চলি থাকিব ।

প্ৰতীকী ছবি
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছে । সূত্ৰ অনুসৰি এই আক্ৰমণত ৩০ জন পৰ্যটকৰ মৃত্যুৰ আশংকা কৰা হৈছে । আন বহু লোক গুৰুতৰভাৱে আহত হৈছে । একে সময়তে যদি আমি ৩ দিন আগৰ ঘটনা এটালৈ চকু ফুৰাওঁ তেন্তে ক’ব পাৰি যে ১৯ এপ্ৰিলত ৰাৱালকোটত এই আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল । কিছুদিন পূৰ্বে ৰাৱালকোটত লস্কৰ-ই-তৈবা আৰু জম্মু-কাশ্মীৰ ইউনাইটেড মুভমেন্টৰ সন্ত্ৰাসবাদীৰ এখন বৈঠক অনুষ্ঠিত হৈছিল ।
ৰাৱালকোটৰ এই বৈঠকত লস্কৰৰ কমাণ্ডাৰ আবু মুছাই মঞ্চৰ পৰাই ভাৰতক মুকলিকৈ ভাবুকি দিছিল । তেওঁ কৈছিল যে জেহাদ চলি থাকিব, কাশ্মীৰত পুনৰ বন্দুকৰ গৰ্জন হ’ব আৰু শিৰশ্ছেদো চলি থাকিব । এই বক্তব্য নিজৰ মাজতে ভাৰতৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণাৰ দৰে আছিল । এইজনেই আবু মুছা যাৰ নেতৃত্বত কাশ্মীৰ উপত্যকাত বহু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । ২০২৫ চনৰ ১৭ মাৰ্চত কুপৱাৰাত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে হত্যা কৰা সন্ত্ৰাসবাদী আকিফ হালিমৰ স্মৃতিত এই বৈঠক আহ্বান কৰা হৈছিল ।
আৰক্ষীৰ পোছাক পিন্ধি আহিছিল সন্ত্ৰাসবাদী
যদি নিৰাপত্তাৰক্ষীৰ সূত্ৰক বিশ্বাস কৰিব লাগে তেন্তে পহলগাম আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে কেইবাবাৰো অঞ্চলটোৰ অধ্যয়ন চলাইছিল । কেৱল এয়াই নহয়, ঘটনাৰ দিনা আক্ৰমণকাৰীয়ে আৰক্ষীৰ পোছাক পিন্ধি আহিছিল যাতে কোনেও সন্দেহ নকৰে । পৰ্যটকক টাৰ্গেট কৰি নাম সোধাৰ পিছত গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণৰ উদ্দেশ্য উপত্যকাটোত আতংকৰ পৰিৱেশ সৃষ্টি কৰি পৰ্যটন উদ্যোগৰ ক্ষতি কৰা ।
সেনাৰ প্ৰতিশোধমূলক অভিযান আৰম্ভ
এই আক্ৰমণৰ পিছত ভাৰতীয় সেনাই ততাতৈয়াকৈ পহলগাম অঞ্চলত যৌথ অনুসন্ধান অভিযান আৰম্ভ কৰে । অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । নেচনেল ৰাইফলছৰ দলসমূহেও এই অভিযানত যোগদান কৰিছে । সন্ত্ৰাসবাদীৰ সন্ধানৰ বাবে অঞ্চলটো সম্পূৰ্ণৰূপে ছীল কৰি ৰখাৰ লগতে সন্দেহজনক কাৰ্যকলাপৰ ওপৰত নজৰ ৰখা হৈছে ।
জম্মুত উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান
ঘটনাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ততাতৈয়াকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে । দিল্লীত এক উচ্চ পৰ্যায়ৰ বৈঠকৰ অন্তত নিজেই জম্মু-কাশ্মীৰলৈ ৰাওনা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । জম্মুৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰা হৈছে, য’ত জম্মু আৰক্ষীৰ আই জি ভীম সেন টুটি আৰু সংমণ্ডল আয়ুক্ত ৰমেশ কুমাৰৰ অধ্যক্ষতাত পৰিস্থিতি পুনৰীক্ষণ কৰা হ’ব । বৈঠকত নিৰাপত্তাৰ পৰিস্থিতি আৰু ভৱিষ্যতৰ কৌশল সন্দৰ্ভত আলোচনা কৰা হ’ব ।