প্ৰসংগ সীমান্তত কাঁইটীয়া তাঁৰ ! ভাৰতৰ উচ্চায়ুক্তৰ সৈতে কি আলোচনা কৰিলে বাংলাদেশৰ বৈদেশিক সচিবে ?

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই বৈঠকৰ পূৰ্বে বাংলাদেশে ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাক তলব কৰাৰ খবৰ আহিছিল। কিন্তু পিছত খবৰ আহিল যে, সীমান্তত চলি থকা উত্তেজনাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁক মাতি অনা হৈছে। কি আলোচনা হ'ল দুয়োৰে মাজত ?

প্ৰসংগ সীমান্তত কাঁইটীয়া তাঁৰ ! ভাৰতৰ উচ্চায়ুক্তৰ সৈতে কি আলোচনা কৰিলে বাংলাদেশৰ বৈদেশিক সচিবে ?

ভাৰত-বাংলাদেশ সীমান্ত

Updated On: 

13 Jan 2025 13:06 PM

ভাৰত-বাংলাদেশ সীমান্তৰ বিতৰ্কৰ মাজতে বাংলাদেশৰ বৈদেশিক সচিব জাছিম উদ্দিনে ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত দুয়োজনে সীমান্তত সৃষ্টি হোৱা উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰে। দুয়োৰে মাজত প্ৰায় ৪৫ মিনিট এই বিষয়ত আলোচনা হয় । উল্লেখ্য যে, বাংলাদেশৰ শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ ধৰিছে । বাংলাদেশত হিন্দু সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰৰ পৰা আৰম্ভ কৰি বাংলাদেশীৰ অনুপ্ৰৱেশে ভাৰতত উদ্বেগ বৃদ্ধি কৰিছে ।

মনকৰিবলগীয়া যে,সীমান্তত যাতে নিৰাপত্তা ভংগ নহয় তাৰ বাবে বি এছ এফে সীমান্তত কাঁইটীয়া তাঁৰ লগোৱাৰ ব্যৱস্থা কৰিছে। বি এছ এফে দীৰ্ঘদিন ধৰি সীমান্তত কাঁইটীয়া তাঁৰৰ লগোৱাৰ কাম কৰি আহিছে । এই সন্দৰ্ভত বাংলাদেশেও আপত্তি কৰাৰ পৰিলক্ষিত হৈছে । বাংলাদেশে অভিযোগ কৰিছে যে, ভাৰতে দ্বিপাক্ষিক চুক্তি উলংঘা কৰি ভাৰত-বাংলাদেশ সীমান্তৰ পাঁচ ঠাইত কাঁইটীয়া তাঁৰ স্থাপনৰ চেষ্টা চলাইছে। সীমান্তত ভাৰতে কাঁইটীয়া তাঁৰ দিয়াটো অকৰ্তৃত্বশীল। বাংলাদেশৰ বৈদেশিক সচিব জাছিম উদ্দিনে কয় যে, এনে কাৰ্য-কলাপে দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষতি কৰিব।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই বৈঠকৰ পূৰ্বে বাংলাদেশে ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাক তলব কৰাৰ খবৰ আহিছিল। কিন্তু পিছত খবৰ আহিল যে, সীমান্তত চলি থকা উত্তেজনাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁক মাতি অনা হৈছে। বাংলাদেশৰ বৈদেশিক সচিবক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাই কয় যে,’মই বৈদেশিক সচিবক সাক্ষাৎ কৰি সীমান্ত অপৰাধমুক্ত কৰি তোলা, অপৰাধীৰ অনুপ্ৰৱেশ ৰোধ কৰা আৰু মানৱ সৰবৰাহৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰোঁ।’

তেওঁ কয় যে, ‘সীমান্তত কাঁইটীয়া তাঁৰ স্থাপন সন্দৰ্ভত আমাৰ মাজত পাৰস্পৰিক সহমত আছে। এই সন্দৰ্ভত বিএছএফ আৰু বিজিবি (বৰ্ডাৰ গাৰ্ড বাংলাদেশ)ৰ মাজত আলোচনা চলি আছে।’ একে সময়তে বাংলাদেশৰ বৈদেশিক সচিব জাছিম উদ্দিনে কয় যে, ‘আমাৰ অনুৰোধ ভাৰতীয় বিষয়াসকলে কোনো ধৰণৰ উচটনিমূলক বক্তব্য নিদিব। কিয়নো ইয়াৰ ফলত সীমান্তত উত্তেজনা বৃদ্ধি পাব পাৰে। সীমান্তৰ সমস্যা এনেদৰে সমাধান কৰিব লাগে যাতে সীমান্তত শান্তি আৰু সম্প্ৰীতি অটুট থাকে।’

ইয়াৰ পূৰ্বে বাংলাদেশৰ গৃহ পৰিক্ৰমা উপদেষ্টা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জাহাংগীৰ আলম চৌধাৰীয়ে কয় যে, সীমান্তৰ বাংলাদেশ আৰু স্থানীয় ৰাইজৰ তীব্ৰ বিৰোধিতাৰ বাবে ভাৰতে সীমান্তত কাঁইটীয়া তাঁৰ লগোৱাৰ কাম বন্ধ কৰি দিছে। তেওঁ কয় যে, বাংলাদেশৰ সৈতে ৪১৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ভিতৰত ভাৰতে ইতিমধ্যে ৩২৭১ কিলোমিটাৰ কাঁইটীয়া তাঁৰ লগাইছে আৰু সীমান্তৰ প্ৰায় ৮৮৫ কিলোমিটাৰ মুকলি হৈ আছে।

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...