Constitution Day of India: আজি ‘সংবিধান দিৱস’: জানক ইয়াৰ ইতিহাস,গুৰুত্ব আৰু কিয় পালন কৰা হয়…

Constitution Day 2024: আজি সংবিধান দিৱস। এই বিশেষ দিনটোত সমগ্ৰ দেশে পালন কৰিছে সংবিধান দিৱস। সংবিধানে ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছিল। আজিৰ দিনটোতেই ৭৫ বছৰ আগতে আমাৰ দেশে সংবিধান গ্ৰহণ কৰিছিল। যাৰ বাবে এই দিনটোত এই দিৱস পালন কৰা হয়।

Constitution Day of India: আজি সংবিধান দিৱস: জানক ইয়াৰ ইতিহাস,গুৰুত্ব আৰু কিয় পালন কৰা হয়...

সংবিধান দিৱস

Updated On: 

26 Nov 2024 12:50 PM

আজি ৰাষ্ট্ৰীয় সংবিধান দিৱস। ২০২৪ চনৰ ২৬ নৱেম্বৰত সম্পূৰ্ণ হ’ল ভাৰতৰ সংবিধানৰ গৌৰৱজ্জ্বল ৭৫ বছৰ। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত ইয়াক গৃহীত কৰা হৈছিল। সেয়ে আজি দেশে উদযাপন কৰিছে সংবিধান গ্ৰহণৰ ৭৫ সংখ্যক জয়ন্তী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদিকে ধৰি বিভিন্নজনে এই দিৱসৰ শুভকামনা জনাইছে।

এই দিনটোৰ লগত সংগতি ৰাখিয়েই আজি দিল্লীত ‘আমাৰ সংবিধান আমাৰ স্বাভিমান’ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীও উপস্থিত থাকে। আজি দুয়োখন সদনত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে।

কেতিয়াৰ পৰা পালন কৰা হয়

প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটোত সংবিধান দিৱস পালন কৰা হয়। এই দিনটো গুৰুত্বপূৰ্ণ কিয়নো ১৯৪৯ চনৰ এই দিনটোতেই আমাৰ দেশে সংবিধান গ্ৰহণ কৰিছিল। ড০ ভীমৰাও আম্বেদকাৰৰ ১২৫ সংখ্যক জন্ম জয়ন্তীত ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উদযাপন কৰাৰ ঘোষণা কৰিছিল। তেতিয়াৰ পৰা  অৰ্থাৎ ২০১৫ চনৰ পৰা এই দিনটোত দেশে ‘সংবিধান দিৱস’ (constitution day) হিচাপে পালন কৰে। ইয়াৰ উদ্দেশ্য হৈছে নাগৰিকসকলৰ মাজত সাংবিধানিক মূল্যবোধৰ প্ৰতি সজাগতা বৃদ্ধি কৰা।

কিয় পালন কৰা হয়

সংবিধান দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে জনতাৰ মাজত সংবিধানৰ মূল্যবোধৰ সজাগতা বৃদ্ধি কৰা। ইয়াৰ লগতে ড০ বি আৰ আম্বেদকাৰৰ প্ৰতি সন্মান জনোৱা, সাংবিধানিক মূল্যবোধ, অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি জনতাৰ মাজত সজাগতা বৃদ্ধি কৰা  এই দিৱসৰ মূল উদ্দেশ্য। ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে পৰিচিত ড০ আম্বেদকাৰে সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষতা কৰিছিল।

সংবিধানে ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছিল। ই নাগৰিকসকলক ন্যায়, সমতা আৰু ভাতৃত্ববোধৰ ওপৰত নিশ্চিয়তা প্ৰদান কৰে। এই দিনটোত জাতীয় ঐক্যৰ ওপৰত গুৰুত্ব আলোকপাত কৰাৰ লগতে ন্যায়,স্বতন্ত্ৰতা, একতা আৰু ভাতৃত্ববোধত গুৰুত্ব দিয়ে।

ইতিহাস

ভাৰত চৰকাৰৰ আইন, ১৯৩৫ ৰ পাছত ভাৰতক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাৰে প্ৰতিষ্ঠা কৰাৰ চিন্তা চৰ্চা কৰা হৈছিল। ইয়াৰ পাছত ১৯৪৬ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ অধ্যক্ষতাত এখন সংবিধান সভা গঠন কৰা হয়। ইয়াত ড০ বি আৰ আম্বেদকাৰ, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লৱভাই পেটেলতে ধৰি ৩৮৯ জন সদস্য আছিল। তাৰ পাছত ১৯৪৬ চনৰ ৯ ডিচেম্বৰ প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ বৈঠকত সভাপতিত্ব কৰে ৰাজেন্দ্ৰ প্ৰসাদে। পাছত সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ কাম আম্বেদকাৰৰ অধ্যক্ষতাত থকা এখন সমিতিৰ ওপৰত ন্যস্ত কৰে।

১৯৪৮ চনত আম্বেদকাৰে সংবিধান সভাত এখন খচৰা দাখিল কৰে। দুবছৰৰ অধিক সময় আৰু ১১ টাকৈ অধিবেশনৰ সত্ৰত আলোচনা হোৱাৰ পাছত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত কেইবাটাও সংশোধনী কৰি খচৰা গ্ৰহণ কৰা হয়। তাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী হয় আৰু তেতিয়াৰ পৰা এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। ভাৰতীয় সংবিধান বিশ্বৰ ভিতৰতে দীঘল লিখিত সংবিধান।

দীঘল সংবিধান

ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণত ১,১৭,৩৬০ টা শব্দ আছে। এই সংবিধান হিন্দী আৰু ইংৰাজী দুটা ভাষাত আছে। ভাৰতীয় সংবিধানত এটা প্ৰস্তাৱনা, ৪৪৮ টা অনুচ্ছেদ, ২২ টা অংশ, ১২ টা অনুসূচী, ৫ টা পৰিশিষ্ট আৰু ১১৫ টা সংশোধনী আছে। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ বাবে দুবছৰ ১১ মাহ ১৮ দিন সময়ৰ প্ৰয়োজন হৈছিল। ভাৰতৰ সংবিধানৰ বিশেষত্ব এয়াই যে ইয়াক  হাতেৰে লিখা হৈছিল। এই সংবিধান ইটালিক শৈলীত লিখিছিল কেলিগ্ৰাফাৰ প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাই। ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক ​​ইয়াৰ হৃদয় আৰু আত্মা বুলি গণ্য কৰা হয়। ৩২ নং অনুচ্ছেদ হৈছে ‘সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ’। ই ব্যক্তিৰ মৌলিক অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰে।

আমাৰ সংবিধান, আমাৰ সন্মান

এই দিৱসটোত সংবিধান প্ৰস্তুত কৰা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ভাৰতীয় সংবিধান ২৭১ জন পুৰুষ- মহিলাৰ কামৰ ফচল যিয়ে সংবিধান সভাৰ অংশ হিচাপে খচৰা প্ৰস্তুত কৰাত বৰঙণি আগবঢ়াইছিল। আজিৰ দিনটোত সংবিধান গ্ৰহণ কৰা ৭৫ বছৰ সম্পূৰ্ণ হ’ল যাৰ বাবে এই দিনটোত আমাৰ সংবিধান আমাৰ সন্মান (হামাৰা সংবিধান,হামাৰা সন্মান)শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰিছে। এই দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ধৰি বিৰোধী একাংশ নেতাইও অংশ গ্ৰহণ কৰিছে।

 

বৃদ্ধি পাব ছালৰ সৌন্দৰ্য! নিশা এনেদৰে ব্যৱহাৰ কৰক এলোভেৰা জেল...
ঘৰৰ মুখ্য দুৱাৰত ভুলতো নাৰাখিব এই সামগ্ৰী, হ'ব আৰ্থিক সমস্যা...
ঘৰত একেলগে ৰাখিছে নেকি নেমু-জলকীয়া? নকৰিব এনে ভুল, হ’ব দুৰ্গতি…
২০২৫ চনত এই ৰাশিসমূহৰ ওপৰত থাকিব শনিৰ আশীৰ্বাদ, সফল হ'ব পাৰিব জীৱনত!